ETV Bharat / state

অসমীয়া যুৱতীক যৌন প্ৰশিক্ষণ দিয়ে মানস চলিহাই; মানস বৰগোঁহাই

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 2:29 PM IST

3rd video of Manash Borgohain from ULFA (I) camp : আলফা স্বাধীনৰ নেতাক প্ৰলোভিত কৰিবলৈ অসমীয়া যুৱতীক মানস চলিহা ওৰফে ঘোঁৰাই যৌন প্ৰশিক্ষণ দিয়ে বুলি গুৰুতৰ অভিযোগ মানস বৰগোঁহাইৰ ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ মানস বৰগোঁহাইৰ তৃতীয়টো বিস্ফোৰক ভিডিঅ’ ৷

অসমীয়া যুৱতীক যৌন প্ৰশিক্ষণ
অসমীয়া যুৱতীক যৌন প্ৰশিক্ষণ
মানস বৰগোঁহাইৰ তৃতীয়টো বিস্ফোৰক ভিডিঅ’

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : মানস চলিহা ওৰফে ঘোঁৰাই আলফা স্বাধীনৰ নেতাক প্ৰলোভিত কৰিবলৈ অসমীয়া যুৱতীক যৌন শিক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে - এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিতৰ্কিত আৰু বহুৰূপী বুলি পৰিচয় লাভ কৰা মানস চলিহাৰ বিৰুদ্ধে ৷ ম্যানমাৰৰ আলফা শিবিৰৰ পৰা সংবাদ মাধ্যমলৈ বন্দী মানস বৰগোঁহাইৰ তৃতীয়টো ভিডিঅ’ প্ৰেৰণ কৰিছে সংগঠনটোৱে ৷

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰিবলৈ আলফালৈ যুৱক-যুৱতীক প্ৰশিক্ষণ দি পঠিওৱাৰ অভিযোগত অভিযুক্ত মানস চলিহাৰ বিৰুদ্ধে এই তৃতীয়টো ভিডিঅ’ত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বন্দী মানস বৰগোঁহায়ে ৷

“যিজন মানুহে মোক আলফা স্বাধীনৰ শিবিৰলৈ পঠিয়াইছিল, সেইজন মানস চলিহাই মোক চিনি নাপাওঁ বুলি কৈছে ৷ মানস চলিহাই এয়া মিছা মাতিছে”- শেহতীয়াকৈ আন এক ভিডিঅ’ যোগে দাবী কৰিছে ম্যানমাৰৰ শিবিৰত বন্দী মানস বৰগোঁহায়ে ৷

মানস চলিহাক বন্দী মানস বৰগোঁহায়ে কেনেকৈ চিনি পায় সেই কথাও ভিডিঅ’টোত উল্লেখ কৰিছে মানস বৰগোঁহায়ে ৷ নিজৰ প্ৰেমিকাৰ জৰিয়তে মানস চলিহাক চিনি পাইছিল বুলি মানস বৰগোঁহায়ে ভিডিঅ’টোত কয় ৷ ভাষ্য অনুসৰি মানস চলিহাৰ প্ৰেমিকা আৰু মানস বৰগোঁহাইৰ প্ৰেমিকা দুয়ো বান্ধৱী আছিল ৷

সেই সূত্ৰে বিতৰ্কিত বহুৰূপী মানস চলিহাৰে পৰিচয় হৈছিল মানস বৰগোঁহাইৰ সৈতে ৷ লগতে মানস বৰগোঁহায়ে মানস চলিহা সন্দৰ্ভত কয়, "কোনো অৰগেনিক ফাৰ্মিঙৰ সৈতে জড়িত নহয় মানস চলিহা ৷ এয়া চলিহাৰ ভূৱা প্ৰচাৰ, যাতে আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়া ল’ৰা-ছোৱালীবোৰ ফঁচিলে নিজে বাচি যাব পাৰে’’ ৷

শেহতীয়াকৈ প্ৰকাশ কৰা ভিডিঅ’টোত মানস বৰগোঁহাইৰ আটাইতকৈ গুৰুতৰ অভিযোগটো হ’ল, “মানস চলিহাই আলফা স্বাধীনৰ নেতাক প্ৰলোভিত কৰিবলৈ কৰিবলৈ অসমীয়া যুৱতীক যৌন শিক্ষাৰ প্ৰশিক্ষণ দিয়ে ৷ মোৰ দৰে বহুজনক প্ৰশিক্ষণ দিয়াৰ লগতে যুৱতীসকলক আলফা স্বাধীনৰ নেতাসকলক প্ৰলোভিত কৰিবলৈ যৌন শিক্ষাৰ প্ৰশিক্ষণ দিয়ে’’ ৷

এই বিস্ফোৰক মন্তব্যৰ পিচত এনে যৌন শিক্ষাৰ প্ৰশিক্ষণ লোৱাসকললৈ মানস বৰগোঁহাইয়ে আহ্বান জনায়, “এনে টকা-পইচালৈ লোভ নকৰিব ৷ মানস চলিহাই মোক মৃত্যু মুখলৈ ঠেলি দিছে ৷ তোমালোক কোনো নাহিবা ৷ মানস চলিহাৰ কথাত ভুল নাযাবা ৷ মই কৰা ভুল তোমালোকে নকৰিবা’’ ৷ এই বিস্ফোৰক অভিযোগ মানস বৰগোঁহাইৰ ৷

লগতে পঢ়ক: আলফা স্বাধীনৰ ভিডিঅ’ দেখি স্তম্ভিত মানস চলিহা; ক’লে মই আলফাৰ বাতৰিও নাচাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.