ETV Bharat / state

বিদ্যালয়ৰ ভূমিত ডেকা সত্ৰাধিকাৰৰ চকু ! বেদখল বিঘাই বিঘাই মাটি

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:04 PM IST

Narayanpur HS School
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

Encroachment in Narayanpur: এইবাৰ ডেকা সত্ৰাধিকাৰে ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ নাৰায়ণপুৰৰ এখন বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ উত্থাপিত হৈছে বদলা পদ্ম আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপজ্যোতি মহন্তৰ বিৰুদ্ধে ৷

নাৰায়ণপুৰত বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ

বিহপুৰীয়া, 16 মাৰ্চ : সত্ৰৰ মাটি বেদখল নহয়, এইবাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ নামিল বিদ্যালয়ৰ ভূমি বেদখলত ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই কাণ্ড ৷ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী সত্ৰাধিকাৰৰ বিৰুদ্ধে ।

নাৰায়ণপুৰস্থিত বদলা পদ্ম আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপজ্যেতি মহন্তৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷ লখিমপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত থকা চাৰি বিঘা মাটি ডেকা সত্ৰাধিকাৰগৰাকীয়ে বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ অধ্যক্ষা আৰু পৰিচালনা সমিতিয়ে ।

অভিযোগ অনুসৰি নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীৰ লগতে লাট মণ্ডলৰ সহযোগত ডেকা সত্ৰাধিকাৰ দীপজ্যেতি মহন্তই বিদ্যালয়খনৰ ভূমি বেদখল কৰে ৷ তথ্য অনুসৰি বিদ্যালয়খনৰ নামত ২২ বিঘা ৩ কঠা ১২ লেচা মাটি থাকিব লাগে । কিছুদিনৰ পূৰ্বে বিদ্যালয়খনৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই । নিৰ্মাণকাৰ্যৰ বাবে ইতিমধ্যে ধনো আৱন্টন হ’ল ৷ কিন্তু উক্ত মাটিখিনৰ ওপৰত চকু পৰিল দীপজ্যোতি মহন্তৰ ৷

অভিযোগ অনুসৰি যোৱা 13 মাৰ্চত বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অজ্ঞাতে ৰাজহ চক্ৰ বিষয়াই দীপজ্যোতি মহন্তক চাৰি বিঘা মাটি চমজাই দিয়ে ৷ কেৱল ভূমি বেদখল কৰাতেই ক্ষান্ত নাথাকি উক্ত ভূমিত বাঁহেৰে ঘৰ নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপিত হৈছে ডেকা সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে যি সময়ত সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ঠিক সেই সময়তে এগৰাকী ডেকা সত্ৰাধিকাৰৰ বিৰুদ্ধে বিদ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ উত্থাপন হোৱাত সমগ্ৰ নাৰায়ণপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.