ETV Bharat / state

অসম সাহিত্য সভাৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ লক্ষ্যৰে নিৰ্মাণ হ’ব সংগ্ৰহালয়; ড° সূৰ্যকান্ত হাজৰিকা

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 11:26 AM IST

অসম সাহিত্য সভাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ বাবে সাহিত্য সভাৰ উদ্যোগত সংগ্ৰহালয় নিৰ্মাণ হ’ব বুলি মন্তব্য ড° সূৰ্যকান্ত হাজৰিকাৰ ৷ ডিব্ৰুগড় সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতি ড° সূৰ্যকান্ত হাজৰিকাক বিপুল আদৰণি ৷ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় উক্ত অনুষ্ঠানত ৷

Book released programme by Dibrugarh Sahitya Sabha in Dibrugarh
গ্ৰন্থ উন্মোচনী সভা

গ্ৰন্থ উন্মোচনী সভা

ডিব্ৰুগড়, 19 ফেব্ৰুৱাৰী: ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত দেওবাৰৰ সন্ধিয়া অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা । এই গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই ৷ গায়ন-বায়ন, বিহু দল, মিচিং জনগোষ্ঠীয় নৃত্য, ঝুমুৰ দলৰ নৃত্য-গীতৰ দ্বাৰা চৌকিডিঙী আঞ্চলিক কাৰ্যালয়ৰ পৰা ডিব্ৰুগড় সাহিত্য সভা ভৱনলৈ আদৰি নিয়াৰ পাছত অসম সাহিত্য সভাৰ সভাপতিগৰাকীক সম্বৰ্ধনা জনোৱা হয় ।

ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁইয়ে আঁত ধৰা তথা সভাপতি ড° শশীকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোছা, চেলেং চাদৰ, কপাহী চাদৰ, জাপি, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাক । অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাই প্ৰকাশ কৰা বিজু শৰ্মাৰ দ্বাৰা সম্পাদিত বিশিষ্ট লেখিকা ড° ভাৰতী দত্তৰ গ্ৰন্থ 'বিমৃশা-মঞ্জুষা 'আৰু এগৰাকী বিশেষভাৱে সক্ষম লেখক দিলীপ দত্তৰ ষষ্ঠখন গ্ৰন্থ 'ৰজনীগন্ধা' উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাই । সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মূৰব্বী অধ্যাপিকা, বিশিষ্ট লেখিকা ড° কৰবী ডেকা হাজৰিকা, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সম্পাদক ভূৱন মোহন গোস্বামী, ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিভাস দুৱৰা, ড° ভাৰতী দত্ত , দিলীপ দত্ত, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈকে ধৰি বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ।

এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ বাবে সাহিত্য সভাৰ উদ্যোগত সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে । লগতে হাজৰিকাই কয়, "গ্ৰন্থ সংৰক্ষণে একোটা জাতিৰ ইতিহাস সমৃদ্ধিশালী কৰে । জাতীয় জীৱনত গ্ৰন্থাগাৰৰ যিদৰে প্ৰয়োজন, তেনেদৰে গ্ৰন্থসমূহ উপযুক্ত সংৰক্ষণ কৰাৰো অতীৱ প্ৰয়োজন ।"

লগতে পঢ়ক: বাৰপূজীয়াত অসম সাহিত্য সভাৰ বিশেষ অধিবেশন: গ্ৰন্থৰ প্ৰতি আগ্ৰহ কমা নাই ছাত্ৰ-ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.