জোনাইত পথ নিৰ্মাণৰ দাবীত ক্ষুব্ধ ৰাইজে দাহ কৰিলে ভূৱন পেগু-প্ৰদান বৰুৱাৰ পুত্তলিকা

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 8:55 PM IST

thumbnail

জোনাই, ১০ মাৰ্চ: ধেমাজি জিলাৰ জোনাই সমষ্টিৰ মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মধুপুৰত পথ নিৰ্মাণৰ দাবীত দেওবাৰে শতাধিক ৰাইজে স্থানীয় বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্য়স্ত কৰে । ক্ষুব্ধ ৰাইজে বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ পুত্তলিকা দাহ কৰে ।

ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে জোনাইৰ মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১,২,৩ আৰু ৪ নং মধুপুৰকে ধৰি দহখনৰো অধিক গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি বিধ্বস্ত পথেৰে বোকা পানী গছকি বহিঃজগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে । এই পথছোৱা নিৰ্মাণৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক তথা সাংসদকে ধৰি বিভাগীয় মন্ত্ৰীক কেইবাবাৰো আবেদন-নিবেদন কৰাৰ পিছতো আজিকোপতি কোনোধৰণৰ গুৰুত্ব নিদিলে । 

ভুক্তভোগী ৰাইজে ক্ষুব্ধ হৈ দেওবাৰে এনেদৰে বিধায়ক আৰু সাংসদ প্ৰদান বৰুৱাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজে লগতে "বিজেপি চৰকাৰ হায় হায়","প্ৰদান বৰুৱা গ'বেগ","ভূৱন পেগু গ'বেগ" শ্লোগান দিয়ে ৷ ইফালে,এই পথচোৱা শীঘ্ৰে নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক:শোণিতপুৰত 1,370 কোটিৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.