ETV Bharat / state

কেম’ফ্লেজৰ আন্ধাৰত অনিশ্চিত মানস বৰগোঁহাইৰ জীৱন

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:54 PM IST

Police spy in ULFA I camp
ULFA I Chief Paresh Baruah

Police spy in ULFA I camp: আলফা স্বাধীনৰ কেম্পত বন্দী মানস বৰগোঁহাইৰ এতিয়া কি হ’ব ? সঁচাকৈয়ে আৰক্ষীৰ চোৰাংচোৱা নেকি মানস ? পৰেশ বৰুৱাই আকৌ বঙহৰ তেজেৰে হাত ধুব নেকি ? নে ওভতাই পঠিয়াব মানসক ? আনৰ স্নায়ু যুদ্ধৰ বলি হ’ল নেকি মানস ? পঢ়ক সবিশেষ...

গুৱাহাটী, ২৯ জানুৱাৰী: আকৌ বঙহৰ তেজেৰে হাত ধুব নেকি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ? দুই ম’হৰ যু্ঁজত বিৰিণাৰ মৰণ ৷ আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ স্নায়ু যুঁজৰ মাজত প্ৰাণৰ আশংকা এজন অসমীযা যুৱকৰ । ম্যানমাৰৰ আলফাৰ শিবিৰত আৰক্ষীৰ চোৰাংচোৱাগিৰিৰ অভিযোগত সংগঠনটোৰ হাতত বন্দী কেইমাহমানৰ পূৰ্বে সংগঠনটোত যোগদান কৰা মানস বৰগোঁহাইৰ জীৱনক লৈ এতিয়া প্ৰশ্ন উঠিছে ৷

দেওবাৰে নিষিদ্ধ ঘোষিত আলফা স্বাধীনে ম্যনমাৰৰ শিবিৰত মানস বৰগোঁহাইক বন্দী কৰা এক ভিডিঅ’ আৰু মানসৰ ভাষ্য ৰাজহুৱা কৰাৰ লগে লগে ৰাজ্যজুৰি হাহাকাৰ লাগিছে । আলফা স্বাধীনৰ দাবী যে অসম আৰক্ষীৰ এগৰাকী ছাব-ইন্সপেক্টৰ মানস বৰগোঁহাই ৷ ভিডিঅ’টোতো এই কথা স্বীকাৰ কৰিছে মানসে ৷

তাৰ পিছতেই এতিয়া প্ৰশ্ন উঠিছে যে পৰেশ বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ মাজৰ স্নায়ু যুঁজৰ বলি হ’ল নেকি মানস ? আৰক্ষীৰ হৈ ম্যানমাৰৰ শিবিৰত চোৰাংচোৱাগিৰি কৰা তথা অনান্য অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত হোৱা লোকৰ তালিকাখন দীঘলীয়া ৷ এই তালিকাত বন্দী মানসৰ নামো সংযোগ হ’ব নেকি ? মানসৰ গোলাঘাটৰ ঘৰত উচুপি কান্দি পৰেশ বৰুৱাৰ ওচৰত নিজ সন্তানৰ প্ৰাণ ভিক্ষা মাগিছে পিতৃ-মাতৃয়ে ৷

ইয়াৰ পূৰ্বে ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ড বিহা হৈছিল মহম্মদ ছাইফুল ইছলাম ওৰফে ৰিহন অসম, ধনজিৎ দাস, সঞ্জীৱ শৰ্মা, লাচিত হাজৰিকা, নয়নমণি চেতিয়াৰ লগতে তালিকাত নাম অন্তৰ্ভুক্ত হ’ব নেকি মানসৰ ? আলফাৰ ম্যানমাৰৰ শিবিৰত চূড়ান্ত শাস্তি মৃত্যুৰ সন্মুখীন হ’ব নেকি মানস বৰগোঁহাই ? কালিৰে সকলোৰে মনত উদ্ৰেক হৈছে এই প্ৰশ্ন ।

মন কৰিবলগীয়া যে, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু আলফা স্বাধীনৰ মাজত বিগত সময়ছোৱাত স্নায়ুযুঁজ চলি আহিছে ৷ আনকি দুয়োৰে মাজত পৰস্পৰ প্ৰত্যাহ্বান জনোৱা পৰ্যন্ত পৰিবেশৰো সৃষ্টি হৈছে । আনহাতে, অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া নেতৃত্বাধীন আলোচনাপন্থী আলফা গোটেৰে হোৱা শান্তি চুক্তিৰ পিছত আলফা স্বাধীনৰ ওপৰত অধিক অধিক চাপ প্ৰয়োগ হোৱাটোৱেই স্বাভাৱিক ৷

