ETV Bharat / bharat

কোন কোন আছে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত ?

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:37 PM IST

Updated : Mar 2, 2024, 10:52 PM IST

Lok Sabha Election 2024
বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

Lok Sabha Election 2024 : শনিবাৰে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷

গুৱাহাটী, 2 মাৰ্চ : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নতুন দিল্লীত ৰণশিঙা বজালে শনিবাৰে । শনিবাৰে সন্ধিয়া প্ৰার্থীৰ বিজেপিয়ে প্ৰথমখন তালিকা প্ৰকাশ কৰে ৷ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱডেই সংবাদমেল যোগে আজি দেশৰ ১৬খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৯৫খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আন আসনসমূহৰ বাবে মন্থন চলি আছে বুলি সংবাদমেলত বিজেপিয়ে সদৰী কৰে । সৰ্বপ্ৰথমেই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰাৰ্থিত্ব ৷ নিজৰ বৰ্তমানৰ সমষ্টি বাৰাণসীৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে । এই তালিকাত বৰ্তমানৰ ৩৪ জন কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীৰ নামো আছে ।

ইয়াৰ উপৰিও বিজেপিৰ এগৰাকী অন্যতম প্ৰভাৱশালী নেত্ৰী প্ৰয়াত সুষমা স্বৰাজৰ কন্যাকো লোকসভাৰ টিকট দিয়া হৈছে । বিজেপিৰ প্ৰথমখন তালিকা ঘোষিত ১৯৫ জনৰ ভিতৰত ৩৪ জন কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীৰ নাম আছে ৷ আজিৰ ঘোষিত প্ৰাৰ্থী সকলৰ ভিতৰত ২৮ গৰাকী মহিলাক স্থান দিয়া হ’ব । আনহাতে ৫০ বছৰৰ কম বয়সৰ ৪৭ জন যুৱ প্ৰাৰ্থী আছে ৷ লগতে অনুসূচিত জনজাতিৰ পৰা ২৭ গৰাকী প্ৰাৰ্থী, অনুসূচীত জাতিৰ পৰা ১৮ জন প্ৰাৰ্থী আৰু আন পিছপৰা শ্ৰেণীৰ ৫৭ টা নাম আছে ।

সংবাদমেলত বিনোদ টাৱডেই জনোৱা মতে, আজি ঘোষিত প্ৰাৰ্থীসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৫১ গৰাকী, পশ্চিমবংগৰ ২৬ গৰাকী, মধ্যপ্ৰদেশৰ ২৪ জন, গুজৰাটৰ ১৫ গৰাকী, ৰাজস্থানৰ ১৫ গৰাকী, কেৰালাৰ ১২ গৰাকী, তেলেংগানাৰ ৯ গৰাকী, অসমৰ ১১ গৰাকী, ঝাৰখণ্ডৰ ১১ গৰাকী, ছত্তীশগুৰৰ ১১ গৰাকী, দিল্লীৰ পৰা ১১ গৰাকী , জম্মু-কাশ্মীৰৰ ৫ গৰাকী, উত্তৰাখণ্ডৰ ৩ গৰাকী আৰু অৰুণাচল, গোৱা, ত্ৰিপুৰা, আন্দামান-নিকোবৰ আৰু দমন আৰু ডিউৰ এখনকৈ আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

Last Updated :Mar 2, 2024, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.