ETV Bharat / state

ৰাজ্যৰ কেইবাটাও ৰে’ল ষ্টেচনত "এক ষ্টেচন এক প্ৰডাক্ট"ৰ শিল্যান্যাস প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:00 PM IST

One Station One Product
ৰাজ্যৰ কেইবাটাও ৰে’ল ষ্টেচনত "এক ষ্টেচন এক প্ৰডাক্ট"ৰ শিল্যান্যাস প্ৰধানমন্ত্ৰীৰ

One Station One Product: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদৰ পৰাই দেশৰ ৩৬টা ৰে’লৱে ষ্টেচনত ৰেল বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ তথা উন্নয়নমূলক কামৰ একেলগে ৰিমৰ্ট টিপি ভাৰ্চুৱেলী শিল্যান্যাস কৰে । অসমৰো কেইবাটাও ৰে’ল ষ্টেচনত এই প্ৰকল্পৰ অধীনত "এক ষ্টেচন এক প্ৰডাক্ট" ষ্টল স্থাপন কৰা হয় ৷

ৰাজ্যৰ কেইবাটাও ৰে’ল ষ্টেচনত "এক ষ্টেচন এক প্ৰডাক্ট"ৰ শিল্যান্যাস প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ১২ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গুজৰাটৰ পৰা ভাৰ্চুৱেলী দেশৰ ২১ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বাবে প্ৰায় ৮৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । প্ৰধানমন্ত্ৰীৰ এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ চুকে-কোণে থকা কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হৈছে, নতুন নতুন আঁচনি আৰম্ভ কৰা হৈছে । অসমৰো কেইবাটাও ৰে’লৱে ষ্টেচনত এই প্ৰকল্পৰ অধীনত "এক ষ্টেচন এক প্ৰডাক্ট" ষ্টল স্থাপন কৰা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সৰুপথাৰ ৰে’লৱে ষ্টেচন:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰা ৰে’লসেৱা আধুনিকৰণৰ আঁচনিৰ অধীনত সৰুপথাৰ ৰে’লৱে ষ্টেচনটো শিল্যান্যাস কৰা হয় । এই উপলক্ষে গোলাঘাট জিলাৰ সৰুপথাৰ ৰে’লৱে ষ্টেচনত "এক ষ্টেচন এক প্ৰডাক্ট" অনুষ্ঠানৰ আয়োজন কৰা হয় । তাৰে ভিতৰত লামডিং ডিভিজনৰ অন্তৰ্গত ১৩টাকৈ ৰে’ল ষ্টেচনত "এক ষ্টেচন এক প্ৰডাক্ট" ষ্টলৰ উদঘাটন কৰা হয় । সৰুপথাৰ ৰে’লৱে ষ্টেচনতো "এক ষ্টেচন এক প্ৰডাক্ট" ষ্টলৰ শুভাৰম্ভ কৰা হয়, য’ত বিভিন্ন লোক অথবা আত্মসহায়ক গোটে ষ্টেচনত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব ।

হাফলং:

লামডিং ডিভিচনৰ অধীনস্থ ডিমা হাছাও জিলাৰ নিউ হাফলং ষ্টেচনতো "এক ষ্টেচন এক প্ৰডাক্ট" অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পৰা ভাৰ্চুৱেলী বদৰপুৰ ষ্টেচনত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ, (New Bongaigaon to Agthori via Rongiya) নিউ বঙাইগাঁওৰ পৰা অগথৰী হৈ যোৱা ৰঙিয়া ডাবল লাইন ৰেলপথ, ময়নাৰবন্দে এটা গতি শক্তি মাল্টি মডেল কাৰ্গ টাৰ্মিনেল, গুৱাহাটী আৰু লামডিং ষ্টেচনত ৰেল কোষ্ট ৰেষ্টুৰেণ্টৰ উদ্বোধন কৰে ।

মিৰ্জা ৰে’ল ষ্টেচন:

দক্ষিণ কামৰূপৰ মিৰ্জা ৰেল ষ্টেচনতো আজি “ৰেলৱে গুডচ্‌ শেড” প্ৰকল্প নিৰ্মাণৰ শিলান্যাস কৰা হয় ৷ চাৰি কোটি টকাৰে মিৰ্জা ৰে’ল ষ্টেচনত ৰে’লৱে গুডচ্‌ শেড প্ৰকল্প শিলান্যাস কৰে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ৷ বন্দে ভাৰতৰ জৰিয়তে ৰে’লৱে ষ্টেচন ডিজিটেল কন্ট্ৰ’ল চিষ্টেমৰ লগতে এই এক ষ্টেচন এক সামগ্ৰী ষ্টল, জন ঔষধি কেন্দ্ৰ, ৰেল কোষ্ট ৰেষ্টুৰেণ্ট আদিৰো ব্যৱস্থাও কৰা হ’ব বুলি পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই জানিবলৈ দিয়ে ৷

ৰঙাপৰা ৰে’লৱে জংচন:

শোণিতপুৰ জিলাৰ ৰঙাপৰা ৰে’লৱে জংচনৰ ৫ নং প্লেটফৰ্মত উত্তৰ পূব সীমান্ত ৰে’লৱে বিভাগে "এক ষ্টেচন এক প্ৰডাক্ট" ৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা অতিৰিক্ত উপায়ুক্ত তহিৰ আলম আৰু বিজেপিৰ জিলা সমিতিৰ সভানেত্ৰী দিপামণি শইকীয়াই ৰঙাপৰা, ধলাইবিল, বালিপৰা, ডেকাৰগাঁও, নিজ চতিয়া আৰু নিজ বৰগাং ৰে’লৱে ষ্টেচনৰ ষ্টল কেইখনৰ শুভাৰম্ভ কৰে ।

লগতে পঢ়ক: আধুনিকীকৰণ হ’ব নলবাৰী ৰে’ল ষ্টেচন: ৰে’লসেৱা আধুনিকৰণৰ আঁচনি মুকলি প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.