ETV Bharat / politics

কোন কোন কংগ্ৰেছ নেতাই যোগাযোগ কৰিছে বিজেপিৰ সৈতে ? ক’লে ভৱেশ কলিতাই - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:02 PM IST

লোকসভা নিৰ্বাচনৰ পিচত কোন কোন কংগ্ৰেছ নেতাই এৰিব দল ? একাংশই যোগদান কৰিব বিজেপিত, একাংশই কৰিব অগপত ৷ নামসহ ক’লে ভৱেশ কলিতাই ৷

ASSAM CONGRESS MLA JOIN BJP
ৰঙিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰঙিয়া, 17 এপ্ৰিল: অংকিতা দত্ত, দ্বিজেন শৰ্মা, শংকৰ প্ৰসাদ ৰায়, কিশোৰ ভট্টাচাৰ্য, মানস বৰা, ৰাণা গোস্বামী আদি বহু কংগ্ৰেছ নেতাৰ পদত্যাগে শেহতীয়াকৈ অসম কংগ্ৰেছত ভূমিকম্পৰ সৃষ্টি কৰিছিল ৷ কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰি নেতাকেইগৰাকীয়ে যোগদান কৰিলে শাসকীয় দলত ৷ সমান্তৰালকৈ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যয়ো যোগদান কৰিছিল অগপত ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অথবা আন বিষয়ববীয়াই স্বীকাৰ নকৰিলেও এইসকল জ্যেষ্ঠ কংগ্ৰেছীৰ দলত্যাগে যে দলটোক ক্ষতি কৰিছে সেই কথা ৰাজনৈতিক মহলত চৰ্চিত হৈছে ৷

ইয়াৰ পিচতে কিছুদিন পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো বিজেপিত যোগদান কৰিব ৷ সেই কথা ভূপেন বৰাই অস্বীকাৰ কৰিলেও বিষয়টো চৰ্চিত হৈ আছে ৷ তেনে সময়তে বুধবাৰে ৰঙিয়াত আন এক বিস্ফোৰণ ঘটালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

ভৱেশ কলিতাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে কংগ্ৰেছৰ বহু নেতাই এতিয়াও বিজেপিত যোগদান কৰিবলৈ ভৰি দাঙি আছে ৷ আনকি বহু লোকে বিজেপিত যোগদানৰ সুযোগ নাপাই অগপৰ সৈতে যোগাযোগ কৰিছে বুলিও কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

কলিতাই সদৰী কৰা অনুসৰি কংগ্ৰেছ এৰিবলৈ সাজু হোৱা সকলৰ ভিতৰত নাম আছে বহু ডাঙৰ ডাঙৰ নেতা ৷ ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, ৱাজেদ আলী চৌধুৰীৰ ক্লাৱঘৰ হৈ থাকিব কংগ্ৰেছ দলটো ৷ দল সলাই দিব পাৰে ৰেকিবুদ্দিন আহমেদেও ৷ ৰঙিয়াৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে লোকসভা নিৰ্বাচনৰ পিচতেই বহু কংগ্ৰেছ নেতা বিজেপিমুখী হ’ব ।

বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰি থকা নেতাৰ তালিকাখন যথেষ্ট দীঘলীয়া বুলিও উল্লেখ কৰে ভৱেশ কলিতাই ৷ ইফালে ভূপেন বৰাক সমাগত নিৰ্বাচনটো ভালদৰে চলাবলৈ কয় ভৱেশ কলিতাই ৷ নিৰ্বাচনৰ সময়ত ভূপেন বৰাক দলত লৈ কি হ’ব বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

কংগ্ৰেছ দলক সমালোচনা কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে অসমত এইবাৰ বিৰোধীহীন নিৰ্বাচন হ'ব ৷ কংগ্ৰেছ দলটো এটা ক্লাবলৈ পৰিণত হ’ব বুলিও কয় ভৱেশ কলিতাই ৷ তেওঁ কয় যে কংগ্ৰেছৰ হৈ যিয়েই বেছিকৈ কথা কয় তেৱেঁই পিচদিনা বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক: উদয় শংকৰ হাজৰিকাৰ ভিডিঅ' ভাইৰেল: মানৱ ডেকা সাজু হৈছে মানহানিৰ গোচৰ তৰিবলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.