ETV Bharat / state

ৰঙিয়াৰ বিছেন্নালাত জী-জোঁৱাই সন্মিলন

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 4:13 PM IST

ৰঙিয়াৰ বিছেন্নালাত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় জী-জোঁৱাই সন্মিলন ৷ মহোৎসৱথলীত অঞ্চলটোৰ পৰা বিয়া হৈ আঁতৰি যোৱা প্ৰায় চাৰিশ পঞ্চাশ গৰাকী জীয়ৰী নিজৰ পৰিয়াল সহিতে উপস্থিত হয় ৷

Get Together
ৰঙিয়াৰ বিছেন্নালাত জী-জোঁৱাই সন্মিলন

ৰঙিয়াৰ বিছেন্নালাত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী

ৰঙিয়া, 19 ফেবৰুৱাৰী : 15 ফেব্ৰুৱাৰীৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে ৰঙিয়াৰ বিছেন্নালাত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ হীৰক জয়ন্তী উদযাপন কৰা হৈছে ৷ এই মহোৎসৱৰ বিশেষ আকৰ্ষণৰ বিষয়বস্তু আছিল জী-জোঁৱাই সন্মিলন ৷ মহোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে এইবেলি উদযাপন সমিতিয়ে বিছেন্নালা অঞ্চলৰ পৰা বিয়া হৈ আঁতৰি যোৱা জীয়ৰী সকলক তেওঁলোকৰ পৰিয়াল সহিতে মহোৎসৱলৈ আমন্ত্ৰণ জনাইছিল ৷ এই আমন্ত্ৰণ ৰক্ষা কৰি আজি মহোৎসৱৰ থলীত অঞ্চলটোৰ পৰা বিয়া হৈ আঁতৰি যোৱা প্ৰায় চাৰিশ পঞ্চাশ গৰাকী জীয়ৰী নিজৰ পৰিয়াল সহিতে উপস্থিত হয় ৷

উদযাপন সমিতিয়ে অঞ্চলটোৰ জীয়ৰী আৰু জোঁৱাই সকলক একোখনকৈ গামোচাৰে আদৰণি জনায় ৷ এই বিশেষ সন্মিলনখন উদ্বোধন কৰে নবীন চন্দ্ৰ শৰ্মাই ৷ সন্মিলনত বহুদিনৰ মূৰত একত্ৰিত হৈ বহু কেইগৰাকী মহিলাই নিজৰ জীয়ৰীকালৰ কথা মনত পেলাই আবেগিক হৈ পৰে ৷ আনহাতে দেওবাৰে গধূলি অনুষ্ঠিত হোৱা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই স্মৃতিগ্ৰন্থ 'পদ্মনাভ' উন্মোচন কৰে ৷ পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড৹ কমল শৰ্মাই সভাপতিত্ব কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী উপস্থিত থাকে ৷

স্মৃতি গ্ৰন্থ উন্মোচন কৰি ড৹ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে এসময়ত দুৰ্বৃত্তৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোৰ ৰাইজে অনুষ্ঠিত কৰা যজ্ঞই হীৰক জয়ন্তী বৰ্ষত উপস্থিত হোৱাটোৱে অঞ্চলটোৰ ৰাইজৰ মাজত থকা একতাৰ কথা ব্যাখ্যা কৰে ৷ লগতে তেওঁ কয় যে সময় সলনি হৈছে , সময়ৰ সৈতে সমাজো বহু দুৰ আগুৱাই গৈছে ৷ কিন্তু কিছুমান পৰম্পৰা আজিও একেই আছে ৷

আনহাতে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে মহোৎসৱৰ আয়োজক সমিতিৰ সদস্য সকলৰ লগতে বিছেন্নালাবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে ৷ মুকলি সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা, প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱী, মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, বিশিষ্ট সমাজসেৱক মুকুল নাৰায়ণ বৰ্মনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি তথা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : অসম সাহিত্য সভাৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ লক্ষ্যৰে নিৰ্মাণ হ’ব সংগ্ৰহালয়; ড° সূৰ্যকান্ত হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.