ETV Bharat / state

মঙলবাৰে ভোটাৰৰ সুবিধাৰ্থে বিশেষ যাত্ৰীবাহী ৰে’লৰ ব্যৱস্থা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ - NF Railway

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 5:30 PM IST

Lok Sabha Election 2024: তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই সোমবাৰৰ পৰা শিলচৰ-গুৱাহাটী আৰু গুৱাহাটী-ধুবুৰীৰ মাজতে দুখনকৈ বিশেষ যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে ৷ এই বিশেষ ৰে’লৰ সময়সূচী জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

NF RAILWAY
বিশেষ যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (ETV BHARAT ASSAM)

হাফলং, 6 মে’ : ৰাজ্যত মঙলবাৰে অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ যাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই সোমবাৰৰ পৰা শিলচৰ-গুৱাহাটী আৰু গুৱাহাটী-ধুবৰীৰ মাজতে দুখনকৈ যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই জনোৱা মতে অতিৰিক্ত ভীৰ চম্ভালিবৰ বাবে আৰু মঙলবাৰে তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টি অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ভোটাৰ সকলে যাতে সুকলমে ভোটদান কৰিব পাৰে তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই এই যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে ৷

সোমবাৰ, মঙলবাৰ, বুধবাৰ অৰ্থাৎ 6,7, আৰু 8 মে’ত 05698 গুৱাহাটী আৰু ধুবুৰীৰ মাজতে এই বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল কৰিব ৷ মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ অৰ্থাৎ 7,8, আৰু 9 মে’ত 05697 ধুবুৰীৰ পৰা গুৱাহাটীলৈকে বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল কৰিব ৷ 6, 7 আৰু 8 মে’ৰ নিশা 9 বজাত গুৱাহাটীৰ পৰা এই বিশেষ যাত্ৰীবাহী ৰে’লখন ধুবুৰীৰ উদ্দেশ্যে ৰাওনা হ’ব আৰু পুৱা 3.15 বজাত ধুবুৰীত উপস্থিত হ’ব ৷ ইফালে 7, 8 আৰু 9 মে’ত ধুবুৰীৰ পৰা দিনৰ 1.30 বজাত এই বিশেষ ৰে’লখন ৰাওনা হ’ব আৰু গুৱাহাটী আহি উপস্থিত হ’ব নিশা 8 বজাত ৷

ইফালে আজি নিশা 11 বজাত 05672 শিলচৰ-গুৱাহাটীৰ মাজত এখন বিশেষ যাত্ৰীবাহী ৰে’ল চলিব আৰু মঙলবাৰে দিনৰ 2 বজাত গুৱাহাটী উপস্থিত হ’ব ৷ আনহাতে মঙলবাৰে 05671 বিশেষ যাত্ৰীবাহী ৰে’লখন গুৱাহাটীৰ পৰা নিশা 8.30 বজাত ৰাওনা হ’ব আৰু বুধবাৰে পুৱা 9.30 বজাত শিলচৰত আহি উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ: হাৰাশাস্তি যাত্ৰীৰ - City Bus Crisis In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.