ETV Bharat / state

কোকৰাঝাৰত বিহু-বাগৰুম্বা নৃত্যৰ কৰ্মশালাৰ সামৰণি - Bihu dance workshop

Rongali Bihu:ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন ৷ ৩০০ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা বিহু,বাগৰুম্বা,গোৱালিনী আৰু কুশান নৃত্য প্ৰদৰ্শন ৷ এনে সম্প্ৰীতিয়ে ভাতৃত্ববোধ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য় এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীৰ ৷

Rongali Bihu preparation
ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি
author img

By ETV Bharat Assamese Team

Published : April 9, 2024 at 3:52 PM IST

2 Min Read
Choose ETV Bharat
ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

কোকৰাঝাৰ, ৯ মাৰ্চ: লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্য়জুৰি চলিছে অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ইয়াকে কেন্দ্ৰ কৰি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা ৷ ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো বিহুনাচৰ আখৰাত ব্যস্ত কণ কণ শিশু-যুৱতী ৷ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা আৰু বালাজান তিনিআলি ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত কোকৰাঝাৰৰ বালাজান পথাৰত যোৱা এক মাৰ্চৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা "জনগোষ্ঠীয় লোকনৃত্য আৰু বিহুনাচ" কৰ্মশালাৰ সোমবাৰে সন্ধিয়া সফল সামৰণি পৰে ।

Rongali Bihu preparation
ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

জনগোষ্ঠীয় লোকনৃত্য আৰু বিহুনৃত্যৰ কৰ্মশালাত বিহুনাচৰ লগতে বড়োসকলৰ বাগৰুম্বা নৃত্য, কোচ-ৰাজবংশীৰ কুশান নৃত্য আৰু খেৰাই নৃত্যৰ প্ৰশিক্ষণ দিয়া হয় ৷ জনগোষ্ঠীয় লোকনৃত্য আৰু বিহুনৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা কণ কণ শিশুসহ তিনিশ যুৱতীয়ে প্ৰদৰ্শন কৰা বিহু , বাগৰুম্বা, গোৱালিনী নৃত্য, কুশান নৃত্যই উপস্থিত ৰাইজক মোহিত কৰে । আনহাতে, কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে ছাত্ৰ সন্থাৰ উদ্যোগক প্ৰশংসা কৰি এনে অনুষ্ঠানে সম্প্ৰীতি-মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য কৰে ।

Rongali Bihu preparation
ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

জনগোষ্ঠীয় লোকনৃত্য আৰু বিহুনৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় উপ সভাপতি নৱজ্যোতি ৰায়, সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মা, নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰবিন্দ নাথ আৰু আক্ৰাছুৰ জিলা নেতৃবৰ্গ উপস্থিত আছিল । ইপিনে,অনুষ্ঠানৰ অন্তত সকলো প্ৰশিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰা হয় । উল্লেখ্য যে কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে বিহুৰত্ন বঁটাপ্ৰাপ্ত বৰবিহুৱা জয়ন্ত সোণোৱালৰ লগতে দিলীপ নাৰ্জাৰী আৰু প্ৰীতম কোচে ।

লগতে পঢ়ক:ৰঙালীক আদৰাৰ প্ৰস্তুতি : মৰিয়নীত বিহু নাচ-ঢোলবাদনৰ কৰ্মশালা - Rongali Bihu