ETV Bharat / state

বিভিন্ন কাৰ্যসূচীৰে সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 11:56 AM IST

Vikas Yatra in Kaliabor : কলিয়াবৰৰ বিভিন্ন সমষ্টিত কাইলৈ মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা ৷ কলিয়াবৰত প্ৰায় আঢ়ৈশ কোটি টকাৰ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে ৷ কলিয়াবৰৰ নৱনিৰ্মিত ডা: টি. আও ষ্টেডিয়ামৰ গেলেৰী-পেভিলিয়নৰ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷

Vikas Yatra in different constituencies of Kaliabor will be on 11 th March
বিভিন্ন কাৰ্যসূচীৰে সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী

বিভিন্ন কাৰ্যসূচীৰে সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী

কলিয়াবৰ, 10 মাৰ্চ : ৰাজ্যজুৰি অব্যাহত অসম চৰকাৰৰ বিকাশ যাত্ৰা । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো অনুষ্ঠিত হ'ব বিকাশ যাত্ৰা অনুষ্ঠান । কাইলৈ কেইবাটাও আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

সোমবাৰে কলিয়াবৰৰ নলতলী আৰিমৰাৰ ৰাজীৱ গান্ধী খেলপথাৰত হেলিকপ্তাৰেৰে অৱতৰণ কৰাৰ পাচতে আৰিমৰাত 35 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । তাৰ পাচতেই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব কুঁৱৰীটোলত । য'ত অসম মালা আঁচনিৰ অধীনত 45.07 কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া কুঁৱৰীটোলৰ পৰা শিলঘাট হৈ জখলাবন্ধালৈ 14.93 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব ।

পৰৱৰ্তী সময়ত জখলাবন্ধাত 150 খন বিচনাযুক্ত কলিয়াবৰ জিলা চিকিৎসালয়ৰ ভূমিপূজন আৰু আধাৰশিলা কাৰ্য সমাপন কৰিব । 99.97 কোটি টকা ব্যয় হ'বলগীয়া চিকিৎসালয়খনৰ আধাৰশিলাৰ পাছতেই নাগশংকৰত উপস্থিত হৈ স্থানীয় বিধায়কৰ 'চিগনেচাৰ আঁচনি' ৰ 10 কোটি টকাৰ ব্যয়ৰে নিৰ্মিত ডা: টি. আও ষ্টেডিয়ামৰ নৱনিৰ্মিত 1500 দৰ্শক বহিব পৰা গেলেৰীসহ পেভিলিয়ন উদ্বোধন কৰিব ।

ষ্টেডিয়ামৰ চৌহদত নিৰ্মিত অস্থায়ী সভাগৃহৰ পৰাই ভাৰ্চুৱেলি কুঁৱৰীটোলত নিৰ্মাণ হ’বলগীয়া কলিয়াবৰ আইন মহাবিদ্যালয় (26.83 কোটি টকা), উলুৱনীৰ আয়ুস চিকিৎসালয় (15 কোটি টকা), শিলঘাটৰ পৰ্যটন প্ৰকল্প (9 কোটি)ৰ লগতে 13 কোটি টকাৰ ব্যয় সাপেক্ষ অসম লোকনিৰ্মাণ বিভাগৰ অধীনত দুটা পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব ।

তদুপৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নগাঁও জিলাৰ 23 খন চাহ বাগিচালৈ একোখনকৈ এম্বুলেন্স প্ৰদান কৰা হ’ব । এই সভাৰ মঞ্চৰ পৰাই নগাঁও জিলাৰ আন কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ উদ্ধোধন বা আধাৰশিলা স্থাপন কৰি সমবেত ৰাইজক সম্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে । এই বিকাশ যাত্ৰাৰ জৰিয়তে নগাঁও জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিত ব্যয় কৰা হ'ব প্ৰায় ছশ কোটি টকা ।

উল্লেখযোগ্য যে, 2001 বৰ্ষৰ 11 মাৰ্চত তদানীন্তন অসমৰ ৰাজ্যপাল এচ. কে. সিনহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল গ্ৰাম্য ক্ৰীড়াংগনখন । হাটবৰৰ ওচৰৰ নাগশংকৰত অৱস্থিত গ্ৰাম্য ষ্টেডিয়ামখন 2017 চনৰ বানে বিধ্বস্ত কৰি পেলাইছিল ।কলিয়াবৰৰ নাগশংকৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা: টি আওৰ স্মৃতিত উৎসৰ্গীত এইখন সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ ।

ডাঃ টি আও ষ্টেডিয়ামৰ 10 কোটি টকাৰ ব‍্যয় সাপেক্ষ নৱনিৰ্মিত ক্ৰীড়া পৰিসৰত 928 মিটাৰ দৈৰ্ঘৰ সীমাৰ দেৱাল, 2 মহলীয়া পেভিলিয়ন – ওপৰ মহলাত দৰ্শকৰ বাবে 1500 আসন সমৃদ্ধ গেলেৰী, তলৰ মহলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অত‍্যাধুনিক সুবিধালব্ধ খেলুৱৈ, খেল পৰিচালকৰ ড্ৰেছিং ৰুম, ব‍্যায়ামগাৰ, চিকিৎসকৰ চেম্বাৰ, দৃশ‍্য-শ্ৰব‍্য তথা ভিডিঅ’ কনফাৰেন্সিং ব‍্যৱস্থা, কাৰ্য‍ালয়, ফুটবল খেলাপথাৰ, ফেন্সিং, ফ্লাডলাইটৰ ব‍্যৱস্থা থাকিব ।

লগতে পঢ়ক: কলিয়াবৰত জল জীৱনৰ টেপৰ পৰা নোলায় পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.