ETV Bharat / politics

ভূপেন বৰাৰ বাবে সাজু কৰি থোৱা আছে দুটাকৈ সমষ্টি : মুখ্যমন্ত্ৰী - Lok Sabha Elections

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 10:57 PM IST

BHUPEN BORAH
বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত মুখ্যমন্ত্ৰী

Bhupen Borah : 2025 চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভূপেন বৰাৰ বাবে দুটা সমষ্টি সাজু কৰি থোৱা আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

বিশ্বনাথ, 25 মাৰ্চ : "কংগ্ৰেছ দলক ভোট দিয়া মানে ৰাহুল গান্ধীক ভোট দিয়া, বিজেপিক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া ৷ ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত ৷ তেওঁৰ কাৰণে দুটা সমষ্টি সাজু কৰি থৈ দিছো ৷ 2025 চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বিজেপিত যোগদান কৰিব ভূপেন বৰাই ৷" শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মঙলবাৰে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ৰঞ্জিত দত্তৰ বাসগৃত উপস্থিত হৈ কংগ্ৰেছ দলৰ লগতে গৌৰৱ গগৈ আৰু ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাবে দুটাকৈ সমষ্টি সাজু কৰি থোৱা বুলি মন্তব্য কৰে ৷ 2025 চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে নিজকে ডাঙৰ বুলি ভবা সকলক বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে বিজেপিত যোগদান কৰিব বুলি কয় তেওঁ৷ আনহাতে শোণিতপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীজনকো তেওঁ এটা ফোন কৰিলেই বিজেপিত যোগদান কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷

তেওঁ কয় যে, যি সকলে নৰেন্দ্ৰ মোদীক ভাল পায়, বিশ্বাস কৰে তেওঁলোকে নিৰ্বাচনত বিজেপিক সহায় কৰিব, আশীৰ্বাদ কৰিব, ভোট দিব ৷ যি সকলে ৰাহুল গান্ধীৰ নেতৃত্বক বিশ্বাস কৰে তেওঁলোকে নিজেও জানে যে তেওঁলোকৰ ভৱিষ্যৎ অন্ধকাৰ ৷ ৰাহুল গান্ধীৰ নিজৰে ভৱিষ্যৎ অন্ধকাৰ, তেওঁৰ অনুগামী সকলৰ ভৱিষ্যৎ আৰু অন্ধকাৰ ৷ সেয়েহে বিগত ডেৰ মাহত কংগ্ৰেছ দলত এক বৃহৎ গৰা খহনীয়া সকলোৱে দেখা পাইছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি একো নাথাকিব, দুই-এটা সৰু সৰু পকেটতে তেওঁলোক জীয়াই থাকিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ন-পুৰণি বিজেপি সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে হাতযোৰ কৰি কয়- "ডাঙৰ মানুহ, ডাঙৰ বংশ, ডাঙৰ পৰিয়ালৰ ওপৰত মোৰ কোনো মন্তব্য নাই ৷ যদি মোক সৰু ভূপেন বৰাৰ ওপৰত সোধে তেতিয়া মন্তব্য কৰিম ৷ ভূপেন বৰা আমাৰ দৰে ঘৰৰ মানুহ ৷ যি মানুহক আমি ঢুকি নাপাওঁ সেই মানুহৰ ওপৰত কোনো মন্তব্য নকৰো ৷" এইদৰে গৌৰৱ গগৈ আৰু ভূপেন বৰাক কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, নদী গৈ সদায় সাগৰতে পৰে ৷ সেইদৰে সকলোৱে আহি এদিন বিজেপিতে যোগদান কৰিব ৷ তেওঁ কয় "এইবোৰ মোৰ কংগ্ৰেছত ফিক্সড ডিপ’জিত ৷ যেতিয়াই দৰকাৰ আমি যোগদান কৰোৱাই লম ৷"

লগতে পঢ়ক : পলমকে হ’লেও ভূপেন বৰাও আহিব বিজেপিলৈ, ১০০% নিশ্চিত : মুখ্যমন্ত্ৰী - LOK SABHA ELECTIONS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.