ETV Bharat / state

গুৱাহাটীত এক্ট ইষ্ট-উত্তৰ-পূব 2.0 শীৰ্ষক ৰাউণ্ড টেবুল সন্মিলন

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 9:36 PM IST

roundtable conference in guwahati on act East policy
ৰাউণ্ড টেবুল সন্মিলন

Act East policy: পৰিবেশ আৰু বন, সংখ্যালঘু উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এক্ট ইষ্ট-উত্তৰ-পূব 2.0 শীৰ্ষক ৰাউণ্ড টেবুল সন্মিলনত উপস্থিত থাকি অসমৰ সৈতে চুবুৰীয়া দেশসমূহৰ সম্পৰ্ক ভাল হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষ্য

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী : গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত শুকুৰবাৰে এক্ট ইষ্ট-উত্তৰ-পূব 2.0 শীৰ্ষক ৰাউণ্ড টেবুল সন্মিলনখন অনুষ্ঠিত হয় । এই সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এই ৰাউণ্ড টেবুল সন্মিলনে উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়া অঞ্চলসমূহৰ মাজত দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু ঘনিষ্ঠ সম্পৰ্কৰ পথ মুকলি কৰিব ।

চুবুৰীয়া দেশসমূহৰ সৈতে অৰ্থনৈতিক সহযোগিতা, সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰাৰ লগতে কৌশলগত সম্পৰ্ক গঢ়ি তুলি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে চুবুৰীয়া দেশসমূহৰ সংযোগ বৃদ্ধি কৰিব । তেওঁ জনাই যে আজিৰ‌ সন্মিলনত ভূটান, নেপাল আৰু বাংলাদেশ চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লগতে কয় যে এক্ট ইষ্ট পলিচীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত এক সংযোগ সেতু নিৰ্মাণ কৰিছে ৷ বাণিজ্য, সাংস্কৃতিক বিনিময়, দুয়োপক্ষৰ জনসাধাৰণৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ লগতে আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে চুবুৰীয়া দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ দৃঢ় প্ৰচেষ্টা আদি সন্মিলনত আলোচনা কৰা হৈছে ।

তেওঁ উল্লেখ কৰে যে নুমলীগড় শোধানাগাৰৰ খাৰুৱা তেল উৎপাদন ৯ নিযুত টনলৈ বৃদ্ধি কৰা হৈছে । নুমলীগড় শোধানাগাৰৰ খাৰুৱা তেল বাংলাদেশলৈ ৰপ্তানি কৰাৰ বাবে বাংলাদেশলৈ পাইপলাইন নিৰ্মাণ কৰি থকা হৈছে । আকৌ অসমত মিথানেল উৎপাদন ৫০০ মেট্টিক টনলৈ বৃদ্ধি কৰা হৈছে । মিথানেল ক্ৰয়‌ কৰাৰ বাবে বাংলাদেশ কিছু আগ্ৰহ দেখুৱাইছে । এইদৰে চুবুৰীয়া দেশৰ লগত বেপাৰ বাণিজ্য বৃদ্ধি কৰি অসমক ধনী ৰাজ্যলৈ‌ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক : বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটীৰ নতুন কমিটী গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.