ETV Bharat / politics

পলমকে হ’লেও ভূপেন বৰাও আহিব বিজেপিলৈ, ১০০% নিশ্চিত : মুখ্যমন্ত্ৰী - LOK SABHA ELECTIONS

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 7:00 AM IST

Updated : Mar 25, 2024, 10:36 AM IST

Assam LS Election : অন্য নেতাসকলৰ দৰে বিজেপিলৈ আহিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ সেয়া ১০০% ই নিশ্চিত ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

LOK SABHA ELECTIONS
পলমকে হ’লেও ভূপেন বৰাও আহিব বিজেপিলৈ, ১০০% নিশ্চিত : মুখ্যমন্ত্ৰী

পলমকে হ’লেও ভূপেন বৰাও আহিব বিজেপিলৈ, ১০০% নিশ্চিত : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৫ মাৰ্চ : নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই কোন সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী কিমান ভোটত জয়ী হ’ব ত‍াৰ ভৱিষ্যতবাণী কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে সংবাদ মাধ্যমৰ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এইবাৰ লাখে লাখে জিকিব বিজেপি’’ ৷

তেওঁ কয়, ‘‘যোৰহাটত আমি দুই-আঢ়ৈ লাখ ভোটত জয়ী হ'ম । বৰপেটাত আঢ়ৈৰ পৰা তিনি লাখত, কোকৰাঝাৰত আঢ়ৈ লাখত, ডিব্ৰুগড়ত তিনি লাখত, গুৱাহাটীত চাৰে পাঁচ লাখত, লখিমপুৰত তিনি লাখত’’ ৷ নগাঁৱত ৫২-৭০ হাজাৰ ভোটত জয়ী হোৱাৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

আনহাতে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে পদবী ত্যাগ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পদত্যাগ কৰিলে বিজেপিলৈ আহিব । যিমান আছে সকলোকে লৈ আছো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সময় লাগিলেও ভূপেন বৰাই যোগদান কৰিব সেইটো মই জানো । বিধানসভা নিৰ্বাচনৰ আগে আগে যোগদান কৰাটো নিশ্চিত’’ ।

লগতে পঢ়ক : খিলঞ্জীয়া মানে অসমৰ অসমৰ তত্ত্ব, অসমৰ আত্মা : মুখ্যমন্ত্রী - Himanta Biswa Sarma At AGP Office

আনহাতে ইণ্ডিয়া এলায়েন্স সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ মিত্ৰতা পৃথিৱীত নাই । তেওঁলোকৰ মিত্ৰতা চন্দ্ৰ-সূৰ্যত থাকিব পাৰে আৰু যিটো আমি দেখা নাপাও বুলি মুখ্যমন্ত্ৰীয়ে কয় । আনহাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে সোমবাৰে পুৱাই তেওঁ বৰপেটাত কীৰ্তন ঘৰত দৌলত অংশ গ্ৰহণ কৰিব ৷ বিয়লি বটদ্ৰৱাত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী ।

ইফালে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ২৬ মাৰ্চৰ পৰা আৰম্ভ হ'ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে কয় যে ২৬ মাৰ্চত লখিমপুৰ আৰু ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰা হ'ব । আনহাতে ২৭ মাৰ্চত শোণিতপুৰ, কাজিৰঙা আৰু যোৰহাটত দাখিল কৰা হ'ব মনোনয়ন পত্ৰ ।

লগতে পঢ়ক : টিকটৰ পৰা বঞ্চিত পত্নী : প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ ত্যাগ ভৰত নৰহৰ - Bharat Narah resigns

Last Updated :Mar 25, 2024, 10:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.