ETV Bharat / state

বিৰল প্ৰতিভাৰ অধিকাৰী এগৰাকী অসম কন্যা, জানি গৰ্ববোধ কৰিব আপুনিও - India Book of Records 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 7:35 PM IST

২৮ ৰাজ্যৰ মানচিত্ৰ অংকন কৰি ৰেকৰ্ড গঢ়িলে ইণ্ডিয়া বুকত
২৮ ৰাজ্যৰ মানচিত্ৰ অংকন কৰি ৰেকৰ্ড গঢ়িলে ইণ্ডিয়া বুকত

India Book of Records-2024: ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাই তুলিলে এগৰাকী যুৱতীয়ে । নলবাৰীৰ যুৱতীগৰাকীয়ে কঁঠাল পাতত কেইবাখনো ৰাজ্যৰ মানচিত্ৰ অংকন কৰি নাম লিখিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ-২০২৪ত । পিছে কোন এই প্ৰতিভাধৰ জানিবলৈ চাওঁক এই প্ৰতিবেদন ।

২৮ ৰাজ্যৰ মানচিত্ৰ অংকন কৰি ৰেকৰ্ড গঢ়িলে ইণ্ডিয়া বুকত

নলবাৰী,৯ এপ্ৰিল: ৰাষ্ট্ৰীয় পৰ্য়ায়ত জিলিকিল এগৰাকী অসমীয়া যুৱতী । ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম লিখিলে নলবাৰীৰ নাজমাই । প্ৰতিভা থাকিলে সকলো সম্ভৱ । স্ব-প্ৰতিভাৰে বিভিন্ন সময়ত, বিভিন্ন ক্ষেত্ৰত অসমবাসীৰ শিৰ উচ্চ কৰি আহিছে বহু প্ৰতিভাধৰে । এইবাৰ নিজৰ প্ৰতিভা আৰু একাগ্ৰতাৰ বলত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ-২০২৪ত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ'ল নলবাৰীৰ আলহাজ হাফিজ আব্দুৰ ৰছিদ আৰু বেণু বেগমৰ কন্যা নুৰ নাজমা বেগমে ।

কঁঠাল পাতত অংকন কৰিলে ২৮ খন ৰাজ্যৰ মানচিত্র । ২৩ মিনিট ৩০ ছেকেণ্ডত এই কাম সম্পন্ন কৰি খ্যাতি অৰ্জন নাজমাৰ । ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটিৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী নুৰ নাজমা বেগমে কঁঠাল পাতত ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ মানচিত্র অংকন কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় । অসম, মণিপুৰ, নাগালেণ্ড, কেৰালা, তামিলনাডু, উত্তৰাখণ্ড, হাৰিয়ানা, উত্তৰপ্ৰদেশ, বিহাৰকে ধৰি ২৮ খন ৰাজ্যৰ ছবি কম সময়ৰ ভিতৰতে অংকন কৰি নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত । মাত্র ২৩ মিনিট ৩০ ছেকেণ্ডত দেশৰ ২৮ খন বাজ্যৰ মানচিত্র অংকন কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে মুকালমুৱাৰ নুৰ নাজমা বেগমে ।

ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটিত উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰীগৰাকীয়ে ইণ্ডিয়া বুক অৱ ৰেকর্ডছত নাম অন্তর্ভুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল, আত্মীয়-স্বজন তথা শুভাকাংক্ষীসকল । লকডাউনৰ সময়ছোৱাত কঁঠাল গছৰ পাতত ছবি অংকন কৰিবলৈ আৰম্ভ কৰা নুৰ নাজমা বেগমৰ প্ৰথমাৱস্থাত ২৮ খন ৰাজ্যৰ মানচিত্র অংকন কৰিবলৈ পাঁচ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল যদিও ছাত্রীগৰাকীয়ে পিচলৈ সেই ছবি ২৩ মিনিট ৩০ ছেকেণ্ডত অংকন কৰি চলিত বৰ্ষৰ চাৰি মাৰ্চত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কর্তৃপক্ষক ভিডিঅ' অর্পণ কৰিছিল ।

যোৱা ১১ মাৰ্চত নুৰ নাজমা বেগমক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে স্বীকৃতি প্রদান কৰে । যোৱা ২ এপ্রিলত নুৰ নাজমা বেগমক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্রমাণ-পত্র প্রদান কৰে । ছাত্ৰীগৰাকীৰ সাফল্যই অঞ্চলটোৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই সক্ষম হোৱাত আনন্দিত হৈ পৰিছে নাজমাৰ লগতে অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক: মিচিং তাঁতশিল্পলৈ জি আই টেগ: প্ৰাপ্তিৰ হাঁহি মিচিং জনগোষ্ঠীয় লোকৰ মুখত - GI Tag To Mising Weaving Craft

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.