ETV Bharat / state

নলবাৰীত ধুমুহা-বজ্ৰপাতত পশুধনৰ মৃত্যু, আশ্ৰয়হীন পৰিয়াল - Heavy Storm In Nalbari

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 7:21 PM IST

Thunderstorm-thunderstorm in Nalbari:নলবাৰীৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ । ধুমুহা-বৰষুণৰ ফলত প্ৰকাণ্ড গছ আৰু বিদ্যুতৰ খুঁটা চিঙি পৰাত বিভিন্ন অঞ্চলত বিস্তীৰ্ণ ক্ষতিসাধন হয় ।

Thunderstorm-thunderstorm in Nalbari
নলবাৰীৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ (ETV BHARAT ASSAM)

নলবাৰীৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ (ETV BHARAT ASSAM)

নলবাৰী, ২০ মে’ : দেওবাৰে নিশা নলবাৰী জিলাৰ প্ৰান্তত ধুমুহা বৰষুণৰ সমানেই বজ্ৰপাতৰ তাণ্ডৱ । ধুমুহা-বৰষুণৰ ফলত প্ৰকাণ্ড গছ আৰু বিদ্যুতৰ খুঁটা চিঙি পৰাত ভাঙি চূৰমাৰ হয় কেইবাটাও ঘৰ । জিলাখনৰ পশ্চিম নলবাৰীৰ দৌকুছি, শনিৰোড, পানীগাঁও, পকোৱা, জাগাৰা, খৈৰাবাৰীকে আদি কৰি বিভিন্ন অঞ্চলত বিস্তীৰ্ণ ক্ষতিসাধন কৰাৰ সমান্তৰালভাৱে বজ্ৰ পৰি পশুধন মৃত্য়ুমুখত পৰিছে ।

জিলাখনৰ মুকালমুৱাৰ চৰাঞ্চলত দেওবাৰে নিশা হোৱা ধুমুহা, বজ্ৰপাতত বিস্তৰ ক্ষতিসাধন হয় । ২নং কাপলাবৰী চৰৰ কপিল আলী নামৰ লোকজনৰ বিস্তৰ ক্ষতি সাধন হয় । যোৱা নিশা অহা বৰষুণ ধুমুহাৰ সময়তেই বজ্ৰ পৰি জুইৰ সূত্ৰপাত হোৱাৰ ফলত ঘৰটোত থকা ৩টা গৰু, ৬টা ভেড়া আৰু ছাগলী এটাৰ মৃত্যু হয় । লগতে প্ৰয়োজনীয় নথি পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা ভস্মীভূত হয় । ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় গাঁও প্ৰধান , আৰক্ষী প্ৰশাসনৰ লগতে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক এই সন্দৰ্ভত অৱগত কৰিছে । দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰ তথা প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে।

ইপিনে, জিলাখনৰ বাঁহজানীৰ চান্দকুছিত ধুমুহাৰ ফলত আশ্ৰয়হীন হৈ পৰিছে এটি পৰিয়াল । নিশাৰ ধুমুহা জাকে চান্দকুছিত কালৰূপ ধাৰণ কৰে । ধুমুহাই শেষ কৰিলে ৰজনী তালুকদাৰৰ বাসগৃহ । তেওঁৰ ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাত এতিয়া আশ্ৰহীন হৈ পৰিছে পৰিয়ালটো । কোনোমতে পৰিয়ালটোৰ সদস্য়সকলৰ প্ৰাণৰক্ষা পৰিছে যদিও ঘৰটোৰ ভিতৰত থকা সকলো সম্পত্তিয়েই বিনষ্ট হৈছে । চৰকাৰক পৰিয়ালটোক সহায়ৰ হাত আগবঢ়ালৈ কাতৰ অনুৰোধ জনাইছে ৰাইজে । কিয়নো ধুমুহাই সকলো তচনচ কৰি থৈ যোৱাত অসহায় হৈ পৰিছে দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া ৰজনী তালুকদাৰ ।

লগতে পঢ়ক:ধুমুহা-বৰষুণৰ তাণ্ডৱ : ঠায়ে ঠায়ে উভালি পৰিল গছ-বিদ্যুতৰ খুঁটা - Heavy Storm In Nalbari

শোকাৱহ ! গছ পৰি থিতাতে মৃত্যু এজনৰ - Heavy Storm In Bongaigaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.