ETV Bharat / state

দখলা অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰে মনোৰঞ্জন দিছে এদল ছাত্ৰীয়ে - Viral girl Band Party

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 5:52 PM IST

Sister Music Band party
অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টী

Band party: বিহুৰ সাজত ছাত্ৰীৰ দ্বাৰা বেণ্ডপাৰ্টী । এক ব্য়তিক্ৰমী প্ৰয়াস বিজয়নগৰৰ দখলা অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰ ।

অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টী

নলবাৰী, ৯ এপ্ৰিল: হেপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন । এইবাৰ এফালে লোকসভা নিৰ্বাচনৰ গৰম বতাহ আৰু আনফালে ৰঙালীৰ বাবে প্ৰস্তুতি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুনাচৰ আখৰাত ব্যস্ত শিশুৰ পৰা আৰম্ভ কৰি যুৱতীসকল । পিছে এইসকলোবোৰক লৈ চৰ্চা হৈ থকাৰ সময়তেই বেণ্ডপাৰ্টীত অংশগ্ৰহণ কৰা এদল ছাত্ৰীক লৈ ৰাইজৰ মাজত চলিছে আলোচনা । কাৰণ যি সময়ত বেণ্ডপাৰ্টী নৱ প্ৰজন্মৰ মাজত এলাগী হ'বলৈ ধৰিছে সেই সময়তেই এইসকল ছাত্ৰীয়ে অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে ওলাই অহাত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বিজয়নগৰ দখলাৰ অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰ এইসকল ছাত্ৰীয়ে এতিয়া ৰাইজৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে ।

ৰঙালী বিহুৰ প্ৰাকক্ষণত বিহুৰ সাজত ছাত্ৰীৰ দ্বাৰা গঠিত এটি বেণ্ডপাৰ্টী দল । প্ৰায় ৯ মাহ পূৰ্বে ৰাইজৰ মাজলৈ অহা ছাত্ৰীৰ বেণ্ডপাৰ্টী দলটোৱে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ বিজয়নগৰ দখলাৰ অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰ এইসকল ছাত্ৰীৰ অসমীয়া কৃষ্টি বেণ্ডপাৰ্টী জীয়াই ৰখাৰ স্বাৰ্থত লগতে অৰ্থ উপৰ্জনেৰে অধ্যয়নৰ খৰচ উলিওৱাৰ চেষ্টা চলাইছে ।

পশ্চিম নলবাৰীৰ নতুন খেলুৱাত সোমবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীশ্ৰীকালী পূজা আৰু সভা মহোৎসৱত বিহুৰ সাজত ছাত্ৰীৰ দ্বাৰা গঠিত এই বেণ্ডপাৰ্টী দলটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । সংস্কৃতিবান ব্যক্তি হৰমোহন দাসৰ ব্যতিক্ৰমী চিন্তাৰে ছাত্ৰী সকলক প্ৰশিক্ষণ দি উলিওৱা হৈছে বেণ্ডপাৰ্টী দলটো । মহিলাৰ এই বেণ্ডপাৰ্টী দলটোৱে ৰাইজক আমোদ দিয়ে । তেওঁলোকে এই বেণ্ডপাৰ্টীৰ জৰিয়তে বিভিন্ন গীত পৰিৱেশন কৰে ।

লগতে পঢ়ক:কোকৰাঝাৰত বিহু-বাগৰুম্বা নৃত্যৰ কৰ্মশালাৰ সামৰণি - Bihu Dance Workshop

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.