আধুনিকীকৰণ হ’ব নলবাৰী ৰে’ল ষ্টেচন: ৰে’লসেৱা আধুনিকৰণৰ আঁচনি মুকলি প্ৰধানমন্ত্ৰীৰ
🎬 Watch Now: Feature Video

Published : March 12, 2024 at 5:47 PM IST
নলবাৰী, ১২ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ মঙলবাৰে গুজৰাটৰ আহমেদাবাদৰ পৰা ভাৰ্চুৱেলী সমগ্ৰ দেশৰ বাবেই ৮৫ হাজাৰ কোটিতকৈও অধিক টকাৰ ৰে’লসেৱা আধুনিকৰণৰ আঁচনি মুকলি কৰে । দেশৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী ৰে’ল ষ্টেচনতো ভাৰ্চুৱেল সভাৰ আয়োজন কৰা হয় । সভাত বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, নলবাৰী জিলাৰ উপ পৌৰপতি ৰবিন দাস, শিক্ষাবিদ ড৹ কমল নয়ন পাটোৱাৰী, ড৹ গাৰ্গী চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি নলবাৰী ৰে’ল সেৱাৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় লোক উপস্থিত থাকে ৷
অনুষ্ঠানৰ পৰা বিজেপি নলবাৰী জিলাৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে উল্লেখ কৰে যে ভাৰতীয় ৰে’লসেৱা এক গুৰুত্বপূৰ্ণ যাতায়ত ব্যৱস্থা । ভাৰতীয় অৰ্থনীতিত প্ৰভাৱ পেলোৱা যাতায়ত সেৱা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ৰে’লসেৱা আধুনিক কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি চৰকাৰে ৮৫ হাজাৰ কোটি টকীয়া প্ৰকল্প যুগুত কৰে আৰু আজি আনুষ্ঠানিকভাবে এই সেৱা মুকলি কৰে ।
তালুকদাৰে সদৰী কৰা মতে, আজি দেশৰ প্ৰায় ৭০৭ টা স্থানত ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰে’ল আধুনিকৰণ ভাৰ্চুৱেল সভাত অংশগ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি গেৰান্টি ৰে’ল সেৱাৰ উন্নয়নৰ সেয়া বাস্তৱত ৰূপায়িত হ'ল । এয়াই বিজেপি চৰকাৰৰ কথা আৰু কাম ।
লগতে পঢ়ক: অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নত হ'ব ধেমাজি ষ্টেচন