ETV Bharat / state

লখিমপুৰত বুজন পৰিমাণৰ নকল সোণ উদ্ধাৰ, গ্ৰেপ্তাৰ ২

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 2:52 PM IST

Fake gold smugglers arrested
বুজন পৰিমাণৰ নকল সোণ উদ্ধাৰ

Fake gold smugglers arrested : লখিমপুৰত বৃহৎ পৰিমাণৰ নকল সোণ উদ্ধাৰ । লগতে গ্ৰেপ্তাৰ কৰা হৈছে দুজনক । অভিযোগ অনুসৰি সেনা বিষয়াক প্ৰৱঞ্চনা কৰিছিল ধৃত দুই লোকে ।

বুজন পৰিমাণৰ নকল সোণ উদ্ধাৰ

লখিমপুৰ, ১৩ ফ্ৰেব্ৰুৱাৰী : লখিমপুৰত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল সোণ, ম’বাইল, এচিড আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে । লখিমপুৰ সদৰ থানা আৰু নাওবৈচা আৰক্ষী চকীয়ে নিশা বঙালমৰা এলেকাত চলোৱা অভিযানত এই বৃহৎ পৰিমাণৰ নকল সোণ উদ্ধাৰ হয় । গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে বঙালমৰা এলেকাৰ ম'হঘুলিৰ বাবুল হুছেইন আৰু দৌলতপুৰৰ চফিকুল ইছলাম ।

বাবুল হুছেইন আৰু দৌলতপুৰৰ চফিকুল ইছলামে মাটিত পুঁতি থোৱা অৱস্থাত ৮ টা নকল সোণৰ টুকুৰা, তিনিখন নকল সোণৰ নাওসহ মুঠ এঘাৰটা নকল সোণৰ সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে । এই নকল সোণৰ সামগ্ৰীখিনিৰ ওজন ১৬ কিলোগ্ৰামৰো অধিক । নকল সোণৰ লগতে আৰক্ষীয়ে পাঁচটাকৈ ম’বাইল ফোন আৰু দুবটল নাইট্ৰিক এচিডৰ বটলো ধৃত দুই লোকৰ পৰা উদ্ধাৰ কৰে । নকল সোণ চাফা কৰা কামত এই নাইট্ৰিক এচিড ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা গৈছে ।

এই অভিযান সন্দৰ্ভত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই সদৰ থানাত সাংবাদিকৰ আগত কয় কিছুদিনৰ পূৰ্বে লখিমপুৰৰ এই দুষ্ট চক্ৰটোৱে এজন সেনা বিষয়াক প্ৰৱঞ্চনা কৰাৰ লক্ষ্য কৰি লৈছিল । তেওঁ হ’ল মধ্য প্ৰদেশৰ মুকেশ কুমাৰ ।

মুকেশ কুমাৰক লখিমপুৰৰ নকল সোণ বেহাৰ লগত জড়িত চক্ৰটোৱে জানুৱাৰী মাহত কৌশলেৰে লখিমপুৰলৈ মাতি আনিছিল । তেওঁক খাটি সোণ বিক্ৰী কৰাৰ প্ৰলোভন দি চক্ৰটোৱে লখিমপুৰলৈ মাতি আনিছিল । মুকেশ কুমাৰ আহি লখিমপুৰত উপস্থিত হোৱাৰ পিচত নকল সোণ বেহাৰ লগত জড়িত চক্ৰটোৰ তিনিজনে তেওঁক আগুৰি ধৰি আক্ৰমণ কৰে ।

লগতে মুকেশ কুমাৰৰ পৰা কাঢ়ি লৈ যায় তেওঁৰ ম’বাইল ফোন । কিন্তু কথমপি চক্ৰটোৰ কৱলৰ পৰা সাৰিবলৈ সক্ষম হয় সেনা বিষয়াজন । এই ঘটনাৰ আঁত ধৰিয়েই যোৱা নিশা আৰক্ষীয়ে চলায় এই অভিযান । উল্লেখ্য যে, আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা ম’বাইল ফোন কেইটাৰ ভিতৰত সেনা বিষয়াজনৰ পৰা কাঢ়ি নিয়া ম’বাইল ফোনটোও আছে ।

লক্ষ্যণীয় বিষয় যে, জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই লখিমপুৰত চলি থকা এই ভয়াৱহ অন্ধকাৰ জগতখনৰ কথা পোহৰলৈ আনিছিল । তেতিয়াই এই অন্ধকাৰ জগতখন উৎখাত কৰিবলৈ আনন্দ মিশ্ৰক ততাতৈয়াকৈ লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিয়োগ কৰা হৈছিল ।

আনন্দ মিশ্ৰৰ যোগদানৰ পাচতে এই ক’লা সাম্ৰাজ্যখনত কঁপনি উঠিছিল । আৰক্ষীৰ অভিযানত বহু লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহুতে স্বইচ্ছাই আত্মসমৰ্পনো কৰিছিল । এই দৃশ্যপটে জিলাখনৰ ৰাইজক সন্তুষ্টি দিলেও ক’লা বেহা চলিয়েই থাকিল ।

আনন্দ মিশ্ৰৰ ভয়ত নকল সোণ, জাল নোট আদিৰ বেহাৰ গতি কিছু স্তিমিত হ’লেও কিন্তু অন্ত নপৰিল । চলিয়েই থাকিল মদ-ভাং-ড্ৰাগছ, নকল সোণ, জালনোট আদিৰ বেহা । আৰক্ষীৰ অভিযানত সময়ে সময়ে এনে ঘটনা ধৰা পৰিলেও অবৈধ বেহা চলিয়েই থাকিল ।

কিন্তু আনন্দ মিশ্ৰৰ ভয়ত আত্মসমর্পণ কৰা নাইবা গ্ৰেপ্তাৰ হোৱা বহুতে পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰিলে । এইসকল লোকৰ কোনোবা পুনৰ অবৈধ বেহাৰে জড়িত হৈছে নেকি আৰু যোৱা নিশা গ্ৰেপ্তাৰ হোৱা দুজনৰ লগত আৰু অধিক লোক জড়িত আছে নেকি এই সমগ্ৰ দিশ আৰক্ষীয়ে নিৰীক্ষণ কৰি আছে ৷ এই কথা সদৰী কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : চুৰাইবাৰীত বৃহৎ পৰিমাণৰ নিষিদ্ধ কাহৰ চিৰাপ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.