ETV Bharat / entertainment

বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা - Assam singers Bihu preparetion

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 8:32 PM IST

Updated : Apr 7, 2024, 1:47 PM IST

Assam singers Bihu preparation : বিহুৰ বাবে সাজু হৈছে কন্ঠশিল্পীসকল । ন-পুৰণি বহু গীতৰ সম্ভাৰেৰে এইবাৰো মঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা ।

Assam singers Bihu preparation
বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা

বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা

গুৱাহাটী, 5 এপ্ৰিল : নঙলামুখত ৰঙালী বিহু ৷ বিহুলৈ দিন চমু চপাৰ লগে লগে ব্যস্ততা বাঢ়িছে কন্ঠশিল্পীসকলৰ । প্ৰতিগৰাকী কন্ঠশিল্পী এতিয়া ব্যস্ত অন্তিম পৰ্যায়ৰ বিহুৰ আখৰাত । ৰৈ ৰৈ ৰাতি, এছাটি বতাহ, ওৰে ৰাতি, কেৰুমণি থুৰীয়া, কৰ্দৈ চকলা, দীঘলতি দীঘল পাতকে ধৰি বহুকেইটা ন-পুৰণি গীতেৰে বিহুলৈ সাজু হৈছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা । ৰাজ্যৰ লগতে বিদেশতো বিহুৰ অনুষ্ঠান পৰিৱেশ কৰিবলৈ সাজু হৈছে কণ্ঠশিল্পীগৰাকী ৷

কন্ঠশিল্পীগৰাকীৰ বহুকেইটা গীতৰ লগতে এইবাৰ বিহুমঞ্চত দৰ্শকে শুনিবলৈ পাব তেওঁৰ নতুন গীত দীঘলতি দীঘল পাত । কিছুদিন পূৰ্বে পৰম্পৰাগত বিহুনামৰ সৈতে তিৱা জনগোষ্ঠীয় সুৰৰ মধুৰ সংমিশ্রণেৰে 'দীঘলতি দীঘল পাত' শীৰ্ষক এটি সুন্দৰ বিহুগীতে মুক্তিলাভ কৰিছিল । শিল্পীগৰাকীৰ প্ৰায়ভাগ বিহুসুৰীয়া গীতৰ দৰেই দীঘলতি দীঘল পাত বিহুক কেন্দ্ৰ ৰচনা কৰা হৈছে । দীঘলতি দীঘল পাত মূলতঃ গৰুবিহুৰ প্ৰেক্ষাপটত সৃষ্টি কৰা এটা গীত ।

বিহুক লৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত কন্ঠশিল্পীগৰাকীয়ে কয়, 'প্ৰতিবছৰৰ দৰে এইবাৰো বহুকেইটা ন-পুৰণি গীত লৈছো । এইবাৰ মঞ্চত নিজৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ কণ্ঠশিল্পীৰো গীত পৰিৱেশন কৰিম । আমাৰ গীতসমূহত তাঁতশালৰ পৰা কুলি-কেতেকীৰ মাতলৈ বহু কিবা-কিবি থাকে । সেয়ে এইবোৰ চাবলগীয়া হয় । আমি এইবাৰ ৰুদ্ৰ বৰুৱাদেৱৰ 'জেতুকী বাই' গীতটিও পৰিৱেশ কৰিম । লগতে আমাৰ যিবোৰ পৰম্পৰাগত বিহুনাম আছে সেইখিনিও থাকিব ।"

লগতে বিহুৰ অনুষ্ঠান সন্দৰ্ভত অভিশ্রুতি বেজবৰুৱাই কয়,"এইবাৰ অনুষ্ঠানৰ বাবে যোগাযোগ চলি আছে । লণ্ডনত ১৩ তাৰিখে আমাৰ অনুষ্ঠান আছে। ইয়াৰ পিচতে মহানগৰীৰ লগতে ভিন্ন ঠাইত অনুষ্ঠান আছে ।"

লগতে পঢ়ক: সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা এজন যুৱক - partha gogoi Biya naam reel

Last Updated : Apr 7, 2024, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.