ETV Bharat / state

মহানগৰীৰ কোন কোন স্থানত আছে প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র ? - Jan Aushadhi Kendra in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:47 PM IST

Jan Aushadhi Kendra: অসমত প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র আছে ১২০ টা । য'ত সৰ্বসাধাৰণ ৰাইজে কম মূল্যত জেনেৰিক ঔষধ ক্ৰয় কৰিব পাৰে । জীৱনদায়িনি ঔষধৰ মূল্যবৃদ্ধিৰ সময়চোৱাত দুখীয়া, মধ্যবিত্ত তথা সৰ্বসাধাৰণে জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় কৰি উপকৃত হ'ব পাৰে ।

PM Bharatiya Jan Aushadhi Kendras are located in some parts of Guwahati
কোন কোন স্থানত প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র ?

গুৱাহাটী,২ এপ্ৰিল: পুনৰ দাম বাঢ়িল জীৱনদায়িনী ঔষধৰ । যাৰ ফলত ঔষধ ক্ৰয় কৰাটো সাধাৰণ মানুহৰ বাবে আৰু কঠিন হৈ পৰিছে । জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ এই সময়ছোৱাত দুখীয়া, মধ্যবিত্ত তথা সৰ্বসাধাৰণে জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় কৰি উপকৃত হ'ব পাৰে । কিন্তু এই বিষয়ে বহু লোকে নাজানে বা ঔষধি কেন্দ্ৰক লৈ যি ধৰণৰ প্ৰচাৰ হ'ব লাগিছিল সেই ধৰণ প্ৰচাৰ হোৱা নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

দৰিদ্ৰসকলে বহনযোগ্য ঔষধ লাভ কৰা উচিত, দৰিদ্ৰজনে ঔষধৰ অভাৱত কোনো কাৰণতে প্ৰাণ হেৰুৱাব নোৱাৰে সেইবাবেই ভাৰতৰ সকলো ঠাইতে জন ঔষধি কেন্দ্ৰ ২০০৮ চনতে আৰম্ভ কৰা হৈছিল । এই প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্রত জেনেৰিক ঔষধ পোৱা যায় । এই ঔষধ কেন্দ্ৰত ১৮০০ মেডিচি‌ন আৰু ২৮৫ চাৰ্জিকেল সামগ্ৰী পোৱা যায় । স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ পোৱা তথ্য অনুসৰি অসমত ১২০ টা প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র আছে ।

ইয়াৰ ভিতৰত কামৰূপত মেট্ৰ'ত আছে ১৬ টা কেন্দ্ৰ আৰু কামৰূপ গ্ৰাম্যত আছে ৭ টা কেন্দ্ৰ । গুৱাহাটীৰ দক্ষিণ শৰণীয়া , বেলতলা চাৰ্ভে, লালগণেশ, সাতগাঁও, কালাপাহাৰকে ধৰি গুৱাহাটীৰ ১৬ টকা কেন্দ্ৰ আছে । এই কেন্দ্ৰবোৰত ডায়বেটিক, গেছ, উচ্চ ৰক্তচাপ, চেনিটাৰী নেপকিন, মাক্সকে ধৰি ১৮০০ মেডিচি‌ন আৰু ২৮৫ চাৰ্জিকেল সামগ্ৰী পোৱা যায় ।

স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বহুলোকে প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্রত কম মূল্যত পায় সেই বিষয়ে নাজানে । একাংশ লোকে জানে যদিও কম মূল্যত ঔষধ পোৱাৰ বাবে ঔষধবোৰ বেয়া বুলি ভাৱে । কিন্তু প্ৰকৃততে ঔষধবোৰ ভাল হয় । বজাৰত ঔষধৰ দামতকৈ তাত ঔষধৰ মূল্যৰ বহু পাৰ্থক্য আছে । ২০০৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র ২০২৩ মেলৈ সমগ্ৰ দেশতে ৯৪০০ টা আছে । চৰকাৰে ২০২৫ চনৰ ভিতৰত দেশত ১০৫০০ টা প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র স্থাপনৰ লক্ষ্য কৰিছে ।

লগতে পঢ়ক: কম খৰচত-কম সময়ত বিমানেৰে যাত্ৰা কৰক ভিন্ন স্থানলৈ ! - Travel By Flight At Lower Price

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.