ETV Bharat / state

খহনীয়া প্ৰতিৰোধ, ডিব্ৰুগড়ত ৭৫ কোটি টকীয়া প্ৰকল্পৰ শুভাৰম্ভ প্ৰশান্ত ফুকনৰ

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 1:16 PM IST

Updated : Feb 25, 2024, 1:28 PM IST

River erosion: ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড় চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াইছে । বাৰিষাৰ পূৰ্বে মোহনাঘাটত খহনীয়া প্ৰতিৰোধৰ বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ । জলসম্পদ বিভাগৰ বিষয়াৰ উপস্থিতিত বিধায়ক প্ৰশান্ত ফুকনে শুভাৰম্ভ কৰে এই প্ৰকল্প ।

River erosion
ডিব্ৰুগড়ত ৭৫ কোটি টকীয়া প্ৰকল্পৰ শুভাৰম্ভ প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়,২৫ ফেব্ৰুৱাৰী : বান আৰু খহনীয়াৰ সমস্যাই প্ৰতিবছৰে ডিব্ৰুগড় জিলাক প্ৰভাৱিত কৰি আহিছে । খৰালিৰ সময়তো ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈ আহিছে । যাক লৈ ডিব্ৰুগড়বাসীও শংকিত হৈ পৰিছে । বিশেষকৈ নৈপৰীয়া লোকসকল বিভিন্ন সমস্যাত পৰিছে । সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ঐতিহাসিক ডিব্ৰুগড় চহৰলৈও বিপদ মাতিছে ।

ডিব্ৰুগড়ৰ মোহনাঘাটত হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষি ভূমি । মোহনাঘাটত বিগত কেইবাটাও বছৰৰ পৰা অব্যাহত থকা খহনীয়াত বহু পৰিয়লে ঘৰৰ ভেঁটি হেৰুৱাবলগীয়া হোৱাৰ লগতে বহু পৰিয়ালে অন্য স্থানলৈ স্থানান্তৰিত হৈছে । ৰাইজে এই মোহনাঘাটত অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদো সাব্যস্ত কৰিছিল ।

লক্ষণীয়ভাৱে মোহনাঘাটৰ খহনীয়াৰ প্ৰকোপ অতি ভয়ংকৰ হোৱাৰ পাচতো প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছিল । খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডিব্ৰুগড় চহৰৰ মূল প্ৰতিৰক্ষা বান্ধ খহনীয়াত নিচিহ্ন হোৱাটো নিশ্চিত হৈ পৰিছিল ।

এনে পৰিস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ডিব্ৰুগড়ৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা হৈছে বৃহৎ প্ৰকল্পৰ । দেওবাৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে জলসম্পদ বিভাগৰ বিষয়াসকলৰ উপস্থিতিত প্ৰায় ৭৫ কোটি টকাৰ প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে ।

এই বৃহৎ পুঁজিৰে মোহনাঘাটত উন্নতমানৰ জিঅ' বেগ আৰু পাৰ্কুপাইনৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে বিধায়ক প্ৰশান্ত ফুকনে । অৱশ্যে এই খহনীয়া প্ৰতিৰোধৰ প্ৰকল্পই আগন্তুক বাৰিষাত কি ধৰণে কাম কৰিব সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পাচতে আৰম্ভ হ'ব বসুন্ধৰা 3.0

Last Updated :Feb 25, 2024, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.