ETV Bharat / state

নগাঁৱৰ বিদ্যালয়-চিকিৎসালয় পৰিদৰ্শন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 9:13 PM IST

NHRC Team Visits Nagoan
নগাঁৱত উপস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ নিৰীক্ষক

NHRC Team Visits Nagoan : নগাঁৱত উপস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ নিৰীক্ষক। পৰিদৰ্শন কৰিলে নগাঁৱৰ বিদ্যালয়, ভোগেশ্বৰী ফুকননী চিকিৎসালয়, নাৰীগৃহ ৷

নগাঁও, 22 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ নিৰীক্ষক বালকৃষণ গোৱেলে বৃহস্পতিবাৰে নগাঁৱত অৱস্থিত টুকুলাই বেবেজীয়া প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰে ৷ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি, শৈক্ষিক সুবিধা, মধ্যাহ্ন ভোজনকে ধৰি সামগ্ৰিক পৰিৱেশৰ বুজ লয় ৷ অতিৰিক্ত জিলা আয়ুক্ত (সমাজ কল্যাণ) ফিলিছ ভি এল হ্ৰংচাল, ডিচিপিঅ’ অঞ্জলি আৰ্য আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সহিতে গোৱেলে ছাত্ৰ-ছাত্ৰীৰ একাংশ অভিভাৱকৰ সৈতেও মত বিনিময় কৰি বিদ্যালয়খনৰ কাম-কাজ সম্পৰ্কে তেওঁলোকৰ মতামত গ্ৰহণ কৰে ৷

NHRC Team Visits Nagoan
নগাঁৱত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ নিৰীক্ষক বালকৃষণ গোৱেল

ইয়াৰ পিচতে নিৰীক্ষকগৰাকী তেওঁৰ যাত্ৰাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৷ গোৱেলে চিকিৎসালয়খনে প্ৰদান কৰা অ’পিডি সেৱা, অভ্যৰ্থনা এলেকাত সহজ দিশ নিৰ্দেশনা, মৰ্গৰ সুবিধা আদিৰ পৰ্যালোচনা কৰে ৷ তেওঁ বিশেষকৈ চিকিৎসালয়খনত উপলব্ধ চিকিৎসা সেৱা আৰু সুবিধাসমূহৰ বুজ লয় আৰু অধীক্ষক, অন্যান্য চিকিৎসক আৰু নাৰ্চিং কৰ্মচাৰীসকলৰ সৈতে সেৱা প্ৰদান আৰু তেওঁলোকে সন্মুখীন হ’ব পৰা যিকোনো অভিযোগ বা সমস্যাৰ সন্দৰ্ভে মত বিনিময় কৰে ৷ তেওঁ আই চি ইউৰ ৰোগীসকলৰ সৈতে বিশেষভাৱে মত বিনিময় কৰি তেওঁলোকৰ স্বাস্থ্য, চিকিৎসালয়খনে প্ৰদান কৰা খাদ্যৰ মানদণ্ড আৰু চিকিৎসা সেৱাৰ মানদণ্ডৰ বিষয়ে সোধা-পোছা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰীক্ষক গোৱেলে উল্লেখ কৰে যে এন এইচ আৰ চিৰ দ্বাৰা মানৱ অধিকাৰৰ যিকোনো ধৰণৰ উলংঘন ৰোধৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷ ইয়াৰ বাবে তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক ৰোগী আৰু চিকিৎসালয়লৈ অহা লোকৰ ক্ষেত্ৰত, বিশেষকৈ বিশেষভাৱে সক্ষম ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰাৰ ক্ষেত্ৰত পৰম সংবেদনশীলতাৰ অভ্যাস কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পাছত গোৱেলে নগাঁৱৰ মহিলা আৰু শিশুৰ ৰাজ্যিক গৃহও পৰিদৰ্শন কৰে ৷ য’ত চৌহদৰ ভিতৰতে ছোৱালীৰ বাবে পৰ্যবেক্ষণ গৃহ, ছোৱালীৰ বাবে শিশু গৃহ আৰু নিঠৰুৱা মহিলাৰ বাবে ৰাজ্যিক গৃহও আছে ৷

NHRC Team Visits Nagoan
নগাঁৱত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ নিৰীক্ষক

তেওঁ প্ৰতিষ্ঠানটোৰ সকলো শাখাতে নিয়োজিত বিষয়া-কৰ্মচাৰীৰ সৈতে বাসিন্দাসকলৰ সমস্যা সম্পৰ্কে আলোচনা কৰে ৷ তেওঁ বিষয়াসকলক বাসিন্দাসকলৰ বাবে উপলব্ধ সেৱাসমূহৰ উন্নতি সাধন কৰিবলৈ, গৃহটোলৈ অনা শিশুসকলৰ পুনৰ্বাসনৰ দিশত সক্ৰিয়ভাৱে কাম কৰিবলৈ আৰু বাসিন্দাসকলক সঠিক পৰামৰ্শ প্ৰদানৰ ওপৰত গুৰুত্ব দিবলৈ আৰু ইয়ালৈ অনা শিশুসকলৰ নথি আপডেট কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : উমশ্ৰুত ৪੦ হেক্টৰ এলেকাৰ ৰবৰ নাৰ্ছাৰী পৰিদৰ্শন জেকে টায়াৰৰ মুৰব্বীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.