ETV Bharat / state

মিচিং তাঁতশিল্পলৈ জি আই টেগ: প্ৰাপ্তিৰ হাঁহি মিচিং জনগোষ্ঠীয় লোকৰ মুখত - GI tag to Mising weaving craft

Mising weaving craft: ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমৰ আন ১১ বিধ সম্পদৰ লগতে মিচিং তাঁতশিল্পয়ো লাভ কৰিলে জি আই টেগ । যাৰ বাবে উৎফুল্লিত হৈ পৰিছে মিচিং জনগোষ্ঠীয় লোকসকল ।

Mising weaving craft
GI tag to Mising weaving craft
author img

By ETV Bharat Assamese Team

Published : April 8, 2024 at 10:11 PM IST

2 Min Read
Choose ETV Bharat
মিচিং তাঁত শিল্পলৈ জি আই টেগ

গোলাঘাট, ৮ এপ্ৰিল: অসমৰ স্বাভিমান গামোচাৰ পিচতে এইবাৰ মিচিং জনগোষ্ঠীয় তাঁতশিল্পই লাভ কৰিলে জি আই টেগ । নাবাৰ্ডৰ সহযোগত দেৰগাঁৱৰ দুই স্বেচ্ছাসেৱী সংগঠনে পালে চেষ্টাৰ ফল ৷ অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানৰ হৈ সম্পাদক পংকজ কুমাৰ শৰ্মা আৰু গ্ৰামশ্ৰী সংঘৰ হৈ মুখ্য কাৰ্যবাহী বিষয়া পংকজ বৰুৱাই আই পি আৰ আই কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিছিল জি আই টেগৰ বাবে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দেৰগাঁৱৰ এই দুই সংগঠনে মিচিং তাঁতশালত উৎপাদিত বস্ত্ৰ আৰু পানী মেটেকাৰ পৰা উৎপাদিত সামগ্ৰীৰ বাবে নাবাৰ্ডৰ সহযোগত ২০২২ চনৰ ২৬ অক্টোবৰত ভাৰত চৰকাৰৰ ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগ কৰ্তৃপক্ষৰ ওচৰত পৃথকে পৃথকে জনাইছিল আবেদন ৷ তাৰ লগতে দুই সংগঠনে এই সামগ্ৰীসমূহ উৎপাদনৰ বাবেও গ্ৰামাঞ্চলত আত্মসহায়ক গোট গঠন কৰি সামগ্ৰী সমূহ উৎপাদনত মনোযোগ দিছিল ৷

পদ্মশ্ৰী ডঃ ৰজনীকান্তৰ তত্বাৱধানত সকলো কাম সুকলমে কৰাৰ পিচত আহিল ভাল খবৰটো ৷ নাবাৰ্ডৰ সহযোগত হোৱা এই প্ৰক্ৰিয়াৰ দ্বাৰা মুঠ ১২ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ ৷ তাৰ ভিতৰত অন্যতম মিচিং তাঁতশিল্প । মিচিং মহিলাই তাঁতশালত বোৱা কাপোৰৰ যথেষ্ট সমাদৰ আছে অসমত । জি আই টেগ লাভ কৰাৰ পাচত এই মহিলাসকলৰ হাতৰ যাদুৱে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ল ।

জি আই টেগ লাভ কৰা বাকী সামগ্ৰী সমূহ হৈছে- ঢোল, গগণা, জাপি, সৰ্থেবাৰীৰ কাঁহ শিল্প, পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰী, আশাৰীকান্দি টেৰাকোটা শিল্প, জঠা, খাম, ছেৰজা, চিফুং খাৰদ্বি (বড়ো কৃষিভিত্তিক সামগ্ৰী) ।

ইয়াৰ পূৰ্বে অসমৰ মুগা সূতা, অৰ্থড'ক্স চাহ, অসম মুগা ছিল্কৰ ল'গ', কাৰ্বি আংলঙৰ আদা, জহা চাউল, কোমল নাইবা বোকা চাউল, তেজপুৰৰ লিচু, কাজীনেমু, চকুৱা চাউল, ডিমাছাসকলৰ পৰম্পৰাগত পানীয় জুডিমা আৰু অসমীয়াৰ বুকুৰ আপোন গামোচাই জি আই টেগ পাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: বিহুৰ প্ৰাকক্ষণত ভাল খবৰ : অসমৰ 12 বিধ সামগ্রীক প্ৰদান কৰা হ'ল জি আই টেগ - Unique Cultural Symbols OF Assam