আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ছিণ্ডিকেট ! আলফা শিবিৰৰ পৰা দাবী মানসৰ
Manash Borgohain video : উচ্চপদস্থ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্ত আৰু মানস চলিহাই একেলগে চলাইছিল চুপাৰি, কয়লাৰ ছিণ্ডিকেট ৷ আনকি ৰাজ্যলৈ আমদানিত নিষেধাজ্ঞা থকা ইউৰিয়া অবৈধভাবে আমদানিতো নাম সাঙোৰ খাইছে উচ্চপদস্থ আৰক্ষী বিষয়াগৰাকীৰ ৷ ভাৰতীয় খাদ্য নিগমৰ চাউল বাহিৰলৈ অবৈধভাবে পঠোৱাৰ ক্ষেত্ৰতো সাঙোৰ খাইছে আৰক্ষী বিষয়াগৰাকীৰ নাম ৷ এই অভিযোগ আলফা (স্বাঃ) ৰ কেম্পত কাৰাবন্দী হৈ থকা মানস বৰগোঁহাইৰ ৷

Published : February 9, 2024 at 3:16 PM IST
নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী: আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ম্যানমাৰৰ আলফা (স্বাঃ) ৰ কেম্পত বন্দী হৈ থকা মানস বৰগোঁহাইয়ে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্যৰ ভিডিঅ‘ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ পুনৰ আন এটা ভিডিঅ’ বৰগোঁহাইয়ে প্ৰেৰণ কৰিছে য’ত তেওঁ নিজে বিভিন্ন ছিণ্ডিকেটত জড়িত হৈ থকা বুলি স্বীকাৰোক্তি কৰাৰ লগতে এই কাৰ্যত উচ্চপদস্থ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তও জড়িত বুলি চাঞ্চল্যকৰ অভিযোগ তুলিছে ৷
কাৰাবন্দী মানস বৰগোঁহায়ে মানস চলিহাৰ নেতৃত্বত চুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত হোৱাৰ সময়ত আৰক্ষী বিষয়া মহন্তই তেওঁলোকক সুৰক্ষিত পথৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে দৰ-দাম কৰে বুলি ভিডিঅ’টোত কয় ৷ ইয়াৰোপৰি, দৰে-দামে মিলিলেহে মহন্তই গাড়ীবোৰ যাবলৈ দিয়ে বুলিও কয় মানসে ৷
তদুপৰি, দৰ-দাম কৰিবলৈ অমান্তি হোৱা তথা নিমিলা গাড়ীবোৰ আৰক্ষী বিষয়া মহন্তই তথা প্ৰশাসনৰ নিৰ্দেশত ধৰা হয় বুলি গুৰুতৰ অভিযোগ তোলে বন্দী মানসে ৷ ইয়াৰোপৰি, ৰাজ্যত প্ৰৱেশত নিষেধাজ্ঞা থকা ইউৰিয়া সাৰো চলিহা আৰু আৰক্ষী বিষয়া মহন্তৰ সহযোগত ৰাজ্যলৈ আমদানি কৰা হয় বুলি কয় কাৰাবন্দী মানসে ৷
আনকি খাদ্য নিগমৰ চাউল বাহিৰলৈ পঠোৱাৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা আৰক্ষী বিষয়া মহন্ত, চলিহাৰ লগতে নজৰুল নামৰ এজন ব্যক্তিৰ সহযোগত কৰা হয় বুলি অভিযোগ তোলে মানস বৰগোঁহাইয়ে ৷ ইয়াৰোপৰি, বিতৰ্কিত মানস চলিহাৰ নেতৃত্বত মেৰাপানীত বিলাতী চিগাৰেটৰ বিশাল বজাৰ চলি আছে বুলি অভিযোগ তোলে কাৰাবন্দী হৈ থকা মানসে ৷ উক্ত সময়ত মানস বৰগোঁহাইৰ ব্যক্তিগত পৰিচয় লুকুৱাবলৈ প্ৰশাসনে দিয়া ছদ্মনামটো মণ্টু আছিল বুলিও তেওঁ জনায় ৷
মানস চলিহা কয়লা ছিণ্ডিকেটৰ সৈতেও জড়িত আছিল বুলি অভিযোগ তুলি সেই সূত্ৰে কাৰাবন্দী বৰগোঁহাইও উক্ত কামত জড়িত হৈ পৰিছিল বুলি কয় ৷ ইয়াৰ লগতে সকলো কাম-কাজ প্ৰশাসনিক বিষয়াৰ নেতৃত্বত চলি আছিল বুলি কয় বৰগোঁহাইয়ে ৷ আনকি কেম্পত মানস চলিহাই তেওঁক থৈ আহিছিল বুলিও কয় বৰগোঁহাইয়ে ৷
গুৱাহাটীলৈ পঢ়িবলৈ অহা আৰ্থিকভাৱে টনকিয়াল পৰিয়ালৰ শিক্ষাৰ্থীক যৌন শোষণ চলোৱাৰ লগতে তেওঁলোকৰ লগত স্পাই কেমেৰা পঠাই দি প্ৰভাৱশালী ব্যক্তিক ব্লেকমেইলিং কৰি নিজৰ স্বাৰ্থ মানস চলিহাই পূৰণ কৰে বুলি কয় কাৰাবন্দী মানস বৰগোঁহায়ে ৷
লগতে পঢ়ক: অসমীয়া যুৱতীক যৌন প্ৰশিক্ষণ দিয়ে মানস চলিহাই; মানস বৰগোঁহাই

