ETV Bharat / state

নিশা শিলচৰৰ সোণাইৰোডত লোমহৰ্ষক হত্যাকাণ্ড - Murder at Silchar

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 7:25 PM IST

Gruesome murder at Sonairod in Silchar on Friday night
নিশা শিলচৰৰ সোণাইৰোডত লোমহৰ্ষক হত্যাকাণ্ড

Murder at Silchar: শুকুৰবাৰে নিশা শিলচৰত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । পাৰিবাৰিক কন্দলে ল'লে ভয়ংকৰ ৰূপ । নিশাই পত্নীক দাৰে ঘপিয়াই হত্যা কৰি পলায়ন শিক্ষিত স্বামীৰ । নিশাই আৰক্ষীয়ে আটক কৰে হত্যাকাৰী স্বামীক ।

নিশা শিলচৰৰ সোণাইৰোডত লোমহৰ্ষক হত্যাকাণ্ড

শিলচৰ,৩০ মাৰ্চ: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে শিলচৰৰ বিভিন্ন প্ৰান্ত । সঘনে সংঘটিত হৈছে হত্যা, ধৰ্ষণ আদিৰ দৰে ঘটনা । যাক লৈ চিন্তিত হৈ পৰিছে শিলচৰৰ আৰক্ষী প্ৰশাসন । পুনৰ শুকুৰবাৰে নিশা শিলচৰ সোণাই ৰোডত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । পত্নীক দাৰে ডিঙি কাটি হত্যা কৰিলে অধ্যাপক স্বামীয়ে । ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী স্বামী আফজালুৰ ৰহমানক ।

জানিব পৰা মতে হত্যাকাৰী স্বামী আফজালুৰ ৰহমান শিলচৰ পলিটেকনিকেল কলেজৰ অধ্যাপক । শিলচৰ পলিটেকনিকেলৰ অধ্যাপক আফজালুৰ ৰহমানে দীৰ্ঘদিন ধৰি পত্নী আৰু দুই সন্তানক লৈ শিলচৰ সোণাইৰোড অঞ্চলৰ এটা ভাড়াঘৰত বসবাস কৰি আছিল । দীৰ্ঘদিনৰ পৰা স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক কন্দল চলি আহিছিল । শুকুৰবাৰে নিশা স্বামী-স্ত্ৰীৰ এই পাৰিবাৰিক কন্দলে ভয়ংকৰ ৰূপ ধাৰণ কৰে ।

নিশা স্বামী আফজালুৰ ৰহমানে পত্নীক ডিঙি কাটি হত্যা কৰে । দাৰে পত্নীৰ ডিঙিত উপৰ্যুপৰি আক্ৰমণ কৰি ৰক্তাক্ত অৱস্থাত ভাড়াঘৰৰ ভিতৰতে পেলাই থৈ পলায়ন কৰে হত্যাকাৰী স্বামী আফজালুৰ ৰহমানে । প্ৰতিৱেশীসকলে ঘটনা উমান পায় খবৰ দিয়ে স্থানীয় আৰক্ষীক । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও মেডিকেল কলেজতে প্ৰাণ হেৰুৱাই আফজালুৰ ৰহমানৰ পত্নীয়ে । ইপিনে নিশাই অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী স্বামী অধ্যাপক আফজালুৰ ৰহমানক । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য । যৌতুকজনিত কাৰণতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে । ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গঁড়ালৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - Anti Drugs Mission

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.