ETV Bharat / state

আজি ৰঙালী বিহুৰ উৰুকা - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 3:06 PM IST

Updated : Apr 12, 2024, 4:20 PM IST

Today is Rangali Bihu Uruka
আজি ৰঙালী বিহুৰ উৰুকা

Rongali Bihu 2024 : ৰাজ্যজুৰি হেঁপাহৰ ৰঙালীক আদৰাৰ আয়োজন ৷ আজি ৰঙালী বিহুৰ উৰুকা ৷ আপোনাৰ ঘৰত আয়োজন চলিছেনে ?

আজি বিহুৰ উৰুকা, কাইলৈ বিহুৰ ভূৰুকা, অ' আইতা গামোচা কাটিবৰ হ'ল...

পদূলিত হেঁপাহৰ ৰঙালী ৷ ব’হাগ বিহু আহি পালেহি, কুলি কেতেকীৰ মৌ মিঠা মাতত ৰজনজনালে আকাশ-বতাহ ৷ ৰাজ্যত ৰঙালীৰ উখল-মাখল পৰিৱেশ। অসমীয়াৰ প্ৰাণৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া । ইয়াৰ সমান্তৰালভাৱে ভিৰ বাঢ়িছে বজাৰত।

আজি উৰুকা ৷ কাইলৈ গৰু বিহু ৷ প্ৰতিগৰাকী অসমীয়াই উৰুকাৰ বজাৰত অসমীয়াৰ থলুৱা সামগ্রী ক্ৰয় কৰিবলৈ ভিৰ কৰিছে । অসমীয়া নৱবৰ্ষত আমি জ্যেষ্ঠজনক বস্ত্ৰদান কৰি সেৱা কৰো, সৰুক মৰমেৰে আশীৰ্বাদ দিও ৷ ইয়াৰোপৰি নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰিছে লোকসকলে ৷ ইফালে বিহু বুলি জা-জলপানসহ উৰুকাৰ সাঁজ যোগাৰৰ সামগ্রী ক্ৰয়ৰ বাবে লোকসকলে বজাৰলৈ ঢাপলি মেলিছে ৷

সাধাৰণতে উৰুকাৰ নিশা গাঁৱৰ মহিলাসকলে পিঠা-পনাৰ বনোৱাৰ লগতে পুৰুষসকলে গৰু বিহুৰ বাবে প্ৰস্তুতি চলায় ৷ পূৰ্বৰ দিনত গৰু বিহুত যাৱতীয় সামগ্ৰীসমূহ সকলো লোকৰ ঘৰতেই উপলব্ধ হৈছিল যদিও বৰ্তমান সময়ত এইসমূহ ক্ৰয় কৰিব লগা হয় বাবেই উৰুকাৰ বজাৰৰ পৰা যাৱতীয় সমাগ্ৰীসমূহ ক্ৰয় কৰি অনা হয় ৷

জনবিশ্বাস অনুসৰি ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম-যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি(পৃথৱীক)উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটায় ৷ ইয়াৰ ফলতেই পৃথিৱী শস্যসম্ভৱা হয় । কোৱা হয় যে, বসন্তৰ আগমনৰ প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হয় ৷ গছ-লতিকাত কুঁহিপাত ওলায়, প্ৰকৃতি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে ।

ব’হাগ বিহু চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ 6 তাৰিখলৈ মুঠ সাতদিন পালন কৰা হয় । প্ৰত্যেকটো দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে।

  1. গৰু বিহু
  2. মানুহ বিহু
  3. গোসাঁই বিহু
  4. তাঁতৰ বিহু
  5. নাঙলৰ বিহু
  6. জীয়ৰী বা চেনেহী বিহু
  7. চেৰা বিহু

লগতে পঢ়ক: বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা - Assam singers Bihu preparetion

Last Updated :Apr 12, 2024, 4:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.