ETV Bharat / state

দেশ-বিদেশ ভ্ৰমণৰ বাবে খোজকাঢ়ি দেৰগাঁৱত উপস্থিত কৰ্ণাটকৰ কৃষ্ণ নায়ক - Travel home and abroad on foot

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 10:55 PM IST

Promotion of Yoga
যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ

কৰ্ণাটকৰ কৃষ্ণ নায়কে ১৮ খন ৰাজ্য পদযাত্ৰা কৰি অতিক্ৰম কৰিছে ১২ হাজাৰ কিলোমিটাৰ পথ । যোগৰ শিক্ষকজনে দেৰগাঁৱৰ অসম পুলিচ প্ৰশিক্ষণ কলেজত দিলে প্ৰশিক্ষণ ।

যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ

গোলাঘাট, ১২ এপ্ৰিল: যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ, স্বাস্থ্যৰ প্ৰতি সজাগতাৰ লগতে প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্য আগত ৰাখি কৰ্ণাটকৰ মহীশূৰৰ পৰা এজন যুৱকে খোজকাঢ়ি আৰম্ভ কৰিছে যাত্ৰা । কৃষ্ণ নায়ক নামৰ যোগৰ শিক্ষকজনে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল ভ্ৰমণৰ উদ্দেশ্যেৰে আৰম্ভ কৰিছে এই যাত্ৰা ৷ সুদুৰ কৰ্ণাটকৰ পৰা খোজকাঢ়ি আজি ডেৰবছৰ পদযাত্ৰা কৰি দেৰগাঁৱত উপস্থিত হয় কৃষ্ণ নায়ক নামৰ যোগ শিক্ষকজন । বৰ্তমানলৈকে তেওঁ ১৮ খন ৰাজ্য পদযাত্ৰা কৰি অতিক্ৰম কৰিছে ১২ হাজাৰ কিলোমিটাৰ পথ ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ এই প্ৰসংগত কয় যে জনগণৰ মাজত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ, স্বাস্থ্যৰ প্ৰতি সজাগতাৰ লগতে প্ৰকৃতি সুৰক্ষা কৰিবলৈ এনেধৰণৰ যাত্ৰা আৰম্ভ কৰা হৈছে । আজি তেওঁ খোজকাঢ়ি গোলাঘাটত উপস্থিত হৈ দেৰগাঁৱৰ অসম পুলিচ প্ৰশিক্ষণ কলেজত প্ৰশিক্ষণ লৈ থকা মণিপুৰৰ নৱনিযুক্ত আৰক্ষী প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে ।

যোগবিদ কৃষ্ণ নায়কে যোগৰ গুৰুত্বৰ বিষয়ে অৱগত কৰি যোগৰ প্ৰশিক্ষণৰ জৰিয়তে কেনেদৰে উপকৃত হ'ব পাৰি সেই বিষয়ে ব্য়াখ্য়া কৰে। ইয়াৰে পাচতে দেৰগাঁৱৰ অসমীয়া মাধ্যমৰ দুখন আগশাৰী বিদ্যালয় দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক -শিক্ষয়িত্ৰীসকলক যোগৰ গুৰুত্ব, প্ৰকৃতি সুৰক্ষাৰ বিষয়ে ব্য়াখ্য়া কৰে । লগতে তেওঁ যোগৰ কিছু প্ৰশিক্ষণো আগবঢ়ায় ।

ইয়াৰ পাচতে তেওঁ দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱ দ’ল পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে । যোগ শিক্ষকজন দেৰগাঁৱত উপস্থিত হোৱাৰ লগে-লগে বিভিন্ন দল -সংগঠনে তেওঁক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । তেওঁৰ এই যাত্ৰাৰ দেৰগাঁৱত সহযোগ কৰে সংবাদকৰ্মী মাধুৰ্য্য বৰা ,যোগ শিক্ষক সুৰজিত শইকীয়া, সমাজকৰ্মী অশোক সিংহী আদিয়ে ।

লগতে পঢ়ক:ৰাছিয়াৰ নিকিতাক হাস্পতাল পোৱালেগৈ কাজিৰঙাৰ গঁড়ে - Assam One Horned Rhino

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.