ETV Bharat / state

২০২৬ ত বিৰোধীৰ চৰকাৰ গঠন হ’ব: অখিল গগৈ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 8:39 PM IST

KMSS MEETING : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ধেমাজিত ৷ বিষ্ণুপুৰ জামুগুৰি পাঁচআলিস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ গগৈয়ে চলিত লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷

LOK SABHA ELECTION 2024
ধেমাজিত অখিল গগৈ (Etv Bharat Assam)

ধেমাজিত অখিল গগৈ (Etv Bharat Assam)

ধেমাজি, 12 মে’ : ইতিমধ্যে ৰাজ্যত সমাপ্ত হৈছে লোকসভা নিৰ্বাচনৰ তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰা হ’ব 4 জুনত ৷ তাৰ পূৰ্বে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

দেওবাৰে ধেমাজিৰ বিষ্ণুপুৰ জামুগুৰি পাঁচআলিস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতিগৰাকী ৷

অখিল গগৈৰ লগতে সভাত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু বৰা, জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়া, এ জে ৱাই চি পি-ৰ সহকাৰী সম্পাদক বিষ্ণু শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ৷

এই সভাত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে, ২০২৬ চনত অসমত গঠন হ’ব বিৰোধীৰ চৰকাৰ ৷ ইতিমধ্যে সেয়া একপ্ৰকাৰ নিশ্চিত হৈ যোৱা বুলি তেওঁ কয় ৷ লগতে তেওঁ লোকসভা নিৰ্বাচনত কিমানখন আসন বিৰোধীয়ে লাভ কৰিব তাৰো ইংগিত প্ৰকাশ কৰে ৷

লোকসভা নিৰ্বাচনৰ প্ৰসংগত অখিল গগৈয়ে কয় যে, ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বেলি মাৰ গ’ল ৷ তাৰ পৰিৱৰ্তে ধুবুৰীত জয়ী হ’ব I N D I A ৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ৷ তদুপৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে যোৰহাটত গৌৰৱ গগৈ, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ আৰু নগাঁৱত প্ৰদ্যুত বৰদলৈ জয়ী হোৱাৰ দাবী কৰে ৷

গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, যোৰহাট সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে পৰাজয়বৰণ কৰাটো নিশ্চিত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰা এনে কেতবোৰ মন্তব্যই স্বাভাৱিকতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, জিলা সভাপতি ভৱেন হালৈৰ পৌৰহিত্যত অনুষ্ঠিত হৈছিল এই মুকলি সভা ৷

লগতে পঢ়ক: সোমবাৰে ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত হ’ব ভোটগ্ৰহণ: সাজু নিৰ্বাচন আয়োগ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.