ETV Bharat / state

আলফা স্বাধীনৰ ভিডিঅ’ দেখি স্তম্ভিত মানস চলিহা; ক’লে মই আলফাৰ বাতৰিও নাচাও

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:45 PM IST

Spy in ULFA I camp: আলফা স্বাধীনৰ কেম্পত বন্দী মানস বৰগোহাঁইক চিনি নাপায় বুলি মুকলিকৈ ক’লে আলফা(স্বা)ৰ ভিডিঅ’ত নাম উচ্চাৰিত মানস চলিহাই ৷ তেওঁ আৰক্ষীৰ সৈতে কোনোভাৱেই যুক্ত নহয় বুলিও দাবী কৰে ৷

Manash Chaliha
Spy in ULFA I camp
আলফা স্বাধীনৰ ভিডিঅ’ দেখি স্তম্ভিত মানস চলিহা

গোলাঘাট, 31 জানুৱাৰী: ‘‘মই মানস বৰগোহাঁইক চিনি নাপাওঁ আৰু মোৰ লগত কোনো তেনেকুৱা যোগাযোগ নাই । মই ২০১২ চনত ইঞ্জিনিয়াৰিং পাছ কৰি তাৰ পাছৰে পৰা বৰ্তমান পৰ্যন্ত বহু কেইটা বহুজাতিক কোম্পানীত কাম কৰি আছো বৰ্তমান পৰ্যন্ত ৷ আৰক্ষীয়েই হওক বা আলফাই হওক মোৰ লগত কাৰো কোনো সম্পৰ্ক নাই ।’’ এই মন্তব্য আগবঢ়াইছে শেহতীয়াকৈ আলফা স্বাধীনে প্ৰকাশ কৰা ভিডিঅ’ত চৰ্চিত হৈ থকা মানস চলিহা নামৰ যুৱকজনে ৷

তেওঁ লগতে কয়, ‘‘২০১২ চনৰ পৰা মই প্ৰায়েই কৰ্মসূত্ৰে অসমৰ বাহিৰতে আছিলো । মানস বৰগোহাঁয়ে দাবী কৰা মতে মই এছ বিৰ জ’নেল হেড, বা RAW ৰ অফিচাৰ ৷ এই কথা সম্পূৰ্ণ ভিত্তিহীন । ২০২১ পৰা ২০২৩ লৈকে মই কৰ্মৰ বাবে অসমৰ বাহিৰত মেঘালয়, অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত কৰ্মৰত হৈ আছিলোঁ ৷ যোৱা এবছৰে মিজোৰামৰ আইজলত চৰকাৰৰ সৈতে কাম কৰি আছিলোঁ । এতিয়া মই সেই কাম এৰি নিজাকৈ ব্যৱসায় কৰাৰ বাবে পৰিকল্পনা কৰিছোঁ ৷’’

মানস চলিহা নামৰ যুৱকজনে অভিযোগ কৰে যে আলফা স্বাধীনৰ দ্বাৰা প্ৰকাশিত ভিডিঅ’টোৰ পিচৰ পৰাই তেওঁ দুঃচিন্তা আৰু নিৰাপত্তাহীনতাত ভুগিছে ৷ তেওঁৰ লগতে পৰিয়ালৰ লোকো চিন্তাক্লিষ্ট হৈ পৰা বুলি উল্লেখ কৰে যুৱকজনে ৷

‘‘মানস বৰগোহাঁয়ে ভিত্তিহীন বক্তব্য আগবঢ়োৱাৰ বাবে এতিয়া মোৰ আৰু মোৰ পৰিয়ালৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে । যদি মানস বৰগোহাঁয়ে তেখেতৰ লগত থকা সময়চোৱাত কোনো ফটো বা তথ্য দিব পাৰে, তেনেহলে মই সামাজিক ভাৱে মৃত্যুবৰণ কৰিম ।’’ চহিলাই কয় ৷

আলফাই প্ৰকাশ কৰা ফটোত থকা গাড়ীখন তেওঁৰেই আছিল বুলি মন্তব্য কৰি মানস চলিহাই কয় যে 2022 বৰ্ষতে তেওঁ সেই গাড়ীখন বিক্ৰী কৰিছিল চচলৰ এম ডি মটৰৰ্ছক বিক্ৰী কৰিছিল ৷ এই ফটো প্ৰচাৰ হোৱাৰ পিচতে তেওঁ এম ডি মটৰ্ছত খবৰ কৰে গাড়ীৰ গৰাকীৰ নাম সলনিৰ তথ্য বিচাৰি ৷ কিন্তু যিজন মানুহে গাড়ীখন কিনিছিল তেওঁ সম্পূৰ্ণ ধন আদায় দিব নোৱৰাৰ বাবে নাম সলনি হোৱা নাই বুলি গাড়ী ক্ৰয় কৰা কোম্পানীটোৱে জনোৱা বুলি মানস চলিহাই কয় ৷

লগতে পঢ়ক: কেম’ফ্লেজৰ আন্ধাৰত অনিশ্চিত মানস বৰগোঁহাইৰ জীৱন

উল্লেখ্য যে আলফা স্বাধীনে প্ৰেৰণ কৰা ভিডিঅ’ত মানস বৰগোহাঁই নামৰ যুৱকজনে বাৰে বাৰে মানস চলিহাৰ নাম লৈছিল আৰু সংগঠনটোৰ সৰ্বাধিকনায়ক পৰেশ বৰুৱায়ো সংবাদ মাধ্যমৰ আগত মানসে কিদৰে চৰকাৰী ফলক লিখা গাড়ী লাভ কৰিলে সেই বিষয়ে উল্লেখ কৰিছে ৷ কিন্তু এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিছে মানস চলিহাই ৷

তেওঁ কয় যে গোলাঘাটতেই মানস চলিহা নামৰ কেবাগৰাকীও যুৱক আছে ৷ আলফা স্বাধীন বা তেনে কোনো সংগঠনৰ কাকো চিনি নোপোৱাৰ কথা উল্লেখ কৰি যুৱকজনে কয় যে নিজৰ চাকৰিৰ খাতিৰত তেওঁ এনে সংগঠনৰ সৈতে জড়িত কোনো লোকৰ সৈতে কেতিয়াও সম্পৰ্ক কৰা নাই আৰু আলফা স্বাধীন সংক্ৰান্তীয় বাতৰিও তেওঁ কেতিয়াও নাচায় বা নপঢ়ে ৷

প্ৰথমটো ভিডিঅ’ প্ৰকাশৰ পাচতে গোলাঘাট আৰক্ষীক যোগাযোগ কৰা বুলি জানিবলৈ মানস চলিহাই ৷ তেওঁ জনোৱা মতে, আৰক্ষীয়ে মানসক এই সকলোবোৰ ভুৱা অভিযোগ বুলি নিৰ্ভয় প্ৰদান কৰে ৷ প্ৰয়োজনত ডিজিপিক লগ কৰিবলৈও প্ৰস্তুত বুলি সাংবাদিকৰ আগত জনায় মানস চলিহাই ৷ এতিয়া দুই মানসৰ ভাস্যই বাৰুকৈয়ে ৰহস্যৰ সৃষ্টি কৰিছে সকলোৰে মনত ৷

লগতে পঢ়ক: মই মিছা কথা কোৱা নাই, মই Special Branch ৰ এজন উপ-পৰিদৰ্শক: মানস বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.