ETV Bharat / state

গোসাঁই বিহুৰ মহত্ব: জানো আহক কি দৰে অসমীয়াই ধৰি ৰাখিছে নিজ পৰম্পৰা... - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:37 AM IST

Updated : Apr 15, 2024, 10:44 AM IST

আজি গোসাঁই বিহু
আজি গোসাঁই বিহু

Gosai Bihu : আজি গোসাঁই বিহু ৷ ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই আজি পালন কৰিব গোসাঁই বিহু ৷ আপুনি জানেনে বাৰু গোসাঁই বিহুৰ মহত্ব বা তাৎপৰ্য ? বিহুৰ বিশেষজ্ঞ তথা লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াৰ মুখেৰে জানো আহক এই বিহুৰ বিশেষত্ব...

আজি গোসাঁই বিহু

ডিব্ৰুগড় , ১৫ এপ্ৰিল :

‘‘চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি ফুলিলে ভেবেলি লতা,

কৈনো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা ৷’’

অসমীয়া হৃদস্পন্দন আটাইকেইটা বিহুৰ ভিতৰত বাপোতি সাহোন ৰঙালী বিহুটি অন্যতম । ৰঙালীৰ আনন্দ উল্লাসত মতলীয়া হৈছে ৰাজ্যৰ প্ৰতিজন চহা অসমীয়া । শনিবাৰৰ দিনটোত পৰম্পৰা ৰক্ষা কৰি প্ৰতিজন চহা অসমীয়াই গৰু বিহু পালন কৰাৰ পাছতেই ৰঙালী বিহুৰ দ্বিতীয় দিনা উদযাপন কৰিলে মানুহ বিহু ।

মানুহ বিহুৰ দিনটোত পুৱা গা-পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ প্ৰথা প্ৰচলিত । অসমীয়া বছৰৰ প্ৰথমটো দিনত পৰিয়ালৰ জ্যেষ্ঠজনে সমগ্ৰ বছৰটো কুশলে পাৰ হ'বলৈ আশীৰ্বাদ দিয়াৰ লগতে সেইদিনাই আপোনজনে বিহুৱান দি চেনেহ জনায় ।

আজি গোসাঁই বিহু । ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই আজি উদযাপন কৰিছে গোসাঁই বিহু । এই বিহুৰ দিনটোত সকলোৱে পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে । লগতে ধূপ-দ্বীপ, নৈবেদ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । আজিৰ এই দিনটোতে পৰম্পৰা অনুসৰি ঠায়ে ঠায়ে ব্যাপক আয়োজন কৰাও দেখা যায় ।

লগতে পঢ়ক : সময়ৰ সোঁতত ক্ৰমবিকাশ হৈছে বিহুৰ: ড৹ অনিল শইকীয়া - Rangali Bihu 2024

কিছু কিছু ঠাইত আজিৰ দিনটোত সত্ৰ-নামঘৰত দিনযোৰা কাৰ্যসূচীৰে নাম কীৰ্তন অনুষ্ঠিত কৰে ৷ বিহু আনন্দ উল্লাসৰ মাজতেই আধ্যাত্মিকতাৰ পৰিৱেশত নিজক বিলীন কৰে প্ৰতিজন অসমীয়াই । আজি গোসাঁই বিহুক সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়ায় বিহুৰ বিশেষজ্ঞ, লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াই ।

ড৹ অনিল শইকীয়াই গোসাঁই বিহুৰ সম্পৰ্কত কয় , ‘‘গোসাঁই বিহুৰ শব্দটো আধুনিক । বৈষ্ণৱ ধৰ্ম অহাৰ পাছতেই গোসাঁই বিহুৰ শব্দটো আহিছে । ঠাই ভেদে আজি এই গোসাঁই বিহুক ভিন্ন নামে নামাকৰণ কৰা হয়’’ ।

লগতে পঢ়ক : শিবিৰত হুঁচৰি জুৰিলে আলফা(স্বা)ই: প্ৰেৰণ কৰিলে ভিডিঅ’ - Bohag Bihu

Last Updated :Apr 15, 2024, 10:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.