ETV Bharat / state

‘কা’ৰ প্ৰসংগত শুনানি: ন্যায় লাভ কৰিব বুলি আশাবাদী সমুজ্জ্বল ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 8:27 PM IST

CAA Hearing: ‘কা’ৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত অসমৰ জনসাধাৰণে ন্যায় লাভ কৰিব বুলি আশাবাদী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ আছু আৰু নেছ’ৰ অধিবক্তাই ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি বিষয়টো দাঙি ধৰা বুলি মন্তব্য নেছ’ৰ উপদেষ্টাগৰাকীৰ ৷

CAA Hearing in sc
উচ্চতম ন্যায়ালয়ত কা শুনানি

‘কা’ৰ শুনানিৰ সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য

গুৱাহাটী,১৯ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিধি আৰু নিয়মাৱলীৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ আজি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে । আজিৰ এই শুনানিত অসম, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিষয়টো সুকীয়াকৈ শুনানি গ্ৰহণ কৰাৰ কথা ন্যায়ালয়ে দোহাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘কা’ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সকলো আবেদনক সংযুক্ত কৰিবৰ বাবে পূৰ্বতে দুগৰাকী ন’ডেল বিষয়া নিয়োগ কৰিছিল যদিও আজি পুনৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আবেদনসমূহক সংযুক্ত কৰিবৰ বাবে সুকীয়াকৈ দুগৰাকী ন’ডেল বিষয়া নিয়োগ কৰিছে । অধিবক্তা অংকিত যাদৱ আৰু কানু আগৰৱালক এই দায়িত্ব অৰ্পণ কৰিছে ন্যায়ালয়ে ।

৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে ‘কা’ৰ বিধি আৰু নিয়মাৱলী স্থগিতাদেশৰ সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব । ৯ এপ্ৰিলৰ আগত স্থগিতাদেশ বিচাৰি জনোৱা আবেদনসমূহৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে । এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ 'নেছ'ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে উচ্চতম ন্যায়ালয়ত অসমৰ জনসাধাৰণে ন্যায় লাভ কৰিব বুলি তেওঁলোক আশাবাদী ৷

ন্যায়ালয়ৰ ওপৰত আস্থা আছে বুলি সদৰী কৰি তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰয়োগৰ স্থগিতকৰণ সন্দৰ্ভত বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি হয় । 'কা'ৰ অধিনিয়মক প্ৰত্যাহ্বান জনোৱা সকলো আবেদনৰ আজি ন্যায়ালয়ত শুনানি হয় । শুনানিৰ অন্তত ন্যায়ালয়ে সকলো আবেদনৰ ওপৰত উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনা দিছে । ২ এপ্ৰিলৰ ভিতৰত চৰকাৰে সকলো আবেদনৰ উত্তৰ দিব লাগিব ।

আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ স্থগিতাদেশৰ পৰৱৰ্তী শুনানি ৯ এপ্ৰিলত হ’ব । তেওঁ কয় যে 'কা' প্ৰয়োগৰ ক্ষেত্ৰত ইনাৰলাইন পাৰ্মিট থকা উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে ৰেহাই দিছে । লগতে ষষ্ঠ অনুসূচীৰ এলেকাসমূহক ৰেহাই দিয়া হৈছে । সেই অনুসৰি মেঘালয়ৰ ৯৮ শতাংশ, ত্ৰিপুৰাৰ ৭০ শতাংশ এলেকা ৰেহাই দিয়া হৈছে । অসমৰ ৩৫ খন জিলাৰ ভিতৰত ৮ খন জিলাক ৰেহাই দিয়া হৈছে যদিও ২৭ খন জিলাৰ ওপৰত 'কা' প্ৰয়োগ হৈ আছে ।

এই অন্যায়ৰ ক্ষেত্ৰত ন্যায়ালয়ত আছু আৰু নেছ’ৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰি বিষয়টো দাঙি ধৰিছে বুলি তেওঁ কয় অসম আৰু ত্ৰিপুৰাসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টো আগুৱাই নিয়াৰ বাবে ন্যায়ালয়ে অধিবক্তা অংকিত যাদৱক ন'ডেল অধিবক্তা হিচাপে নিযুক্ত কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা অসম আৰু ত্ৰিপুৰাসহ উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাটো সুকীয়া হিচাপে আগুৱাই নিয়াত সহায়ক হ'ব ।

লগতে পঢ়ক: ভাৰতত 'কা' বলৱৎ হোৱাৰ পিচত বাংলাদেশত কি পৰিৱেশ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.