Bihar Election Results 2025

ETV Bharat / state

ৰাছিয়াৰ নিকিতাক হাস্পতাল পোৱালেগৈ কাজিৰঙাৰ গঁড়ে - Assam One Horned Rhino

Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰি গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰাছিয়াৰ পৰ্যটক ।

rhino attacks a russian tourist at kaziranga national park
গঁড়ে আঘাতপ্ৰাপ্ত কৰিলে পৰ্যটকক
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 4:26 PM IST

2 Min Read
Choose ETV Bharat
গঁড়ে আঘাতপ্ৰাপ্ত কৰিলে পৰ্যটকক

গোলাঘাট, 28 মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন ৷ গঁড়ৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় এজন ৰাছিয়ান পৰ্যটক ৷ বোকাখাতৰ ছহীদ কমলা মিৰি চিকিৎসালয়ত বুধবাৰে ৰাছিয়ান পৰ্যটকজনক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷ কঁহৰাত চিকিৎসাধীন লোকজন বুধবাৰে বোকাখাতত উপস্থিত হোৱাৰ পিচত কোনো লোকে আনি তেওঁক বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷

জানিব পৰা মতে, ৰাছিয়ান পৰ্যটকজনৰ নাম নিকিতা কৰিয়াভস্কিন ৷ পৰ্যটকজনক ২৪ তাৰিখৰ পুৱা কঁহৰা বনাঞ্চলৰ বৰবিল গাঁৱত মৰা ডিফলু নদীৰ পাৰত বৰবিল বন শিবিৰৰ বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰিছিল আৰু কৰায়ত্ব কৰি কঁহৰা আৰক্ষী চকীত অৰ্পণ কৰিছিল ৷ কঁহৰা আৰক্ষীয়ে পৰ্যটকজনক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি হোম ষ্টেত থাকিবলৈ দিছিল ৷ চিকিৎসাধীন অৱস্থাতে কঁহৰাত ঘূৰি ফুৰা ৰাছিয়ান পৰ্যটকজন বৃহস্পতিবাৰে আহি বোকাখাতত উপস্থিত হোৱাত স্থানীয় লোকে আহত পৰ্যটকজনক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷

শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা ৰাছিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ নিকিতা কৰিয়াভস্কিন নামৰ ৰাছিয়ান পৰ্যটকজনে জনোৱা মতে কলকাতাৰ পৰা তেওঁ 22 মাৰ্চত অসমলৈ আহে আৰু 24 মাৰ্চত কাজিৰঙা পায়হি ৷ তেওঁ জানিবলৈ দিয়া মতে, বাছ আৰু পদযাত্ৰাৰে আহি তেওঁ কাজিৰঙা পায়হি ৷ বন্যপ্ৰাণী আৰু ব্ৰহ্মপুত্ৰ নদী চাবৰ বাবে তেওঁ বনাঞ্চলত প্ৰৱেশ কৰিছিল ৷ বনাঞ্চলত তেওঁক গঁড়ে খেদে ৷ গঁড়ৰ আক্ৰমণৰ ফলতেই দেহত আঘাত পোৱাৰ কথা সদৰী কৰে পৰ্যটকজনে ৷

ইফালে কাজিৰঙাৰ বৰবিল বন শিবিৰৰ বনকৰ্মীৰ মতে 24 মাৰ্চৰ পুৱাতেই ব্ৰহ্মপুত্ৰ নহয় তেওঁ বৰবিল গাঁৱৰ সীমাৰে যোৱা মৰা ডিফলু নদীত সাঁতুৰি কাজিৰঙাত সোমাবলৈ চেষ্টা কৰাৰ বাবে আটক কৰি কঁহৰা আৰক্ষীক অৰ্পণ কৰা হৈছিল ৷ আৰক্ষীৰ জিম্মাতে কঁহৰাত চিকিৎসাধীন অৱস্থাত বুধবাৰে বোকাখাতত উপস্থিত হয় তেওঁ ৷

লগতে পঢ়ক : পেট্ৰ’লিং দিবলৈ গৈ কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰিলে মৃত গঁড় - Assam One Horned Rhino