ETV Bharat / state

ব্ৰিটিছে ৰোপন কৰা ১২৩ বছৰীয়া এজাৰে বেজাৰ দিয়া নাই তেজপুৰত - Myrtle Flowers in Tezpur

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 8:20 PM IST

Crape myrtle at Tezpur Judicial Court: গুলপীয়া হৈ পৰিছে তেজপুৰৰ ন্যায়িক আদালতৰ চৌহদ ৷ ব্ৰিটিছেই ৰোপন কৰি থৈ যোৱা এজাৰ গছবোৰে হাঁহিছে ৷ চকু থৰ হৈছে সকলোৰে ৷

Crape myrtle at Tezpur Judicial Court
তেজপুৰত ব্ৰিটিছে ৰোপণ কৰা ১২৩ বছৰীয়া এজাৰ (ETV Bharat Assam)

তেজপুৰত ব্ৰিটিছে ৰোপণ কৰা ১২৩ বছৰীয়া এজাৰ (ETV Bharat Assam)

তেজপুৰ, ১৬ মে’ : বিহু সম্ৰাট প্ৰয়াত খগেন মহন্তৰ সেই কালজয়ী গীতটো মনত পৰেনে ? ‘‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহী ঐ...’’ ৷ গীতটো শুনিলে মনত পৰে এজাৰ ফুললৈ । কিন্তু এই এজাৰে বহুতকে বেজাৰৰ মাজতে একাংশ লোকৰ মন প্ৰফুল্লিত কৰে ৷

প্ৰায় ১২৩ বছৰৰ এক ইতিহাস । এখন আদালতৰ চৌহদত শাৰী শাৰীকৈ থকা এজাৰ গছৰ এক নয়নাভিৰাম দৃশ্য । আঁতৰৰ পৰাই মন জুৰ পেলোৱা নান্দনিক ঈষৎ ৰঙা-বেঙুনীয়া ফুলেৰে জাতিষ্কাৰ এখন আদালতৰ চৌহদ । ক’বলৈ বিচৰা হৈছে তেজপুৰ জিলা আদালত চৌহদৰ কথা ।

তেজপুৰ জিলা আদালতৰ প্ৰৱেশ দ্বাৰৰ পৰা সমগ্ৰ চৌহদত শাৰী শাৰীকৈ থকা প্ৰায় ৩০ জোপা এজাৰৰ এই বেঙুনীয়া ফুলে এতিয়া চৌদিশ ৰঙীণ কৰি তুলিছে । 1901 চনত ব্ৰিটিছ চাহাব মাৰ্টিন বাৰ্ণাৰৰ প্ৰচেষ্টাত ৰোপণ কৰা হৈছিল এই এজাৰ গছসমূহ । এজাৰসমূহে ১২৩ বছৰ গৰকিলে ৷ কিন্তু কোনো অভিমান নকৰাকৈয়ে একে ঠাইতে প্ৰতি বছৰে বিলাই আহিছে ইয়াৰ সৌন্দৰ্য আৰু আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দেশ-বিদেশৰ পৰ্যটকক ।

লগতে পঢ়ক: কাজিৰঙাৰ ৰূপত মোহাচন্ন বাটৰুৱা

তেজপুৰবাসী আৰু আদালতখনৰ বিষয়া-কৰ্মচাৰীসকলে ইয়াকে লৈ গৌৰৱ অনুভৱো কৰে । এই এজাৰ গছ ৰোপন কৰি যোৱা ব্ৰিটিছসকলে আজিও পত্ৰৰ যোগেদি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ইয়াৰ খবৰ লয় মাজে মাজে । বিগত কিছু বছৰৰ পূৰ্বে লণ্ডনৰ পৰা পত্ৰৰ যোগেদি ইয়াৰ প্ৰতিপালৰ বিষয়ে খবৰ লৈছিল ব্ৰিটিছে ।

উল্লেখ্য যে এজাৰ বেঙুনীয়া ৰঙৰ ফুলৰ এবিধ পৰ্ণপাতী উদ্ভিদ । বিশেষকৈ এছিয়াৰ ভিতৰত ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, অষ্ট্ৰেলিয়া আৰু চীন দেশত এই গছ পোৱা যায় এজাৰ গছ । এজাৰৰ বৈজ্ঞানিক নাম Lagerstroemia speciosa. ইয়াৰ পূৰ্ণ বয়সৰ গছ এজোপা ১০ মিটাৰৰ পৰা ২০ মিটাৰ পৰ্যন্ত ওখ হয় । গা-গছ পোন, চেগুণ গছৰ নিচিনা । পাতবোৰ প্ৰায় ২৫ ছে. মি. দীঘল আৰু ৬-৮ ছে. মি. বহল হয় ।

এজাৰৰ পাতবোৰ আগলৈ জোঙা আকৃতিৰ । পাতৰ মধ্যসিৰা স্পষ্ট, কিন্তু তাৰ দুই কাষত থকা পাৰ্শ্বসিৰা ১০-২০যোৰ পাতৰ দাঁতিলৈ ভাজখোৱা । ফেব্ৰুৱাৰী-মাৰ্চ মাহত গছৰ পাতবোৰ সম্পূৰ্ণকৈ সৰি গৈ মে’ মাহত নতুন কুঁহিপাত আৰু ফুলৰ কলি ওলায় । কলিবোৰ দীঘল থোপা বা যৌগিক ৰেচিম বিন্যাসত সজ্জিত হৈ থাকে ।

লগতে পঢ়ক: কনকাত বিচাৰি পাব হেৰাই যোৱা এখন নিভাঁজ গাঁও

থোপাবোৰ প্ৰায় ৩০ ছে. মি. মান দীঘল হয় । সাধাৰণতে মৌচুমী বতাহ প্ৰবাহিত হোৱা সময়ত মে’ মাহৰপৰা ছেপ্তেম্বৰ মাহৰ সময়চোৱাত এই এজাৰ ফুলে । আনহাতে সংগ্ৰহ কৰা তথ্য অনুসৰি ইয়াৰ অৰ্থনৈতিক মূল্যও আছে ৷ মনোমোহা ৰঙীন ফুলৰ বাবে নগৰ-চহৰৰ পথৰ দাঁতিত এজাৰে পৰ্যটকক আকৰ্ষিত কৰে । তদুপৰি গছৰ কাণ্ড পানীত সহজে নপচে । সেইবাবে এইবিধ গছৰপৰা বিভিন্ন ধৰণৰ খুঁটা, ব'ঠা আৰু পানীৰ সৈতে সহজে ব্যৱহাৰ হৈ থকা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয় ।

এজাৰৰ কিছু ঔষধি গুণো আছে ৷ এজাৰৰ পৰা নানাবিধ বন-দৰৱ প্ৰস্তুত কৰা হয় । ইয়াৰ গুটিৰ পৰা নিচাজাতীয় দ্ৰব্য তৈয়াৰ কৰা হয় । আনহাতে এই গছৰ বাকলি আৰু শিপাৰ পৰা জ্বৰৰ উপৰিও গ্ৰহণী ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰা হয় । বহুমূত্ৰ ৰোগৰ বাবে এই গছৰ সকলো অংশই ঔষধৰূপে ব্যৱহৃত হয় ।

সেয়া যিয়েই নহওক, তেজপুৰ আদালতলৈ বেজাৰ কৰি অহা সকলোকে সৌন্দৰ্য আৰু ক্ষন্তেক জিৰণি লোৱাৰ সুবিধা দিছে এজাৰ গছসমূহে ।

লগতে পঢ়ক: তেজপুৰ তথা বিশ্বনাথঘাটৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.