ETV Bharat / state

বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটীৰ নতুন কমিটি গঠন

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 11:02 PM IST

Builders Association: বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটীয়ে শেহতীয়াকৈ তেওঁলোকৰ নতুন কমিটি গঠন কৰিছে ৷ বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটীৰ উদ্যোগত বৃদ্ধি আৰু সম্প্ৰদায়ৰ সংযোগৰ পোষকতাৰ লক্ষ্যৰে শেহতীয়া কেইবাটাও সাফল্য আৰু আগন্তুক অনুষ্ঠানৰ কথা ঘোষণা কৰে ৷

Builders Association
ল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটীৰ আগন্তুক অনুষ্ঠান ঘোষণা

তেজপুৰ, 15 ফেব্ৰুৱাৰী : বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটীয়ে শেহতীয়াকৈ তেওঁলোকৰ নতুন কমিটি ঘোষণা কৰে ৷ অধ্যক্ষ বিজয় ছাৰাফৰ নেতৃত্বত বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটী অধ্যায়ৰ উদ্যোগত বৃদ্ধি আৰু সম্প্ৰদায়ৰ সংযোগৰ পোষকতাৰ লক্ষ্যৰে শেহতীয়া কেইবাটাও সাফল্য আৰু আগন্তুক অনুষ্ঠানৰ কথা ঘোষণা কৰে ৷ বিশেষকৈ ডাটা ছিকিউৰিটি এণ্ড আৰ্টিফিচিয়েল ইনটেলিজেন্সৰ ওপৰত আলোচনা চক্ৰত এছ'চিয়েচনে হোটেল লিলিত এক আলোচনা চক্ৰৰ আয়োজন কৰে ৷ য'ত ডাটা ছিকিউৰিটি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জটিল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷

ডাটা ছিকিউৰিটিৰ বক্তা, কলকাতাৰ পৰা অহা চি এ ভাৰত ছাৰাউগেই নিৰ্মাণ উদ্যোগৰ বিষয়ে বক্তব্য ৰাখে ৷ তেওঁ দৈনন্দিন ব্যৱসায়ত ডাটা সমূহ সুৰক্ষিতভাৱে ৰক্ষা কৰিব পৰা বিভিন্ন পদ্ধতিৰ বিষয়েও বক্তব্য ৰাখে ৷ তেওঁ বিভিন্ন চফট্ৱেৰৰ বিষয়ে অৱগত কৰে যিবোৰ চৰকাৰী তথ্য সুৰক্ষিত কৰাত প্ৰয়োগ কৰিব পাৰি ৷ পেৰামাউণ্ট বিল্ডাৰ্ছৰ সুৰেশ আগৰৱালে ডাটা ছিকিউৰিটিৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনায় ৷

আনহাতে 17 মাৰ্চত হোলী উদযাপনৰ বাবে সন্থাই আগ্ৰহেৰে বাট চাই আছে বুলি জানিবলৈ দিয়ে ৷ এই অনুষ্ঠানটোৰ আয়োজনৰ দায়িত্ব ৰাজেশ ছুৰানাৰ ওপৰত ন্যস্ত কৰা হৈছে ৷ যাৰ ফলত সকলো সদস্যৰ বাবে এক আনন্দময় আৰু স্মৰণীয় অনুষ্ঠান নিশ্চিত কৰা হৈছে ৷ অধ্যক্ষ বিজয় ছাৰাফে সন্থাৰ সদস্যসকলৰ অটল সমৰ্থন আৰু উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

তেওঁ কয় যে এই কৃতিত্বসমূহে নিৰ্মাণ উদ্যোগক আগুৱাই নিয়া আৰু পেছাদাৰী বৃদ্ধিৰ পোষকতা কৰাৰ বাবে আমাৰ সামূহিক সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ লগতে তেওঁ কয় যে আগন্তুক সময়ত অবিৰত সফলতা আৰু সহযোগিতাৰ বাবে কমিটি অতিকৈ আগ্ৰহী ৷

লগতে পঢ়ক : নিৰ্বাপিত হোৱা নাই জুই, গেৰুৱা বানমুৰীৰ অগ্নিকাণ্ড স্থলীত উপস্থিত হৰমীত সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.