ETV Bharat / politics

উদয় শংকৰ হাজৰিকাৰ ভিডিঅ' ভাইৰেল: মানৱ ডেকা সাজু হৈছে মানহানিৰ গোচৰ তৰিবলৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 8:21 PM IST

Uday Shankar Hazarika video viral: লখিমপুৰৰ বিধায়ক মানৱ ডেকাই দহ কোটি টকাৰ মানহানি আৰু চিভিল গোচৰ তৰিব কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে । ডিজিপিলৈ লিখিলে পত্র ।

Lok Sabha Election 2024
Uday Shankar Hazarika video viral

উদয় শংকৰ হাজৰিকাক উভটি ধৰিলে বিধায়ক মানৱ ডেকাই

লখিমপুৰ, ১৭ এপ্ৰিল: লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক উভতি ধৰিলে বিধায়ক মানৱ ডেকাই । উদয় শংকৰ হাজৰিকাৰ ভাইৰেল ভিডিঅ' কোনো বিকৃত ভিডিঅ' নহয়, এয়া প্ৰকৃত ভিডিঅ' বুলি দাবী বিধায়ক ডেকাৰ । দহ কোটি টকাৰ মানহানি গোচৰ তৰাৰ প্ৰস্তুতি চলাইছে মানৱ ডেকাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ এটা ভাইৰেল ভিডিঅ'ই লগাইছে তোলপাৰ । কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচতে মঙলবাৰে হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰি ভিডিঅ'টোৰ সত্যতা নস্যাৎ কৰি এই ঘটনাৰ আঁৰত কংগ্রেছৰ এগৰাকী প্ৰাক্তন সাংসদ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা জড়িত হৈ থকা বুলি অভিযোগ তোলে ।

Lok Sabha Election 2024
মানৱ ডেকাই প্ৰেৰণ কৰা পত্ৰ

উদয় শংকৰ হাজৰিকাৰ এনে অভিযোগৰ পাচতে জাঙুৰ খাই উঠিছে বিধায়ক ডেকা । তেওঁ বুধবাৰে ততাতৈয়াকৈ এখন সংবাদমেল সম্বোধন কৰি উদয় শংকৰ হাজৰিকাক উভতি ধৰে । বিধায়ক মানৱ ডেকাই কয় যে ভাইৰেল হোৱা ভিডিঅ'টো এশ শতাংশ সঁচা । যদি তেওঁ এই ভিডিঅ'টো মিছা বুলি প্ৰমাণ কৰিব পাৰে তেন্তে মানৱ ডেকাই বিধায়ক হিচাপেই নহয় বৰঞ্চ ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলিও কয় ।

তেওঁ উদয় শংকৰ হাজৰিকাক ভিডিঅ'টো মিছা বুলি প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায় । মানৱ ডেকাই কয়, "উদয় শংকৰ হাজৰিকাৰ চাৰ্টৰ বুটাম, মোবাইলৰ বুটাম অথবা পেন্টৰ বুটামৰ ওপৰত মোৰ নিয়ন্ত্রণত নাই । সেয়া তেওঁৰ ব্যক্তিগত কথা । কিন্তু ভিডিঅ' ভাইৰেল হোৱা প্ৰসংগত মোক টানি অনা বাবেহে প্ৰতি ব্যবস্থা গ্রহণ কৰিবলগীয়া হৈছে ।"

এই প্ৰসংগত মানৱ ডেকাই কয় যে ইতিমধ্যে তদন্ত বিচাৰি তেওঁ ৰাজ্যৰ ডিজিপিলৈ পত্র প্ৰেৰণ কৰিছে । উদয় শংকৰ হাজৰিকালৈ কিয় তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্রহণ কৰা নহ'ব তাৰ উত্তৰ বিচাৰি অধিবক্তাৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছে মানৱ ডেকাই । অহা ৪৮ ঘন্টাৰ ভিতৰত উত্তৰ নাপালে চিভিল আৰু দহ কোটি টকাৰ মানহানি গোচৰ তৰা হ'ব বুলি মানৱ ডেকাই জনায় ।

কেৱল এয়াই নহয়, এই সন্দৰ্ভত যিমান আইনী ব্যৱস্থা ল'ব পৰা যায় সকলো লোৱা হ'ব বুলি কয় বিধায়কগৰাকীয়ে । তেওঁ পাৰে যদি আইনী ব্যৱস্থা ল'বলৈ উদয় শংকৰ হাজৰিকাক প্ৰত্যাহ্বান জনায় । উদয় শংকৰ হাজৰিকাই তেওঁক একপ্ৰকাৰৰ ব্লেক মেইল কৰাৰো অভিযোগ তোলে মানৱ ডেকাই । তেওঁ কয়, "যোৱা ১১ এপ্রিল তাৰিখে উদয় শংকৰ হাজৰিকাৰ লগত কথা পাতিছিলো । যদি এই কথা বতৰাত কিবা আপত্তি আছিল তেন্তে উদয় শংকৰ হাজৰিকাই কিয় তাৰ পিচদিনা গোচৰ নিদিলে ? নাইবা সংবাদ মাধ্যমৰ আগত একো নক'লে ।"

কথা পতাৰ ছদিনৰ পাচত অভিযোগ তোলাৰ অন্তৰালত তেওঁৰ কু-অভিপ্রায় লুকাই থকাটো স্পষ্ট বুলি কয় মানৱ ডেকাই । তেওঁ নিজে নিৰ্লজ্জকাণ্ড কৰি বদনামৰ ভয়ত মানৱ ডেকাৰ নাম সাঙুৰি বাচিবলৈ অপচেষ্টা কৰা বুলিও কয় বিধায়কগৰাকীয়ে । উল্লেখ্য প্ৰচাৰ অভিযানৰ সামৰণিৰ আগমুহূর্তত লখিমপুৰ লোকসভা সমষ্টিত এতিয়া ভাইৰেল ভিডিঅ' কাণ্ডই দুয়োটা দলৰ মাজত আন এখন তয়াময়া যুঁজৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: বিজেপি জয়ী হ'লে ৰাছিয়াৰ পুটিনৰ দৰেই অনিৰ্দিষ্টকালৰ বাবে শাসনৰ গাদীত বহিব মোদী: পৱন খেৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.