ETV Bharat / state

দহ বছৰে সম্পূৰ্ণ নহ'ল যোৰহাট বাইপাছৰ পৰা জাঁজী চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ - extension of janji four lane road

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 6:56 PM IST

Artificial flood in Teok: মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অসাৰ । এজাক বৰষুণতেই জলমগ্ন টীয়ক নগৰ । এই সমস্যা সমাধান কৰিবলৈ ৰাইজে দাবী জনাইছে ।

Artificial flood in Tiyak
জাঁজী চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ

জাঁজী চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ

টীয়ক, ২৬ মাৰ্চ: বিগত ১০ বছৰে যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ নোহোৱাত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে । ২০১৪ৰ পৰা এই পথ নিৰ্মাণৰ কাম আৰম্ভ হয় যদিও এই পৰ্যন্ত সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ নোহোৱাকৈয়ে থাকিল । ফলত যোৱা নিশা অহা এজাক বৰষুণৰ ফলত টীয়ক নগৰখন কৃত্ৰিম বানৰ কবলত পৰে ।

উল্লেখ্য় যে ২০১৪ৰ পৰা আজি দহ বছৰে উজনি অসমৰ যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ নোহোৱাৰ ফলত বিগত সময়ছোৱাত বহুতো লোক চিৰদিনৰ বাবে ঘূণীয়া হ'বলগীয়া হৈছে । বহুতো লোকে অকালতে মৃত্যুক সাৱটি লৈছে । ইয়াৰ সমান্তৰালকৈ টীয়ক নগৰ এলেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা আবাসিকসকলে বাৰুকৈ অসুবিধাত পৰিছে ।

উল্লেখযোগ্য যে আজিৰ পৰা ছয় মাহৰ পূৰ্বে টীয়কত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই উক্ত পথছোৱা এই বাৰিষাৰ আগত সম্পূৰ্ণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও যোৱা সোমবাৰে নিশা অহা এজাক বৰষুণৰ ফলত নগৰখন কৃত্ৰিম বানৰ কবলত পৰে । ইপিনে, টীয়কলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণক লৈ বৰ্তমান কৰ্মৰত ঠিকাদাৰী প্ৰতিস্থানটোৱে কোনো পৰিকল্পনা নকৰাকৈ য'তে ত'তে পথ নিৰ্মাণৰ নামত গাঁত খান্দে । এতিয়া এসপ্তাহজুৰি কামৰ অগ্ৰগতি নোহোৱাত নগৰৰ দোকানসমূহলৈ গ্ৰাহক অহা যোৱা কৰিবলৈ বাট নাইকীয়া হৈছে ।

ইয়াত এনে এক পৰিবেশৰ সৃষ্টি হৈছে য'ত গাড়ী-মটৰচাইকেল ৰখাবলৈ স্থান নোহোৱা হৈছে । পথৰ কাষৰীয়া আবাসিক অঞ্চলৰ লোকসকল ঘৰৰ পৰা ওলাই অহাত যথেষ্ট অসুবিধা হৈছে । সেয়ে অনতি পলমে এইসমূহ সমস্যা সমাধান কৰি বিশেষকৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ ৰাইজে অহা-যোৱা কৰাৰ পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ব্যৱসায়ী সন্থাৰ সভাপতিগৰাকীয়ে ।

ইপিনে, আগন্তুক বাৰিষাৰ পূৰ্বে টীয়কবাসীক যাতায়তৰ ক্ষেত্ৰত সুবিধা কৰি দিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড কৰ্তৃপক্ষক তথা জিলা আয়ুক্তক আহ্বান জনাইছে ।

লগতে পঢ়ক:জোনাইত পথ নিৰ্মাণৰ দাবীত ক্ষুব্ধ ৰাইজে দাহ কৰিলে ভূৱন পেগু-প্ৰদান বৰুৱাৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.