ETV Bharat / state

ক্ষেত্ৰীত পাহাৰীয়া জুৰিত ভেটা দি গৰুক গা ধুৱালে ডিমৰীয়া কাৰ্বিয়ে - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 9:03 PM IST

Dimaria Karbi spring festival: ডিমৰীয়া কাৰ্বি সকলৰ 'চৰং লাং কাপালো' উৎসৱৰ আনন্দ উছাহ । গৰু বিহুৰ দিনা উজলিল পৰম্পৰাগত সংস্কৃতি ৷ পাহাৰৰ জুৰিত অস্ত্ৰ-শস্ত্ৰ ধুই কৰিলে পূজা-অৰ্চনা ৷

Dimaria Karbi spring festival
চৰং লাং কাপলো

চৰং লাং কাপলো

গুৱাহাটী, ১৩ এপ্ৰিল : আজি ব'হাগ বিহুৰ প্ৰথম দিন ৷ নিজ নিজ পৰম্পৰা অনুসৰি ৰাজ্যজুৰি অসমীয়া জাতি-জনগোষ্ঠীয়ে পালন কৰিলে গৰু বিহু । সময়ৰ আহ্বানত পৰম্পৰাত কিছু হীন-দেৰি ঘটিলেও মহানগৰীৰ সমীপৰ এখন ঠাইত আজি বোপাককাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা ব্যতিক্ৰমী ৰীতি-নীতিৰে গৰু বিহু উদযাপন কৰা হয় । পালন কৰিলে 'চৰং লাং কাপলো' বা গৰুৰ গা ধুওৱা পৰ্ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি মহানগৰীৰ ডিমৰীয়া অঞ্চল ৷ ডিমৰীয়াত কাৰ্বি সকলেও পৰম্পৰাৰে পালন কৰিলে গৰু বিহু। আন জাতি-জনগোষ্ঠীতকৈ কাৰ্বি সকলৰ গৰুৰ গা ধুওৱা পৰ্ব কিছু পৃথক । আজিও চৰং লাং কাপলো গৰু গা ধুওৱা পৰ্ব পৰম্পৰা অনুসৰি সম্পন্ন কৰে । ৰাজ্যজুৰি সাধাৰণতে পুৱাবেলাতে গৰুৰ গা ধুওৱা হয় । কিন্তু ক্ষেত্ৰীৰ সমীপৰ ভদাইকুছিৰ কাৰ্বি সমাজে দুপৰীয়া ভাগতহে গৰুৰ গা ধুওৱা কাৰ্য সম্পন্ন কৰে । আজিও দুপৰীয়াৰ ভাগতে "চৰং লাং কাপলো" উদযাপন কৰে কাৰ্বি সকলে ৷

পৰম্পৰা অনুসৰি এই অঞ্চলৰ কাৰ্বিসকলে তেওঁলোকৰ কাঠাৰৰ ঘৰত থোৱা পৌৰাণিক অস্ত্ৰ-শস্ত্ৰসমূহ ধৰ্মীয় ৰীতি-নীতিৰে জুৰিৰ পানীত ধুই-পখালি পূজা- অৰ্চনা কৰে ৷ লগতে গৰুৰ গা ধুওৱাৰ আগতে বিশেষ কিছু আনুষ্ঠানিক নিয়ম সম্পন্ন কৰা হয় । পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানীৰ গভীৰতা কম থাকিলে জুৰিত ভেটা দি পানীৰ পৰিমাণ বেছি কৰা হয়। পিচত গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ গৰু পাহাৰৰ পৰা বৈ অহা জুৰিত সমূহীয়াকৈ গা ধুৱাই আনন্দ কৰি ৰাইজে একেলগে স্থানীয় পানীয় হৰৰ চুঙাত চুমুক দি নৃত্য-গীতত মগন হয় । এয়াই বৰ্ণাঢ্য অসমীয়া সংস্কৃতিৰ এৰাব নোৱৰা অংশ ৷

আজিও দুপৰীয়া গুৱাহাটীৰ সমীপৰ ক্ষেত্ৰীৰ ভদাইকুছিৰ কাৰ্বি সমাজে একেই পৰম্পৰাৰে পালন কৰিলে 'চৰং লাং কাপলো' বা গৰুৰ গা ধুওৱা পৰ্ব ৷ দুপৰীয়া পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানীক ভেটা দি আনন্দৰে গৰুক সমজুৱাভাৱে গা ধুৱায় ৷ লাহনীৰে সকলোৱে গৰুৰ গাত পানী ছটিয়াই গা ধুৱায় । ইয়াৰ পূৰ্বে পূৰ্বপুৰুষৰ দিনৰে পৰা থকা অস্ত্ৰ-শস্ত্ৰ সমূহ ঘঁহি পানীত ধুই পূজা-অৰ্চনা কৰাৰ দৰে আজিও পূজা কৰা দেখা গ’ল কাৰ্বি লোকসকলক ৷

লগতে পঢ়ক:আজি গৰু বিহু; বিশ্বাস আৰু পৰম্পৰাৰ বোঁৱতি নৈ - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.