ETV Bharat / state

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াত বিৰোধী পলাই পত্ৰং দিছে : পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 6:02 PM IST

Lok Sabha Election 2024 : সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব পোৱাৰ পাচতে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস ৷ সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থিত্বক লৈ এতিয়া নিজৰ মত প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটায়ো ৷ তেওঁ কয় যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াৰ পাচতে ভয়তে বিৰোধী নেতা পলাই পত্ৰং দিছে ৷

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াত বিৰোধী পলাই পতং দিছে : পবিত্ৰ মাৰ্ঘেৰিটা
ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াত বিৰোধী পলাই পতং দিছে : পবিত্ৰ মাৰ্ঘেৰিটা

ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াত বিৰোধী পলাই পতং দিছে : পবিত্ৰ মাৰ্ঘেৰিটা

ডিব্ৰুগড়, 5 মাৰ্চ : ‘‘লুৰীণজ্যোতি গগৈৰ কোনো নীতি নাই । জাতীয়তাবাদীৰ অভিনয় কৰি 'জয় আই অসম' কোৱা লুৰীণজ্যোতিয়ে 885 জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ সৈতে মিতিৰালি কৰিছে । ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াৰ পাচতে বিৰোধী নেতাই এতিয়া পলাই পত্ৰং দিছে ।’’ ডিব্ৰুগড় মৰাণত এক দলীয় সাংগঠনিক কামত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীৰ দাবী, উজনি অসমত পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বিজেপি । সৰ্বানন্দ সোণোৱালে নিজ গৃহজিলাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব যেতিয়া বৃহৎ সংখ্যক ভোটত জিকিব আৰু ৰাইজৰ আৰ্শীবাদ পাব । বিজেপি দলৰ প্ৰাৰ্থী তালিকা দেখি বিৰোধীয়ে ভয় খাইছে বুলিও মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

লগতে পঢ়ক : কোন কোন আছে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত ?

সকলোৰে জ্ঞাত যে, লোকসভা নিৰ্বাচনক লৈ ৰাজ্যৰ সকলো ৰাজনৈতিক দলসমূহ এতিয়া ভীষণ ব্যস্ত । শাসক বিৰোধী সকলো দলে আৰম্ভ কৰিছে সাংগঠনিক কামকাজ কৰাত । বহু জল্পনা কল্পনাৰ পাচত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা । প্ৰথমখন প্ৰাৰ্থী তালিকাতে অসমৰ 11 টাকৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব পোৱাৰ পাচতে ডিব্ৰুগড় লোকসভা সমষ্টিত ৰাজনীতিৰ হিচাপ নিকাচত সকলো ৰাজনৈতিক দলৰ খেলিমেলি সৃষ্টি হৈছে । শক্তিশালী বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে বিৰোধী দলসমূহে নিৰ্বাচনৰ খেলাৰ বাবেও চিন্তা কৰিব লগা হৈছে ।

লগতে পঢ়ক : বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.