ETV Bharat / bharat

ভাৰতত 'কা' বলৱৎ হোৱাৰ পিচত বাংলাদেশত কি পৰিৱেশ ?

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 6:49 PM IST

Updated : Mar 19, 2024, 8:13 PM IST

Impact Of CAA: বাংলাদেশত ‘কা’ক লৈ হিন্দু-মুছলমানৰ কি প্ৰতিক্ৰিয়া ? কিয় বাংলাদেশৰ হিন্দু নাগৰিকৰ ওপৰত বাঢ়িছে অত্যাচাৰ ? বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিবৰ সৈতে ৷

Impact Of CAA in Bangladesh
Hindus in Bangladesh

ভাৰতত 'কা' বলৱৎ হোৱাৰ পিচত বাংলাদেশত কি পৰিৱেশ ?

গুৱাহাটী, ১৯ মাৰ্চ: ভাৰতত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলৱৎ কৰাৰ লগে লগে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতন আৰু অধিক প্ৰকট হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত প্ৰাণৰ মমতাত বহু হিন্দু বাংলাদেশীয়ে দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে ভাৰতত বাংলাদেশৰ হিন্দুক নাগৰিকত্ব দিব বুলি চৰ্চা হোৱাৰ ফলতো বহুতে এৰিছে দেশ ৷ এই কথা জানিবলৈ দিছে বাংলাদেশৰ বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব অধিবক্তা গোবিন্দ চন্দ্ৰ প্ৰামাণিকে ৷ ভাৰতত ‘কা’ বলৱৎ হোৱাৰ পিচত বাংলাদেশৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব অধিবক্তা গোবিন্দ চন্দ্ৰ প্ৰামাণিকৰে আছুতীয়া টেলিফোনিক বাৰ্তালাপ কৰা হৈছিল ।

যিটো বাৰ্তালাপত তেওঁ বহুকেইটা দিশ উন্মোচিত কৰাৰ লগতে কেতবোৰ বিস্ফোৰক তথ্যও সদৰী কৰে । বাৰ্তালাপত তেওঁ বাংলাদেশত ‘কা’ৰ প্ৰভাৱ সন্দৰ্ভত কয় যে বাংলাদেশৰ মুছলমানসকলে ইয়াক ঘৃণাৰ দৃষ্টিৰে চাইছে ৷ কাৰণ আইনখনত মুছলমানসকলক উপেক্ষা কৰা হৈছে । আইনখনক সাম্প্ৰদায়িক আখ্যা দিছে বাংলাদেশৰ মুছলমানসকলে । আনহাতে ভাৰতৰ মুছলমানসকলক খেদি পঠিওৱা হ'ব বুলিও বাংলাদেশত উৰাবাতৰি বিয়পিছে । আইনখনক লৈ বাংলাদেশৰ হিন্দুসকলৰ বিশেষ কোনো প্ৰতিক্ৰিয়া নাই ।

ইয়াৰ কাৰণ সন্দৰ্ভত গোবিন্দ চন্দ্ৰ প্ৰামাণিকে কয় যে ২০১৪ চনৰ আগতে ভাৰতত যোৱাসকলে নাগৰিকত্ব লাভ কৰিব । ইয়াত থকাসকলৰ বাবে কোনোধৰণৰ লাভ নহয় । কিন্তু এই আইনখন বলৱৎ কৰাৰ লগে লগে দুষ্টচক্ৰই হিন্দুসকলৰ ওচৰত ভয়াৱহ নিৰ্যাতন নমাই আনিছে । বাংলাদেশ ইছলামিক ৰাষ্ট্ৰ আৰু ইয়াত হিন্দু থাকিব নালগে বুলি একাংশই হিন্দুসকলক দেশ এৰি যাবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে । বাংলাদেশত হিন্দুৰ জনসংখ্যা সন্দৰ্ভত তেওঁ কয় যে চৰকাৰী হিচাপত বাংলাদেশত হিন্দুৰ জনসংখ্যাৰ হাৰ হৈছে ৭.৯৫ শতাংশ । কিন্তু বাস্তৱত এই হাৰ আৰু বেছি হ’ব । ২০১৫ চনত এই হাৰ আছিল ১০.৭ শতাংশ ।

আনহাতে বাংলাদেশত হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে ধৰ্মান্তৰকৰণৰ প্ৰভাৱ আছে যদিও সেই সংখ্যা বেছি নহয় । হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে দেশত্যাগ । প্ৰাণৰ মমতাত বাংলাদেশ ত্যাগ কৰা হিন্দুসকলে ভাৰতত আশ্ৰয় লোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে ভাৰতত নাগৰিকত্বৰ বিষয়টো চৰ্চালৈ অহাৰ পিচতেই বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল ।

