ETV Bharat / state

শোণিতপুৰত 1,370 কোটিৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 7:26 PM IST

Vikas Yatra in Sonitpur
শোণিতপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Vikas Yatra in Sonitpur : শোণিতপুৰত দেওবাৰে কেইবাটাও প্ৰকল্প উদ্বোধন, শিলান্যাস তথা ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চিতলমাৰীত 50 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীয়ে ৷

তেজপুৰ, 10 মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিকাশ যাত্ৰাৰ অংশস্বৰূপে শোণিতপুৰত উপস্থিত হৈ কেইবাটাও প্ৰকল্প উদ্বোধন, শিলান্যাস তথা ভূমি পূজন কৰে ৷ জিলাখনত বিকাশ যাত্ৰা কাৰ্যসূচীৰ অধীনত 1,370 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলন্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ চিতলমাৰীত 50 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰ প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে চিতলমাৰীত 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰথমখন আদৰ্শ আৱাসিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ৰঙাপৰাৰ মহাবিদ্যালয় নিৰ্মাণ, চতিয়াত অসম মালাৰ অধীনত দুটা পথ আৰু পৰুৱাৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়লৈ পথ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে তেওঁ ৷

চিতলমাৰীত আদৰ্শ আৱাসীক বিদ্যালয়ৰ মূল ভৱনৰ লগতে মুঠ 100 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে চাৰিটা আৱাস (হোষ্টেল) গৃহ, শিক্ষকৰ বাবে 7 টা আৱাস গৃহ, মুঠ 28 টা ইউনিটৰ লগতে অধ্যক্ষৰ বাবে সুকীয়া আৱাস গৃহ, এটা অসম আৰ্হিৰ অতিথিশালা, এখন খেল পথাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে ৷ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন এলেকাৰ চিতলমাৰীত বিগত বৰ্ষত বেদখলমুক্ত কৰা স্থানত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই সৌৰ প্ৰকল্পৰ ভূমি পূজন কৰাৰ লগতে আদৰ্শ আৱাসীক বিদ্যালয় মুকলি কৰে ৷

উল্লেখযোগ্য যে, শোণিতপুৰৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বৰছলাত 2023 বৰ্ষৰ 28 মে'ত 9 টা চৰত চলিছিল উচ্ছেদ অভিযান ৷ এই অভিযানত প্ৰশাসনে সৰ্বমুঠ 4,980 টা ঘৰৰ 797 জন বেদখলকাৰী উচ্ছেদ কৰিছিল ৷ আনহাতে শোণিতপুৰৰ ঠেংভঙা চৰ, চৰ্দাৰ চৰ, বিশখুটি চৰ, পানচু চৰ, টেঙাগুৰী চৰতো চলিছিল উচ্ছেদ ৷ ইয়াত 3,187 টা ঘৰৰ বিপৰীতে বেদখলকাৰী আছিল 512 জন ৷ বৰছলা সমষ্টিৰ মুছলিম চৰ, চাদ্দুটিলা চৰ, শিঙৰী চৰ, চিতলমাৰী চৰত 1,893 টা ঘৰৰ বিপৰীতে বেদখলকাৰী আছিল 285 জন ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত 9 টা চৰত মুঠ 11 হাজাৰ বিঘা ভূমিত তিনিদিন ধৰি চলিছিল এই উচ্ছেদ অভিযান ৷ উচ্ছেদিত এই অঞ্চলতে আজি আদৰ্শ অৱাসীক শিক্ষানুষ্ঠান মুকলি কৰাৰ লগতে 50 মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : বিভিন্ন কাৰ্যসূচীৰে সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.