দেশৰ আশী শতাংশ নতুন ভোটাৰে বিজেপিক সমৰ্থন কৰিব: দিলীপ শইকীয়া - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:26 PM IST

thumbnail

ৰঙিয়া, 17 এপ্ৰিল: মঙলবাৰে ৰঙিয়াত অগপ দলৰ কাৰ্যালয়ৰ প্ৰাংগণত এক সভা অনুষ্ঠিত হয় । ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত মিত্ৰ দলটোৰ কাৰ্যালয়ত অগপ ৰঙিয়া সমষ্টি সমিতিয়ে সভাখন অনুষ্ঠিত কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই ভাষণত কয় যে পূৰ্বৰ দৰে বৰ্তমানেও অগপ আৰু বিজেপি দলে হাতে হাত ধৰি নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ কৰিব ।

বিজেপিৰ নেতাগৰাকীয়ে দৰং-ওদালগুৰিত তিনি ভাগৰ দুই ভাগ ভোট লাভ কৰিব বুলি আত্মবিশ্বাসেৰে কয় । সমগ্ৰ দেশৰ নতুন প্ৰজন্মৰ ২৮ লাখ ভোটাৰৰ ৮০ শতাংশ ভোট বিজেপিয়ে লাভ কৰিব বুলিও কয় দিলীপ শইকীয়াই । তেওঁ লগতে কয় যে এইবাৰ বিজেপি দলটোৰ ৰাষ্ট্ৰীয় দায়িত্ব লাভ কৰিলেও তেওঁ গ্ৰহণ নকৰে । তাৰ সলনি সমষ্টিটোৰ ২২ লাখ লোকৰ মাজত সুখে-দুখে থাকি ৰাইজৰ হৈ কাম কৰি যাবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছে ৷

দিলীপ শইকীয়াই উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ এতিয়ালৈকে ৬৫ বাৰতকৈ বেছিকৈ আহিছে । পূৰ্বতে কোনো প্ৰধানমন্ত্ৰী এনেদৰে অসমলৈ অহাৰ নজিৰ নাই ।

লগতে পঢ়ক: কোন কোন কংগ্ৰেছ নেতাই যোগাযোগ কৰিছে বিজেপিৰ সৈতে ? ক’লে ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.