এতিয়া সেই অত্যাচাৰ দুশগুণ বৃদ্ধি পাইছে । যাৰ বাবে তেওঁ দ্বি-নাগৰিকত্বৰ প্ৰসংগ উত্থাপন কৰি কয় যে দ্বি-নাগৰিকত্ব হ'লে বাংলাদেশৰ হিন্দুসকলৰ বাবে ভাল হ'ব । কাৰণ বৰ্তমান সময়ত বাংলাদেশৰ হিন্দুসকলে ভাৰতত প্ৰৱেশ কৰিলেও আইন অনুসৰি নাগৰিকত্ব লাভ নকৰিব । দ্বি-নাগৰিকত্ব হ'লে ১৯৬৪ চনৰ সংঘাতৰ সময়ত মাটি-বাৰী এৰি ভাৰতলৈ যোৱা লোকসকলৰ পৰিয়ালো আহিব পাৰিব ৷

লগতে তেওঁ বাংলাদেশৰ হিন্দুসকল ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত ভিছামুক্ত কৰাৰ বাবেও ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনায় । ভাৰতত হিন্দু বাংলাদেশীৰ অনুপ্ৰৱেশ সন্দৰ্ভত তেওঁ কয় যে ১৯৭১ চনৰ পিচত বাংলাদেশৰ পৰা প্ৰায় চাৰে চাৰি কোটি হিন্দু লোকৰ ভাৰতত প্ৰৱেশ ঘটিছে । হিন্দু বাংলাদেশীৰ ভাৰতত প্ৰৱেশৰ প্ৰক্ৰিয়া বৰ্তমান সময়ত আৰু অধিক দ্ৰুতগতিত বৃদ্ধি পোৱাৰ কথা তেওঁ সদৰী কৰে ।

বিগত ছয় বছৰত বাংলাদেশত হিন্দুৰ জনসংখ্যা ২.৮ শতাংশ হ্ৰাস পোৱা বুলি সদৰী কৰি তেওঁ কয় যে সকলো হিন্দু ধৰ্মান্তৰকৰণৰ চিকাৰ হোৱা নাই । পশ্চিমবংগৰ গাঁও অঞ্চলত হিন্দু বাংলাদেশী লোকে ব্যাপকভাৱে আশ্ৰয় লোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে আন্দামানৰ ৯০ শতাংশ লোক বাংলাদেশী । তেওঁ লগতে কয় যে কোনেও নিজৰ পৱিত্ৰ মাতৃভূমি এৰি আন ঠাইলৈ যাব নিবিচাৰে । কিন্তু নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত বহুতে যাবলৈ বাধ্য হৈছে ।

চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে বাংলাদেশৰ হিন্দুসকলৰ প্ৰতি দৃষ্টি ৰখাটো আমি ভাৰত চৰকাৰৰ প্ৰতি আশা কৰো বুলি তেওঁ কয় । বাংলাদেশৰ হিন্দু সকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীৰৱতাই তেওঁলোকৰ মনত খুব আঘাত দিয়াৰ কথাও তেওঁ সদৰী কৰে ।

তেওঁ বাংলাদেশৰ সংসদত সংখ্যালঘুসকলৰ বাবে আসন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবেও আহ্বান জনায় । লক্ষ্যণীয় বিষয় যে প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা আঁতৰি গৈ বিভিন্ন কাৰণত ভাৰতত প্ৰৱেশ কৰা অমুছলমান লোকসকলক নাগৰিকত্ব প্ৰদানৰ বাবে ভাৰতচৰকাৰে 'কা' বলৱৎ কৰিলে যদিও বাংলাদেশত ইয়াৰ বিৰূপ প্ৰভাৱহে পৰিছে ।

হিন্দুসকলৰ কল্যাণৰ বাবে আইনখন প্ৰৱৰ্তন কৰিছে যদিও বাস্তৱত বাংলাদেশত বসবাস কৰা হিন্দুসকল এতিয়া বিপদতহে পৰিছে । নাগৰিকত্বৰ প্ৰসংগটোক লৈ ২০১৪ চনৰ পৰা বৰ্তমানলৈ বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন দুশ শতাংশপর্যন্ত বৃদ্ধি পাইছে । বাস্তৱত 'কা'ই বাংলাদেশৰ হিন্দুসকলৰ জীৱন দুৰ্বিষহ কৰি তুলিছে ।

ইফালে নিৰ্যাতন সহ্য কৰিব নোৱাৰি মাটি-ভেটি ত্যাগ কৰি ভাৰতত এতিয়াও প্ৰৱেশ কৰি থকা হিন্দু বাংলাদেশীসকলৰ প্ৰসংগত ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট নহয় । আনহাতে অসমৰ দৰে ৰাজ্যৰ বাবে বাংলাদেশীৰ বোজা বহন কৰাটো কোনোকাৰণতে গ্ৰহণযোগ্য নহয় । কাৰণ দশক দশক ধৰি অসমে অবৈধ্য বিদেশীৰ সমস্যাৰে যুঁজ দি আহিছে । ভোটৰ অংকৰ বিপৰীতে চৰকাৰখনে এইক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি

Last Updated : Mar 19, 2024, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.