ETV Bharat / state

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ মাজতে একাংশ লোকৰ মাজত সৃষ্টি আশংকাৰ - Jorhat Majuli connecting bridge

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 8:12 PM IST

Jorhat Majuli Bridge
Jorhat Majuli connecting bridge

Jorhat Majuli Bridge: যোৰহাট আৰু মাজুলীৰ মাজত নিৰ্মাণ হবলগীয়া দলংখনৰ কাম অব্যাহত আছে । মাজুলীৰ ৰাইজৰ সপোনৰ এই দলংখন 2026 চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা । কিন্তু এতিয়া দলংখনৰ 8 নং খুঁটাৰ নিৰ্মাণ স্থলীত কিছু বিসংগতিৰ সৃষ্টি হৈছে । যাৰ বাবে চিন্তিত হৈ পৰিছে ইয়াৰ কাষতে বাস কৰা লোকসকল ।

মাজুলীৰ ৰাইজৰ প্ৰতিক্ৰিয়া

মাজুলী, 28 মাৰ্চ: মাজুলীৰ দুই লক্ষ জনতাৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী দলংখন । বহু বছৰ অপেক্ষা কৰিবলগীয়া হল মাজুলীবাসী এই দলংখনৰ বাবে । লাহে লাহে যেন মাজুলীৰ দুই লক্ষ জনতাৰ সপোন পূৰণ হ'বলৈ আগবাঢ়িছে । ৯২৫ কোটি টকা ব্যয়েৰে মাজুলীবাসীৰ এই সপোনৰ ৮.২৫ কিলোমিটাৰ দীঘল দলংখনৰ খুঁটা নিমার্ণৰ কাম ইতিমধ্যে চলি আছে ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দলঙৰ কাম ২০২৬ চনৰ ভিতৰত হ'ব বুলি জানিবলৈ দিছিল । দলংখনৰ কাম আৰম্ভ হোৱাৰ লগে লগেই আনন্দিত হৈ পৰিছিল মাজুলীৰ দুই লক্ষ জনতা । কিন্তু দুখৰ কথা যোৰহাট-মাজুলী সংযোগী দলংখনৰ এটা খুঁটাই এতিয়া টোপনি হৰিছে দক্ষিণপাট এটি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ।

যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মীয়মান আঠ নং খুঁটাৰ কাষত বসবাস কৰা কেইবাটাও পৰিয়ালৰ মাজত এতিয়া লাগিছে হাহাকাৰ । কিয়নো আঠ নং খুঁটাৰ কাম চলিলেই খুঁটাটোৰ সমীপৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত ফাঁট মেলে, ঘৰৰ ভেটি বহি যায় । আঠ নং খুঁটাৰ চাৰিও কাষ বহি যোৱাৰ সমান্তৰালকৈ পৰিয়াল কেইটাৰ ঘৰ ভেটি সমূহ বহি যোৱাক লৈ চিন্তিত হৈ পৰা ৰাইজে বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে এক অজান আতংকৰ মাজত জীয়াই থাকিব লগা হৈছে ।

পূৰ্বেও বিতৰ্কৰ মাজত সোমাইছিল এই আঠ নম্বৰৰ খুঁটাটো । এতিয়া খুঁটাটো তললৈ বহুৱাবলৈ খনন কাৰ্য চলালেই খুঁটাটোৰ সমীপত বাস কৰা পৰিয়াল কেইটাৰ বাসগৃহ ন ন স্থানত বহি যায়, লগতে বিভিন্ন স্থানত ফাঁট মেলে । পৰিয়াল কেইটাই চৰকাৰ তথা জিলা প্রশাসন আহ্বান জনাইছে যাতে অতি সোনকালে নিৰাপদ স্থানলৈ তেওঁলোকক স্থানান্তৰিত কৰে ।

উজনি মাজুলী ৰাজহ চক্ৰ বিষয়াই ইতিমধ্যে পৰিদৰ্শন কৰিছে বাসগৃহ কেইটা । দলং নিৰ্মাণ প্রতিষ্ঠানেও এই গোটেই বিষয়টোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । এতিয়া জিলা প্রশাসন আৰু চৰকাৰে এই পৰিয়াল কেইটাৰ সম্পর্কত কি ভূমিকা লয় সেয়া লক্ষনীয় হ'ব । অৱশ্যে দলং নিৰ্মাণক লৈ অকনো আপত্তি নাই এই কেইটা পৰিয়ালৰ ।

তেওঁলোকে সংবাদ মাধ্যমক জনোৱা মতে, মাজুলীৰ বাবে এখন দলং অতিকৈ গুৰুত্বপূৰ্ণ । গতিকে দলংখনৰ নিৰ্মাণ হওক । তেওঁলোকে মাত্ৰ চৰকাৰৰ পৰা জীৱনৰ নিৰাপত্তাৰ বাবেহে সহায় আশা কৰিছে ।

লগতে পঢ়ক: দহ বছৰে সম্পূৰ্ণ নহ'ল যোৰহাট বাইপাছৰ পৰা জাঁজী চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ - extension of janji four lane road

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.