ETV Bharat / state

উমশ্ৰুত ৪੦ হেক্টৰ এলেকাৰ ৰবৰ নাৰ্ছাৰী পৰিদৰ্শন জেকে টায়াৰৰ মুৰব্বীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:04 PM IST

উমশ্ৰুত ৪੦ হেক্টৰ এলেকাৰ ৰবৰ নাৰ্ছাৰী পৰিদৰ্শন জেকে টায়াৰৰ মুৰব্বীৰ
উমশ্ৰুত ৪੦ হেক্টৰ এলেকাৰ ৰবৰ নাৰ্ছাৰী পৰিদৰ্শন জেকে টায়াৰৰ মুৰব্বীৰ

JK Tyre MD Visit Rubber Nursery : কেন্দ্ৰীয় ৰবৰ বোৰ্ডৰ তত্ত্বাৱধানত ওমেগা নাৰ্ছাৰীয়ে স্থাপন কৰিছে এই ৰবৰৰ নাৰ্ছাৰী । নাৰ্ছাৰীখনত ৰবৰ গছৰ পুলি উৎপাদনৰ পৰা আৰম্ভ কৰি ৰবৰ উৎপাদনৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বুজ লয় জেকে টায়াৰৰ পৰিচালন সঞ্চালক অংশুমান সিংঘানিয়াই ।

উমশ্ৰুত ৪੦ হেক্টৰ এলেকাৰ ৰবৰ নাৰ্ছাৰী পৰিদৰ্শন জেকে টায়াৰৰ মুৰব্বীৰ

মিৰ্জা, ২২ ফেব্ৰুৱাৰী : প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত অচিৰেই দেশৰ ভিতৰত শীৰ্ষস্থান দখল কৰিব উত্তৰ-পূৰ্বাঞ্চলে । অসম, মেঘালয়ৰ লগতে উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহৰ কৃষকক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে বিশেষ আঁচনি লৈছে কেন্দ্ৰীয় ৰবৰ বোৰ্ডে । কেন্দ্ৰৰ মোদী চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ অংশ হিচাপে ইতিমধ্যে পশ্চিম গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী মেঘালয়ৰ পাহাৰত প্ৰায় ৪੦ হেক্টৰ ভূমিত আৰম্ভ কৰা হৈছে ৰবৰৰ নাৰ্ছাৰী ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰে এই নাৰ্ছাৰী পৰিভ্ৰমণ কৰে Automotive Tyre Manufacturers' Association (ATMA) চমুকৈ আত্মাৰ অধ্যক্ষ তথা জেকে টায়াৰ কোম্পানীৰ পৰিচালন সঞ্চালক (MD) অংশুমান সিংঘানিয়াই । কেন্দ্ৰীয় ৰবৰ বোৰ্ডৰ তত্ত্বাৱধানত ওমেগা নাৰ্ছাৰীয়ে স্থাপন কৰা এই ৰবৰৰ নাৰ্ছাৰীত ৰবৰ গছৰ পুলি উৎপাদনৰ পৰা আৰম্ভ কৰি ৰবৰ উৎপাদনৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বুজ লয় সিংঘানিয়াই ।

এই বৃহৎ প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সিংঘানিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাৰ্থক কৰাৰ অংশ হিচাপে 'আত্মা'ৰ প্ৰতিগৰাকী সদস্যক কোম্পানীটোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব । লগতে ৰবৰ উৎপাদনৰ প্ৰক্ৰিয়া পূৰ্ণ পৰ্যায়ত উপনীত হোৱাৰ পিছতে অসমৰ লগতে পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহত ৰবৰৰ সৈতে সংলগ্ন উদ্যাগ প্ৰতিষ্ঠা কৰাৰ বাবেও ধন বিনিয়োগ কৰিব । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ লগতে স্থানীয় প্ৰশাসন আৰু সচেতন লোকৰ সহযোগিতাৰ বাবে তেওঁ আহ্বান জনায় ।

ৰবৰ উৎপাদন আৰু টায়াৰকে ধৰি বিভিন্ন সা-সামগ্ৰী উৎপাদনৰ বাবে উদ্যোগ স্থাপনৰ লগে লগে হেজাৰ হেজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশে নতুন গতি লাভ কৰিব বুলি তেওঁ আশাবাদী বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে শুকুবৰাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ বৰঝাৰত অনুষ্ঠিত হ'ব আত্মাৰ বিশেষ কাৰ্যসূচী । ইয়াত অংশগ্ৰহণ কৰিব দেশৰ বৃহৎ টায়াৰ কোম্পানীৰ প্ৰতিনিধিৰ লগতে ৰবৰ বোৰ্ডৰ বিষয়াসকলে । INROAD শীৰ্ষক এই কাৰ্যসূচীতে উত্তৰ-পূবত প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি আৰু বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰা হ'ব ।

লগতে পঢ়ক :অসমৰ পাৰ্বত্য এলেকাত ৩০০০ টা শিক্ষকৰ পদ‌ খালী : পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.