দৰং ওদালগুৰিৰ ৰেহৰূপ চালে বৰা-মহন্তই - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video

Published : March 30, 2024 at 10:20 PM IST
দৰং, 30 মাৰ্চ: অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই শনিবাৰে এক দলীয় সভাত অংশগ্ৰহণৰ বাবে মঙলদৈত উপস্থিত হয় ৷ মঙলদৈ অগপ কাৰ্যালয়ত ইফতাৰতো অংশগ্ৰহণ কৰে মন্ত্ৰী বৰাই । ইয়াৰ পাচত সাংবাদিকৰে বাৰ্তালাপত মন্ত্ৰী বৰাই বিৰোধীৰ ক্ষুৰধাৰ সমালোচনা কৰি এতিয়া বিৰোধী এইবাৰ নিশকতীয়া বুলি কটাক্ষ কৰে ।
তেওঁ লগতে কয়, কংগ্ৰেছৰ লগত যিকেইটা ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছিল সেইসকল এতিয়া বিচ্ছিন্ন । কংগ্ৰেছে টেঙা আম আৰু বিক্ৰী কৰিব নোৱাৰে । BPF ৰ লগত AIUDF ৰ মিত্ৰতাৰ প্ৰসংগতো তেওঁ মন্তব্য কৰে ৷ তেওঁ কয়, আজমলৰ জৰা ফুকাৰ দিন আৰু নাই ।
ইফালে সমাজৰ দৰিদ্ৰজনলৈকে মোদী চৰকাৰে যি আঁচনি লৈছে, তাৰ বাবে বৰ্তমান সকলো সন্তুষ্ট আৰু ৰাইজ NDA ৰ লগত আছে । মুখ্যমন্ত্ৰীয়ে কৰা পূৰ্বানুমান ফলিয়াই বুলি মন্তব্যও কৰে মন্ত্ৰী অতুল বৰাই । আনহাতে কেইদিনমান পূৰ্বে দৰং অগপৰ সভাপতিৰ কাৰ্যত অসন্তুষ্ট হৈ অগপ পৰা ৭০ গৰাকীকৈ নেতা-কৰ্মীয়ে পদত্যাগ কৰা বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অগপৰ সভাপতিগৰাকীয়ে এই বিষয়ে অগপ সম্পাদক ডাঃ কমলা কলিতাৰ লগত আলোচনা কৰিবলৈ আহ্বান জনাই ইয়াৰ আঁৰত বহুত ৰাজনীতি জড়িত হৈ আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
লগতে পঢ়ক: বড়োলেণ্ড অতিথিগৃহত বিজেপি-অগপ-ইউপিপিএলৰ যৌথ বৈঠক - Lok Sabha Election 2024