আনকি ভাৰতৰ দিশৰ পৰা ম্যানমাৰৰ শিবিৰত ড্ৰোণ যোগে বোমা আক্ৰমণ ঘটোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰেশ বৰুৱাপন্থী আলফাই ৷ ধ্বংসপ্ৰাপ্ত ড্ৰোণৰ ফটোও ৰাজহুৱা কৰিছিল আলফা স্বাধীনে ।

এতিয়া সৰুপথাৰৰ মানস বৰগোঁহাইৰ ধনশিৰি মহকুমাৰ মৰাণ গাঁৱৰ ঘৰখনত কান্দোনৰ ৰোল । পিতৃ দেবেন বৰগোহাঁই আৰু মাতৃ ৰঞ্জু বৰগোহাঁইয়ে একমাত্ৰ সন্তান মানস বৰগোহাঁইৰ প্ৰাণৰ আশংকাত ভুগি কটাইছে বিনিদ্ৰ ৰজনী ৷ পৰেশ বৰুৱাৰ লগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দেবেন বৰগোহাঁই আৰু ৰঞ্জু বৰগোহাঁয়ে ৷ পিতৃ-মাতৃয়ে হাতযোৰ কৰি যদিহে তেওঁলোকৰ পুত্ৰই কিবা দোষ কৰিছে তাৰ বাবে ক্ষমাও বিচাৰিছে ।

উল্লেখ্য যে মানস বৰগোহাঁইৰ পিতৃ ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান । পিতৃ-মাতৃয়েও মানসে অসম আৰক্ষীৰ বিষয়া হয় নে নহয় সেই বিষয়ত অজ্ঞতা প্ৰকাশ কৰিছে ৷

আনহাতে মানসৰ ভিডিঅ’ ভাষ্যৰ বিপৰীতে অসম আৰক্ষীয়ে অস্বীকাৰ কৰি কৈছে যে মানস অসম আৰক্ষীৰ বিষয়া নহয় ৷ এয়া মিছা কথা ৷ মানস বৰগোঁহাই নামৰ কোনো ব্যক্তিক অসম আৰক্ষীৰ বিশেষ শাখাত ২০২১ বৰ্ষত মকৰল কৰা হোৱা নাই আৰু অসম আৰক্ষীৰ ফালৰ পৰা তেনে কোনো ব্যক্তিক আলফা (স্বা) কেম্পলৈ পঠোৱা হোৱা নাই বুলি বিবৃতি যোগে কৈছে অসম আৰক্ষীয়ে ৷

ইফালে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাত মাতিছে ৷ মানসৰ বাবে আহ্বান জনাইছে বৰুৱালৈ ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য যে আলফা স্বাধীনৰ শিবিৰত বিশেষ শাখাৰ বিষয়া বুলি দাবী কৰি মানস বৰগোহাঁই নামৰ যুৱকজনক আলফা স্বাধীনে বন্দী কৰাৰ সন্দৰ্ভত পৰেশ বৰুৱাৰ কিবা ভুল হৈছে ৷ লগতে যুৱকজনৰ স’তে কোনো অন্যায় নকৰিবলৈ পৰিশ বৰুৱাৰ প্ৰতি আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে মানসক ঘূৰাই পঠাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱালৈ ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু অসম আৰক্ষীয়ে ম্যানমাৰত বন্দী মানসৰ স্বীকাৰোক্তি অস্বীকাৰ কৰাৰ লগে লগে লগে আলফা স্বাধীন আৰু চৰকাৰৰ মাজৰ স্নায়ু যুঁজখন অধিক স্পৰ্শকাতৰ হৈ পৰিছে । আনফালে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উল্লেখ কৰিছে যে আৰক্ষী উপ-পৰিদৰ্শক হ’ব পৰাকৈ শিক্ষাগত অৰ্হতাই নাই মানসৰ ৷ তাৰ পৰিৱৰ্তে পৰেশ বৰুৱাৰ সৈতে প্ৰায়েই কথা পাতি থকা বুলি সদৰী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে উদ্যোগ ৷

এতিয়া লক্ষণীয় হ’ব কি সিদ্ধান্ত ল’ব পৰেশ বৰুৱা অথবা আলফা স্বাধীনে ? বহুজন বঙহৰ তেজেৰে হাত ধোৱাৰ যি বদনামৰ দাগ পৰেশ বৰুৱাৰ পোচাকত লাগি আছে মানস বৰগোঁহাইৰ ক্ষেত্ৰত কঠোৰ সিধান্ত নলৈ সেয়া মচিবৰ বাবেও এয়া পৰেশ বৰুৱাৰ ওচৰত এক সুৱৰ্ণ সুযোগ ৷ এতিয়া ম্যানমাৰৰ কেম’ফ্লেজৰ আন্ধাৰত অনিশ্চিত মানস বৰগোঁহাইৰ জীৱন ৷

লগতে পঢ়ক: মানস আৰক্ষীৰ লোক নহয়, তেওঁক ঘৰলৈ ওভতাই পঠিয়াওক: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.