ETV Bharat / state

মৃত্যুদণ্ডৰে দণ্ডিত নহয় ম্যানমাৰত বন্দী মানস বৰগোঁহাই

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 1:07 PM IST

Updated : Feb 19, 2024, 4:30 PM IST

Manash Borgohain ULFA (i) : আৰক্ষীৰ চোৰাংচোৱা অভিযোগত বন্দী মানস বৰগোহাঁইৰ মৃত্যুদণ্ড ৰদ পৰেশ বৰুৱাৰ ৷ সবিশেষ আগলৈ-

ulfa i revokes capital punishment of captive manash borgohain
ম্যানমাৰত বন্দী মানস বৰগোঁহাই

ম্যানমাৰত বন্দী মানস বৰগোঁহাই

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : অৱশেষত মৃত্যুৰ আশংকা আঁতৰিল ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাৰ অভিযোগত বন্দী মানস বৰগোঁহাইৰ । আৰক্ষীৰ চোৰাংচোৱা অভিযোগত বন্দী মানস বৰগোহাঁইৰ মৃত্যুদণ্ড ৰদ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ ৷ সোমবাৰৰ পুৱা আলফা স্বাধীনে বিবৃতিযোগে জনালে এই কথা ৷

আলফা স্বাধীনৰ সাংগঠনিক নিম্ন সদনত‌ চলা বিচাৰৰ অন্তত এই সিদ্ধান্ত সংগঠনটোৰ । বিগত ২১ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল মানস বৰগোহাঁইক ৷ আলফা স্বাধীনে প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে ৫ বছৰলৈ সংগঠনৰ পদৰ বাবে অযোগ্য হৈ থাকিব মানস ৷ অৰ্থাৎ ৫ বছৰলৈ আলফা স্বাধীনৰ সদস্য পদো নাথাকিব মানসৰ ৷ সদস্য পদ অবিহনেই আলফা স্বাধীনৰ শিবিৰত থাকিব লাগিব মানস ৷

আলফা স্বাধীনে লগতে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে মানস বৰগোঁহাইৰ আন এক ভিডিঅ’। যিটো ভিডিঅ’ত মানসে অসম আৰক্ষীৰ বিৰুদ্ধে পুনৰ এবাৰ অভিযোগ উত্থাপন কৰিছে তেওঁক আলফা স্বাধীনৰ শিবিৰলৈ প্ৰেৰণ কৰা বুলি । আলফা স্বাধীনৰ বিবৃতিটোত দাবী কৰা হৈছে যে সংগঠনটোৰ তদন্তত সাক্ষ্য প্ৰমাণসহ ধৃত মানস বৰগোহাঁয়ে ষড়যন্ত্ৰমূলক পৰিকল্পনাৰ সবিশেষ তদন্তকাৰী বিষয়াৰ সন্মুখত নিজ মুখে ব্যক্ত কৰাৰ উপৰিও একাধিক গুৰুতৰ অপৰাধৰ কথা অকপটে স্বীকাৰ কৰে । অসম আৰক্ষী বিশেষ শাখাৰ দ্বাৰা বায়’মেট্ৰিক্সৰ ওপৰত প্ৰশিক্ষণপ্ৰাপ্ত আৰু প্ৰক্ষেপিত গুপ্তচৰ হিচাপে সংগঠনত যোগদানৰ অচিলা লৈ আলফা স্বাধীনৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থাত আধুনিক যন্ত্ৰ সংস্থাপন যোগে তথ্য প্ৰেৰণ কৰাৰ কথাও স্বীকাৰ কৰাৰ ঘটনাটো ইয়াৰে ভিতৰত অন্যতম এটা ঘটনা বুলি আলফা স্বাধীন স্বাধীনে বিবৃতিটোত উল্লেখ কৰিছে ৷

আলফা স্বাধীনে পুনৰবাৰ দাবী কৰিছে মানস বৰগোঁহাই ২০২১ চনৰ পৰাই অসম আৰক্ষীৰ বিশেষ শাখাৰ এগৰাকী উপ-পৰিদর্শক (UNDER COVERT) হিচাপে কার্যনিৰ্বাহ কৰাৰ সুবাদত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু উপ-মহাপৰিদর্শক পার্থ সাৰথি মহন্তকে ধৰি কেইবাজনো শীর্ঘ আৰক্ষী বিষয়া, সংগঠন বিধ্বংসী অভিযানৰ পৰিকল্পনাৰ আঁৰত প্ৰত্যক্ষভাৱে জড়িত । উল্লেখ্য যে, আৰক্ষীৰ বিশেষ শাখাৰ মাণ্ডলিক বিষয়া (Zonal Officer) কুখ্যাত অপৰাধী মানস চলিহাই এই অভিযানৰ বাবে তেওঁৰ লগতে অন্য কেইবাগৰাকী যুৱক-যুৱতীক বিগত বৰ্ষৰ জুন মাহৰ পৰা সংগঠনত যোগদানৰ আগমুহূর্তলৈকে প্ৰশিক্ষণ দিয়া বুলিও মানসে প্ৰকাশ কৰে বুলি আলফা স্বাধীনে সদৰী কৰে ৷

যোৱা ১৩ ফেব্ৰুৱাৰীত আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত হোৱা বিচাৰ প্ৰক্ৰিয়াত নিষিদ্ধ ঘোষিত সংগঠনটোৰ নিম্ন পৰিষদৰ সভাপতিৰ অধ্যক্ষতাত তিনিজনীয়া জুৰী সদস্যৰ উপস্থিতিত বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল । এই বিচাৰ প্ৰক্ৰিয়াত চোৰাংচোৱাগিৰি তথা গুপ্ত ষড়যন্ত্ৰত লিপ্ত থকাৰ অপৰাধত দোষী সাব্যস্ত কৰি চৰম শাস্তিৰূপে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় মানস বৰগোঁহাইক ৷ কিন্তু আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই সাংবিধানিক বিশেষাধিকাৰৰ ভিত্তিত, মানৱীয়তাৰ খাতিৰত আৰু বিভিন্ন মাধ্যমত প্ৰতিফলিত অসমবাসীৰ মতামতৰ প্ৰতি সন্মান জনাই এই মৃত্যুদণ্ড ৰদ কৰে ৷

লগতে পঢ়ক : আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ছিণ্ডিকেট ! আলফা শিবিৰৰ পৰা দাবী মানসৰ

Last Updated :Feb 19, 2024, 4:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.