ETV Bharat / state

বৃক্ষ মানৱ বকুল গগৈক প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান - Pranab Sinha Memorial Award

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 3:52 PM IST

PRANAB SINHA MEMORIAL AWARD
বৃক্ষ মানৱ বকুল গগৈক প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান

গছপুলি ৰুই ঘূৰি ফূৰাৰ বাবে বহুতে তেওঁক ‘পাগল’ বুলি কৈছিল ৷ সেইগৰাকী ব্যক্তিয়েই প্ৰায় ১০ হাজাৰ স্থানত গছপুলি ৰোপণ কৰি সেউজ বিপ্লৱৰ সূচনা কৰিলে ৷ ব্যক্তিগৰাকীৰ ত্যাগ আৰু প্ৰকৃতিৰ প্ৰতি থকা টানৰ প্ৰতি সন্মান জনাই শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰদান কৰিছে ‘প্ৰণৱ সিংহ স্মাৰক বঁটা’ ৷

বৃক্ষ মানৱ বকুল গগৈক প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান

তেজপুৰ, ১ মে’ : উত্তৰ অসমৰ সংবাদ জগতৰ মহীৰূহ, বিশিষ্ট সাংবাদিক, তেজপুৰৰ সাংবাদিকসকলৰ অভিভাৱকস্বৰূপ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰণৱ সিংহৰ আজি দশম মৃত্যু দিৱস ৷ সাংবাদিকগৰাকীৰ মৃত্যু দিৱসৰ দিনটোত গহপুৰৰ নীৰৱ প্ৰকৃতিপ্ৰেমী তথা অসমত গছ বিহুৰ সূচনা কৰা বকুল গগৈক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে ‘প্ৰণৱ সিংহ স্মাৰক বঁটা’ৰে বিভূষিত কৰে ।

ৰাজ্যখনত ১৭০ তকৈ অধিক গছপুলি সংপৃক্ত গৱেষণা, ১০ হাজাৰ স্থানত গছপুলি ৰোপণেৰে এক সেউজ বিপ্লৱৰ সূচনা কৰাই নহয়, শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰকৃতি সুৰক্ষাৰ বাবে এক বৃক্ষ আন্দোলন গঢ়ি তোলে বকুল গগৈয়ে ৷

বৰ্তমানলৈকে ৫০ লাখতকৈও অধিক গছপুলি ৰোপণেৰে দৃষ্টান্ত দেখুওৱা প্ৰকৃতিপ্ৰেমীগৰাকীক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ হৈ প্ৰণৱ সিংহৰ অন্যতম সতীৰ্থ, বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য কাকতি, বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ প্ৰাণজিৎ হাজৰিকা, বিশিষ্ট বুৰঞ্জী লেখক ভূৱন চন্দ্ৰ গগৈ, বিশিষ্ট গল্পকাৰ মাণিক বৰাৰ দ্বাৰা গামোচা, শৰাই, প্ৰশস্তিপত্ৰ আৰু নগদ ধনেৰে ‘প্ৰণৱ সিংহ স্মাৰক বঁটা’ প্ৰদান কৰা হয় ।

শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সদস্য পুলক কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটোত সতীৰ্থ প্ৰণৱ সিংহক স্মৰণ কৰি বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা প্ৰাৱন্ধিক ঐশ্বৰ্য কাকতিয়ে কয়, ‘‘প্ৰণৱৰ এটা ভাল গুণ আছিল সেয়া হ’ল প্ৰত্যুৎপন্নমতিতা । এই গুণেৰে তাৎক্ষণিকভাৱে যিকোনো সমস্যা সমাধান কৰিব পাৰিছিল প্ৰণৱ সিংহই ৷ তেওঁৰ কেতিয়াও খং উঠা নাছিল ৷ কথা-বতৰা পাতোতে হাঁহিয়েই বিদায় লৈছিল ।’’

আনহাতে, বিশিষ্ট গল্পকাৰ মাণিক বৰাই স্মৃতিচাৰণ কৰি কয় যে, তেওঁ মাজুলীৰ পৰা ‘মহাজাতি’ কাকতত লেখা-মেলা কৰোতে প্ৰণৱ সিংহৰ বিষয়ে জানিব পাৰিছিল ৷ পৰৱৰ্তী সময়ত তেজপুৰলৈ চাকৰি সূত্ৰে আহোতে প্ৰণৱ সিংহক লগপোৱাৰ স্মৃতি ৰোমন্থন কৰে বিশিষ্ট গল্পকাৰগৰাকীয়ে ৷

অনুষ্ঠানটোত অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ প্ৰাণজিৎ হাজৰিকা, বুৰঞ্জী লেখক ভূৱন চন্দ্ৰ গগৈ আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণকান্ত বৰুৱায়ো স্মৰণ কৰে ।

অনুষ্ঠানটোত বঁটাপ্ৰাপক বকুল গগৈয়ে নিজৰ অনুভৱ সদৰী কৰি কয়, ‘‘জাৰ্ণেলিষ্ট ইউনিয়নে মোক সকলোৰে মাজত চিনাকি কৰাই দিলে ৷ মই প্ৰকৃততে মনে-মনে কাম কৰি ভালপাওঁ ৷ মই তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰাই গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ ৷ ১৯৯৬ চনত মই নাৰ্চাৰী কৰিছিলোঁ৷ গছপুলি ৰুই ফুৰাৰ বাবে মোক পাগল বুলি কৈছিল’’ ৷

অনুষ্ঠানটোৰ আৰম্ভণিতে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিচত সাংবাদিক আৰু বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখযোগ্য যে, প্ৰণৱ সিংহৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি শোণিতপুৰৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ নতুন গৃহ নিৰ্মাণ শুভাৰম্ভ কৰা হয় ।

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিখ্যাত বাঁহীবাদক পণ্ডিত চেতন যোশী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.