ETV Bharat / bharat

দিল্লীৰ সুৰা নীতি কেলেংকাৰী : লাভালাভৰ বিনিময়ত কে কবিতাই আপ নেতাক দিছিল ১০০ কোটি টকা

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:21 AM IST

Delhi excise policy: দিল্লীৰ সুৰা নীতি কেলেংকাৰীত আপ নেতাসকলৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হৈছিল কে কবিতা । লাভালাভৰ বিনিময়ত ১০০ কোটি টকাও দিছিল । ইডিয়ে প্ৰেছ বিজ্ঞপ্তিত কবিতাৰ গ্ৰেপ্তাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিছে ।

Delhi excise policy
লাভালাভৰ বিনিময়ত কে কবিতাই আপ নেতাক দিছিল ১০০ কোটি টকা

নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ : ইডিয়ে দাবী কৰা মতে দিল্লীৰ সুৰা নীতিৰ অধীনত বিআৰএছ এমএলচি কে কবিতাই লাভ কৰা লাভালাভৰ বিনিময়ত আপ নেতাসকলক ১০০ কোটি টকা পৰিশোধ কৰিছিল । তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যা কে কবিতাক গ্ৰেপ্তাৰৰ পিচতে এই কথা উল্লেখ কৰিছে তদন্তকাৰী সংস্থাটোৱে ।

যোৱা ১৫ মাৰ্চত হায়দৰাবাদত ইডিয়ে বিআৰএছ নেত্ৰী কবিতাক গ্ৰেপ্তাৰ কৰিছিল । সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে ইডিয়ে গ্ৰেপ্তাৰ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিছে । দিল্লীৰ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱাৰ পিচত দিল্লীৰ পিএমএলএ বিশেষ আদালতে তেওঁক ২৩ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে ।

হায়দৰাবাদত কবিতাৰ ঘৰত এই মাহৰ ১৫ তাৰিখে তালাচী চলোৱা হৈছিল । সেই সময়ত কবিতাৰ আত্মীয় আৰু সহকৰ্মীসকলে ইডি বিষয়াসকলক বাধা দিছিল । ইডিয়ে দাবী কৰা মতে কবিতাই আন একাংশৰ সৈতে দিল্লীৰ সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণৰ পৰা লাভান্বিত হ'বলৈ অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছোদিয়াৰ দৰে শীৰ্ষ আপ নেতাৰ সৈতে ষড়যন্ত্ৰ কৰিছিল ।

ইডিৰ মতে ২০২১-২২ বৰ্ষত দিল্লীৰ সুৰা নীতি প্ৰণয়ন আৰু ৰূপায়ণ দুৰ্নীতি সংঘটিত হৈছিল আৰু পাইকাৰী বিক্ৰেতাৰ পৰা আপ নেতাসকলক নিৰন্তৰ অনুদান দিয়া দেখা গৈছিল । তাৰ পিচত কবিতা আৰু তেওঁৰ অনুগামীসকলে এই গোটেই ঘটনাটোৰ জৰিয়তে লাভ আৰু বে-আইনী উপাৰ্জন লাভ কৰিবলৈ আপ নেতাসকলক পূৰ্ব-পৰিশোধ কৰা অনুদান লাভ কৰাৰ ষড়যন্ত্ৰ কৰিছিল ।

ইডিয়ে এই ক্ষেত্ৰত দিল্লী, হায়দৰাবাদ, চেন্নাই, মুম্বাই আৰু অন্যান্য স্থানৰ লগতে দেশৰ প্ৰায় ২৪৫ টা স্থানত তালাচী চলাইছে । মনীষ চিছোদিয়া, সঞ্জয় সিং আৰু আপৰ বিজয় নায়াৰসহ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । এখন অভিযোগনামা আৰু ৫ খন পৰিপূৰক অভিযোগনামাও ইডিয়ে দাখিল কৰিছে ।

অভিযানৰ সময়ত ১২৮.৭৯ কোটি টকাৰ সম্পত্তি চিনাক্ত আৰু অস্থায়ীভাৱে জব্দ কৰিছে । ইডিয়ে বিজ্ঞপ্তিত জনোৱা মতে তদন্ত প্ৰক্ৰিয়া এতিয়াও চলি আছে ।

লগতে পঢ়ক : দিল্লীৰ সুৰা নীতি নহয়, আন এক গোচৰত কেজৰিৱালৰ বিৰুদ্ধে ইডিৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.