ETV Bharat / bharat

আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 11:00 AM IST

CAA hearing in Supreme Court : নাগৰিকত্ব সংশোধনী আইন (CAA) ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে । কিন্তু উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে ২০০-তকৈও অধিক আবেদন দাখিল কৰা হৈছে । মঙলবাৰে উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি হ'ব ।

আজি উচ্চতম ন্যায়ালয়ত চিএএ গোচৰৰ শুনানি
আজি উচ্চতম ন্যায়ালয়ত চিএএ গোচৰৰ শুনানি

নিউজ ডেস্ক, ১৯ মাৰ্চ : মঙলবাৰে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব CAA ৰ শুনানি । ইয়াৰ বিৰুদ্ধে দুই শতাধিক আবেদন দাখিল কৰা হৈছে । এই আবেদন মুখ্যত কেৰালাৰ ইউডিএফ চৰকাৰ, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচি, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল) আৰু অন্যান্যসকলে দাখিল কৰিছে । এই আবেদনসমূহে CAA ৰূপায়ণৰ ওপৰত স্থগিতাদেশ বিচৰাৰ লগতে CAA ক অসাংবিধানিক ঘোষণা কৰাটো বিচাৰিছে ।

ওৱাইচিয়ে উচ্চতম ন্যায়ালয়ত CAA ৰূপায়ণৰ ওপৰত নিষেধাজ্ঞা বিচাৰি এখন আবেদন দাখিল কৰিছে । ওৱাইচিয়ে এই আবেদনত অসমত ১.৫ লাখ মুছলমানৰ বিষয়টো উত্থাপন কৰিছে । তেওঁ কয় যে বহু লোক এই আইনৰ প্ৰভাৱত পৰিব । কেৰালা চৰকাৰে CAA নিয়মৰ কাৰ্যকৰীকৰণ স্থগিত ৰাখিবলৈ অন্তৱৰ্তীকালীন আদেশ বিচাৰিছে ।

কেৰালা চৰকাৰে CAA নিয়মসমূহক অসাংবিধানিক বুলি অভিহিত কৰিছে । ৰাজ্য চৰকাৰখনে ভাৰতৰ তিনিখন চুবুৰীয়া দেশৰ ছয়টা ধৰ্মৰ সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰণয়ন কৰা আইনক প্ৰত্যাহ্বান জনাইছে । কেৰালাৰ ইউডিএফ চৰকাৰে কৈছে যে ধৰ্মৰ ভিত্তিত বৈষম্য অযুক্তিকৰ আৰু ধৰ্মনিৰপেক্ষ নীতিৰ উলংঘন ।

লগতে এইটোও কোৱা হৈছে যে CAA গৃহীত হোৱাৰ চাৰি বছৰ পিছত ইয়াক কাৰ্যকৰী কৰা হৈছে । ইয়াৰ স্পষ্ট অৰ্থ হৈছে যে কেন্দ্ৰীয় চৰকাৰে আইনখন ৰূপায়ণৰ বাবে খৰধৰ কৰা নাছিল ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ১১ মাৰ্চত CAA কাৰ্যকৰী কৰে । এই আইনখন ২০১৯ চনত সংসদত গৃহীত হয় । CAA য়ে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ নিৰ্যাতিত অনা-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰে ।

লগতে পঢ়ক : দিল্লীৰ সুৰা নীতি কেলেংকাৰী : লাভালাভৰ বিনিময়ত কে কবিতাই আপ নেতাক দিছিল ১০০ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.